Breaking News
Home / Local News / হাগ্ৰামাই দিলে লুৰিণজ্যোতি গগৈক দিলে উত্তৰ

হাগ্ৰামাই দিলে লুৰিণজ্যোতি গগৈক দিলে উত্তৰ

হাগ্ৰামাই দিলে লুৰিণজ্যোতি গগৈক দিলে উত্তৰ

ডিজিটেল ডেস্ক:
বিপিএফ দল অবিহনে ৰাজ্যত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে৷ ইয়াৰ বাবে দলে ৰাখিব ষ্ট্ৰেটেজী৷ এই মন্তব্য বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ৷ ৰাজ্যৰ ৰাজনীতিত পুনৰ চৰ্চালৈ আহিছে বিটিআৰৰ আঞ্চলিক ৰাজনৈতিক দলটো৷ কিয়নো সম্মুখত বিধানসভা নিৰ্বাচন৷
ৰাজ্যৰ বিজেপি, কংগ্ৰেছকে ধৰি ৰাজনৈতিক দল সমূহে নিৰ্বাচন কেন্দ্ৰীক কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে বিশেষ তাৎপৰ্য বহন কৰিছে হাগ্ৰামাৰ দৃঢ় মন্তব্যই৷ উল্লেখ্য যে, বাক্সা জিলাৰ বৰমাত শুকুৰবাৰে বিপিএফৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ বাসগৃহত অনুষ্ঠিত হয় দলটোৰ এখন গুৰুত্বপূৰ্ণ বৈঠক৷ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী, বিপিএফৰ তিনি মন্ত্ৰীৰ উপৰিও উপস্থিত থাকে কেবাজনো বিধায়ক আৰু কাৰ্যনিৰ্বাহক সদস্য৷
বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বৈঠকত দহ ফেব্ৰুৱাৰীত বৰমাত বিটিচি চুক্তি দিৱস পালন কৰিব বুলি জানিবলৈ দিয়ে৷ মহিলাৰীয়ে সমাগত বিধানসভা নিৰ্বাচনত বিটিচিত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দি কয়, বৰ্তমানলৈ কোনো দলৰ সৈতে মিত্ৰতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই৷ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে অনানুষ্ঠানিক আলোচনা চলা বুলি জানিবলৈ দি মহিলাৰীয়ে বিপিএফ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য কৰে৷ অৱশ্যে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদে হাগ্ৰামা মহিলাৰীৰ নেতৃত্ব সংঘটিত দুৰ্নীতিৰ তদন্ত কৰা সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে মহিলাৰীয়ে৷
ইফালে সাংবাদিকৰ প্ৰশ্নত জ্যেষ্ঠ নেত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মইও বিটিচি চুক্তি দিৱস পালন কৰা সন্দৰ্ভতহে আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে৷ অৱশ্যে বিধানসভা নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা কৰাৰ বিষয়ে আলোচনা হোৱা নাই বুলি উল্লেখ কৰে৷ আনহাতে হাগ্ৰামাৰ দুৰ্নীতিৰ তদন্ত কমিটী গঠন কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ইউ পি পি এলৰ নেতা-কৰ্মী সকলেহে এতিয়া পাৰ্চেন্টেজ বিচৰা আৰম্ভ কৰিছে বুলি মন্তব্য কৰে

Check Also

NDRF ৰ উদ্যোগত ধিঙৰ গতিকৰা ঘাটত ব্ৰহ্মপুত্ৰ আমন্ত্রণ “অভিযানৰ প্ৰশিক্ষণ

NDRF ৰ উদ্যোগত ধিঙৰ গতিকৰা ঘাটত ব্ৰহ্মপুত্ৰ আমন্ত্রণ “অভিযানৰ প্ৰশিক্ষণ। ধিঙৰ বৰ লুইতৰ তীৰত ঢুলীয়াৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *