আমেৰিকাৰ প্ৰকাশ কৰা অনুসৰি, এই আইনে ভাৰতীয় বজাৰৰ প্ৰভাৱ বৃদ্ধি কৰাৰ লগতে ব্যক্তিগত খণ্ডতো অধিক বিনিয়োগ কৰিব পৰাৰ সুবিধা প্ৰদান কৰিব।
ডিজিটেল ডেস্কঃ মোদী চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে ভাৰতত পথৰ পৰা সংসদলৈকে প্ৰতিবাদ এতিয়াও অব্যাহত আছে। ইয়াৰ মাজতে ভাৰতীয় কৃষকৰ বিৰুদ্ধে থিয় দিছে আমেৰিকাই ।আমেৰিকাই নতুন কৃষি আইনৰ সমৰ্থন কৰি মোদী চৰকাৰৰ পক্ষত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। আমেৰিকাই এই নতুন কৃষি আইনৰ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি কয় যে, এই আইনে ভাৰতীয় বজাৰৰ প্ৰভাৱ বৃদ্ধি কৰাৰ লগতে ব্যক্তিগত খণ্ডতো অধিক বিনিয়োগ কৰিব পৰাৰ সুবিধা লাভ কৰিব পৰা যাব। ইয়াৰোপৰি আমেৰিকাই কৃষি আইনৰ ক্ষেত্ৰত শান্তিপূৰ্ণ প্ৰতিবাদ সফল গণতন্ত্ৰৰ পৰিচয় বুলিও স্বীকাৰ কৰিছে।
উল্লেখ্য যে, ভাৰতৰ চৰকাৰ এই কৃষি আইনক লৈ এতিয়াও উত্তপ্ত হৈ আছে দিল্লী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল। প্ৰতিবাদকাৰী কৃষকে এতিয়াও চৰকাৰৰ কৃষি আইন মানি ল’বলৈ অস্বীকাৰ কৰিছে। লগতে ২৬ জানুৱাৰীত দিল্লীত শান্তিপূৰ্ণভাৱে চলি থকা এই আন্দোলন হিংসাত্মক হৈ পৰে। সেই ঘটনাৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনে কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে আন্দোলনৰ ভুৱা প্ৰচাৰৰ সন্দৰ্ভত বহু কেইজনৰ টুইটাৰ একাউন্ট বন্ধ কৰি দিবলৈও চৰকাৰে টুইটাৰক নিৰ্দেশ প্ৰদান কৰিছে।