Breaking News
Home / National and International / যৌন সংগমৰ সময়ত মস্তিষ্কৰ সিৰা ছিঙি মৃত্যু এজন যুৱকৰ।

যৌন সংগমৰ সময়ত মস্তিষ্কৰ সিৰা ছিঙি মৃত্যু এজন যুৱকৰ।

যৌন সংগমৰ সময়ত মস্তিষ্কৰ সিৰা ছিঙি মৃত্যু এজন যুৱকৰ।

ডিজিটেল ডেস্ক ফাস্ট নিউজ অসম: দক্ষিণ-পূব আফ্ৰিকাৰ মোলাউইৰ ফলাম্বিত এনে এক ঘটনা সংঘটিত হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, এগৰাকী মহিলাৰ সৈতে যৌন সম্ভোগৰ সময়তে বীর্যস্খলনৰ মাজতেই মৃত্যু ঘটে এজন যুৱকৰ। বাতৰি অনুসৰি, যুৱকজনৰ নাম চাৰ্লছ মাজাৱা। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৫ বছৰ। তেওঁ দেশখনৰ এখন পতিতালয়ৰ পৰা এগৰাকী মহিলাক বাছনি কৰিছিল আৰু তাইক এখন হোটেললৈ লৈ আনিছিল। আৰক্ষীক পতিতাগৰাাকীয়ে জনোৱা মতে সেই নিশা হোটেলত সংগমৰ পাছতেই বীর্যস্খলনৰ লগে লগে যুৱকজন ঢলি পৰি মৃত্যুক সাবটি লৈছিল। চিকিৎসকে জনোৱা মতে, উদ্দাম ৰতিক্রীড়াৰ ফলত যুৱকজনৰ হৃদস্পন্দনৰ হাৰ দ্রুত হৈ উঠিছিল। সমান্তৰালকৈ ৰক্তনলীও ফুলি উঠি ধাক্কা দিছিল মস্তিষ্কত। পৰিণামত মস্তিষ্কৰ সিৰা ছিঙি মৃত্যু ঘটিছিল যুৱকজনৰ। এই ঘটনাই সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে।

Check Also

4 Tablighi Jamaat members recount near-death experience during mob attack in Maharashtra

4 Tablighi Jamaat members recount near-death experience during mob attack in Maharashtra Mumbai: “Tum Hindustan mein …

Leave a Reply

Your email address will not be published. Required fields are marked *