Breaking News
Home / National and International / কৃষক বিদ্ৰোহ দমনৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া এক ৰামঠগ বা টোপ কি চাওক?

কৃষক বিদ্ৰোহ দমনৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া এক ৰামঠগ বা টোপ কি চাওক?

কৃষক বিদ্ৰোহ দমনৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া এক ৰামঠগ বা টোপ কি চাওক?

ডিজিটেল ডেস্ক ফাস্ট নিউজ অসম:

কেন্দ্ৰীয় চৰকাৰৰ আগন্তুক বাজেট অহাৰ প্ৰাকমূহুৰ্তত বাজেট সন্দৰ্ভত আৰম্ভ হৈছে কাম-কাজ। কৃষি আন্দোলনৰ মাজতে ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে বাজেট উত্থাপন কৰিব। এই বাজেটত কৃষি লোণৰ ক্ষেত্ৰত টকাৰ পৰিমাণ ২৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ পাইছে। এইবাৰ যিহেতু দেশত কৃষি আন্দোলন চলি আছে সেই সূত্ৰে এইবাৰ চৰকাৰে কৃষি লোণৰ মাত্ৰা অধিক বৃদ্ধি কৰাৰ কথা প্ৰকাশ পাইছে। বহুতে এয়া কৃষক বিদ্ৰোহ দমনৰ এক কৌশল বুলি অভিহিত কৰিছে। আকৌ আন একাংশই এয়া কৃষক বিদ্ৰোহ দমনৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া এক ৰামঠগ বা টোপ বুলি অভিহিত কৰিছে। এক খবৰ অনুসৰি ২০২১-২২ বৰ্ষত চৰকাৰে কৃষি লোণৰ পৰিমাণ ১৯ লাখ কোটি টকা বৃদ্ধি কৰিব পাৰে। উল্লেখ্য যে ২০২০-২১ বৰ্ষত কৃষি লোণৰ পৰিমাণ আছিল ১৫ লাখ কোটি টকা।

Check Also

4 Tablighi Jamaat members recount near-death experience during mob attack in Maharashtra

4 Tablighi Jamaat members recount near-death experience during mob attack in Maharashtra Mumbai: “Tum Hindustan mein …

Leave a Reply

Your email address will not be published. Required fields are marked *