মিছা অভিযোগত ৫ বছৰে কাৰাবাস দম্পতীৰ, হেৰাই আছে দুই কণমানি সন্তান:
মিছা অভিযোগত ৫ বছৰে কাৰাবাস দম্পতীৰ, হেৰাই আছে দুই কণমানি সন্তান:
ডিজিটেল ডেস্ক: এক আচৰ্য্যজনক ঘটনা। তদন্তকাৰী আৰক্ষীৰ গাফিলতিৰ বাবে মিছা অভিযোগত ৫ বছৰে কাৰাবাস খাটিলে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এক দম্পতীয়ে।
৫ বছৰীয়া কাৰাবাস শেষ কৰি কাৰাগাৰৰ পৰা ওলায়েই দম্পতীহালে বিচাৰ কৰিলে নিজৰ ৫ বছৰীয়া পুত্ৰ আৰু ৩ বছৰীয়া কন্যাক।
পিতৃ-মাতৃৰ অনুপস্থিতিত দুই সন্তানক অনাথ আশ্ৰমত ৰাখিলে কোনো অজান লোকে। কিন্তু বৰ্তমানেও সন্তানৰ সন্ধান পোৱা নাই পিতৃ-মাতৃয়ে।দম্পতী দ্বয়ৰ নাম নৰেন্দ্ৰ সিং (৪০) আৰু নাজমা (৩০)। দুয়োকে ২০১৫ ত গ্ৰেপ্তাৰ কৰা হৈছিল আগ্ৰাত।
দুয়োকে মুকলি কৰি দিবলৈ নিৰ্দেশ দি অতিৰিক্ত জিলা আৰু সত্ৰ আদালতে জনায় যে, প্ৰকৃত দোষী বৰ্তমানেও মুকলি আকাশৰ তলত থাকি আন ব্যক্তি মিছা অভিযোগত ইমান দিনে কাৰাবাস খটাতো অত্যন্ত দুৰ্ভাগ্যজনক।
আদালতে জ্যেষ্ঠ আৰক্ষী অধীক্ষকক যাৰ বাবে এনে দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ’ল তেওঁৰ বিৰুদ্ধে অনুসন্ধান কৰিবলৈ জনায়। ইয়াৰোপৰি আদালতে পূৰ্বৰ তদন্তকাৰী আৰক্ষী উপ-পৰিদৰ্শক জনৰ বিৰুদ্ধে পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে। পুনৰ তদন্ত কৰিবলৈও নিৰ্দেশ দিয়ে।
সন্তান সন্দৰ্ভত দম্পতীহালে কয় যে, ‘আমাৰ সন্তানৰ কি দোষ আছিল অনাথ আশ্ৰমলৈ পঠাবলৈ। আমাক আৰক্ষীয়ে সহায় কৰক এতিয়া।’