আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিপৰীত স্থিতি গ্ৰহণেৰে প্ৰথমটো পদক্ষেপ ললে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি বাইডেন:
৪৬সংখ্যক আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপত লোৱাৰ পাছতে অতি সক্ৰিয়তাৰে কামত ধৰিছে জ’ বাইডেনে। কাৰ্যকালৰ প্ৰথম দিনটোতে প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গ্ৰহণ কৰা এক সিদ্ধান্ত বিৰোধী স্থিতিত থিয় দিয়া দেখা গ’ল বাইডেনক।
জলবায়ুৰ পৰিৱৰ্তনৰ সৈতে যুজিঁবলৈ বাইডেনে পুনৰ আন্তৰাষ্ট্ৰীয় পেৰিছ জলবায়ু চুক্তিৰ সৈতে চামিল হৈছে আমেৰিকা। এই বিষয়ৰ সন্দৰ্ভত বাইডেনে এক চুক্তিপত্ৰতো চহী কৰিছে। উল্লেখ্য যে, বিগত দিনত আমেৰিকা এই চুক্তিৰ পৰা বাহিৰত আছিল।
উল্লেখ্য যে, শপত গ্ৰহণৰ কেইটামান ঘন্টাৰ পাছতে বাইডেনে এই চুক্তিত স্বাক্ষৰ কৰিছে। আগন্তুক দিনত আৰু বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা চিন্তা-চৰ্চা কৰিছে নতুন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ ইংগিত তেওঁ টুইটাৰ পোষ্টৰ জৰিয়তেই পোৱা গৈছে।