NDRF ৰ উদ্যোগত
ধিঙৰ গতিকৰা ঘাটত ব্ৰহ্মপুত্ৰ আমন্ত্রণ “অভিযানৰ প্ৰশিক্ষণ।
ধিঙৰ বৰ লুইতৰ তীৰত ঢুলীয়াৰ ৰূপত এদল নাচনী। লগত এডল ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী। এই সকলৰ কোনোৱে যদি ঢুলৰ চেৱত বিহু গীত জুৰিছে,আন কোনোৱে আকৌ গীতাৰ বজাই গীত জুৰিছে।কিন্তু তাৰ সমান্তৰাল ভাবে বৰ লুইতৰ বুকুত একাংশ ৰাষ্ট্ৰীয় শিকাৰ্থী বাহিনীৰ লোকে নামি পৰিছে উদ্ধাৰ অভিযানত। তেনে এক দৃশ্যই আজি দেখিবলৈ পোৱা গল ধিঙৰ গতিকৰা ঘাটত।
উল্লেখ্য যে, আজি
NDRF বাহিনীৰ উদ্যোগত নগাঁও জিলাৰ ধিঙৰ ব্ৰহ্মপুত্ৰৰ গতিকৰা ঘাটত কেন্দ্রীয় চৰকাৰৰ “ব্ৰহ্মপুত্ৰ আমন্ত্রণ’অভিযানৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।ভূমিকম্প অথবা বানপানীৰ লগতে অন্য আপাতকালীন সময়ত দুৰ্গত সকলক কেনকৈ উদ্ধাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, সেই বিষয়ে আজি ধিং মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্য সকলৰ লগতে অন্য ছাত্র-ছাত্ৰী সকলৰ মাজত দুৰ্যোগকালীন এক প্ৰশিক্ষণ প্ৰদান কৰা হয়।
। খৰস্ৰোতা নৈৰ বিশেষজ্ঞ শুভাশিষ শ্বেখাৱতৰ নেতৃত্ব NDRF ৰ 1A বেটেলিয়ানে প্ৰদান কৰে এই প্ৰশিক্ষণ। প্ৰশিক্ষণ স্থলীৰ পৰাই স্বৰ্ণ কন্যা হিমা দাসৰ সৈতে বাৰ্তালাপত মিলিত হয় শ্বেখাৱত। এনে এক কাৰ্যসূচী ধিঙত গ্রহণ কৰাক লৈ হিমা সংশ্লিষ্ট পক্ষলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড°বিমান হাজৰিকাই।
অনুষ্ঠানত ধিং মহাবিদ্যালয়ৰ শিক্ষক গোটৰ লগতে ধিঙৰ চক্র বিষয়াও উপস্থিত থাকে।
ডুমডুমীয়াৰ পৰা আবদুল আজিজৰ ৰিপৰ্ট ফাস্ট নিউজ অসম ।