Breaking News
Home / Local News / ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ দেওবাৰে সামৰণী

৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ দেওবাৰে সামৰণী

৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ দেওবাৰে সামৰণী

নতুন প্রজন্মই কিতাপ নপঢ়ে বুলি থকা ধাৰণা নস্যাৎ কৰিলে গুৱাহাটী গ্রন্থমেলাই৷ গ্রন্থমেলাত নতুন প্রজন্মৰ পঢ়ুৱৈয়ে বহু টকাৰ গ্রন্থ ক্রয় কৰিছে৷ –এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ৷ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত যোৱা ৩০ ডিচেম্বৰৰ পৰা প্রকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ দেওবাৰে সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্রহণ কৰি কুলধৰ শইকীয়াই লগতে কয়– গুৱাহাটী গ্রন্থমেলাত বহু টকাৰ গ্রন্থ বিক্রী হৈছে৷ গ্রন্থৰ ভাল ব্যৱসায় হৈছে৷ তৰুণ–তৰুণীয়ে কিতাপ নপঢ়ে বুলি প্রায়ে অভিযোগ উঠে৷ কিন্তু যুৱ প্রজন্মই কিতাপ নপঢ়িলে গ্রন্থমেলাত ইমান টকাৰ কিতাপ বিক্রী নহ’লহেঁতেন৷ গতিকে নতুন প্রজন্মই কিতাপ নপঢ়ে বুলি অভিযোগ কৰিব নালাগে৷ আনহাতে, বর্তমান সময়ত বহুতে কেৱল অনলাইনত ই–বুক পঢ়ে তেনে নহয়, ইয়াৰ প্রমাণ কৰিছে গুৱাহাটী গ্রন্থমেলাই৷ নতুন কিতাপ এখন হাতত লৈ যি সুবাস পোৱা যায়, সেয়া ই–বুকত পোৱা নাযায়৷ গ্রন্থমেলাত নতুন প্রজন্মৰ উছাহভৰা অংশগ্রহণে ভাষা–সাহিত্য আৰু গ্রন্থ উদ্যোগৰ প্রতি আশাৰ বতৰা কঢ়িয়াইছে৷ ইণ্টাৰনেট কিম্বা বৈদ্যুতিন মাধ্যমে গ্রন্থ নিঃশেষ কৰিব বুলি ভবাটো ভ্রান্ত ধাৰণা৷ জীৱনৰ সৈতে ছপা কিতাপৰ ওতপ্রোত সম্পর্ক আছে৷ গুৱাহাটী গ্রন্থমেলাৰ বিশাল জনসমাগমে ইয়াকে প্রতিপন্ন কৰিছে৷ অসম প্রকাশন পৰিষদে ক’ভিডৰ প্রত্যাহ্বান নেওচি গ্রন্থমেলা অনুষ্ঠিত কৰি গ্রন্থ উদ্যোগ তথা ভাষা–সাহিত্যক গতি প্রদান কৰিলে৷ তেওঁ লগতে কয়– মোৰ ভাষা মোৰ গৌৰৱ– এই দর্শন হূদয়ংগম কৰিলে মাতৃভাষাৰ আয়ুসৰেখাৰ প্রতি কোনো সংশয় সৃষ্টি হোৱাৰ অৱকাশ নাথাকে৷ ভাৰতীয় সাহিত্যৰ ইতিহাস খুঁচৰিলে দেখা যায় যে অসমীয়া ভাষাতে প্রথম গদ্য ৰচিত হৈছিল৷ সেয়ে আমি আমাৰ মাতৃভাষাক লৈ গৌৰৱান্বিত হোৱা উচিত৷
অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশগ্রহণ কৰি বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে গ্রন্থমেলাৰ উছৱমুখৰ পৰিৱেশ দেখি অভিভূত হৈ পৰা বুলি উল্লেখ কৰে৷ তেওঁ কয়– গ্রন্থমেলাত ইমান মানুহ আগতে দেখা নাছিলোঁ৷ গ্রন্থ বিক্রীৰ হাৰ বৃদ্ধি হোৱা বুলি জানিব পাৰিছোঁ৷ এয়া বৰ আনন্দৰ কথা৷ গ্রন্থমেলা যদিও মেলা, ইয়াত মানুহৰ জীৱন–দর্শন প্রতিফলিত হয়৷ ভাষা, সাহিত্য, জ্ঞান চর্চাৰ কার্যসূচীয়ে গুৱাহাটী গ্রন্থমেলাক মহত্ত্ব প্রদান কৰিছে৷ আজিকালি স্মার্টফোনে গ্রন্থৰ প্রতি থকা মানুহৰ সমাদৰ হ্রাস হোৱা বুলি কোৱা শুনা যায় যদিও এই কথা গুৱাহাটী গ্রন্থমেলাত হোৱা পঢ়ুৱৈ সমাজৰ উপস্থিতিয়ে ইয়াৰ সত্যতা নুই কৰিছে৷ ইয়াৰ পূর্বে সামৰণী অনুষ্ঠানৰ আদৰণী ভাষণ প্রদান কৰে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই৷ তেওঁ কয় যে বিশ্বজোৰা প্রতিকূলতাৰ পাছত ভাৰতবর্ষৰ ভিতৰত এইখনেই প্রথম গ্রন্থমেলা৷ এইবেলি গ্রন্থমেলা অনুষ্ঠিত কৰাটো প্রত্যাহ্বান আছিল৷ কিন্তু প্রকাশন গোষ্ঠীসমূহৰ সমান্তৰালকৈ সংবাদ মাধ্যম আৰু লেখক–পাঠক, গ্রন্থপ্রেমীৰ ইতিবাচক সঁহাৰিৰ বাবেই গুৱাহাটী গ্রন্থমেলা সফলভাৱে অনুষ্ঠিত কৰিব পৰা গ’ল৷ কলিতাই লগতে কয়– ক’ৰোনাৰ প্রত্যাহ্বানৰ মাজতো প্রকাশন পৰিষদে এলানি বিশেষ কার্যসূচী হাতত লৈছিল৷ ইয়াৰ ভিতৰতে ৪০খন নতুন গ্রন্থ ছপা আৰু ৩৯খন গ্রন্থ পুনৰ মুদ্রণৰ লগতে অসমীয়া ভাষা কম্পিউটাৰত ব্যৱহাৰযোগ্য আৰু ছপাযোগ্য লিপি উপলব্ধ কৰা৷ ইতিমধ্যে কম্পিউটাৰত ব্যৱহাৰযোগ্য লিপিৰ কাম সম্পূর্ণ হৈ উঠিছে৷ একেদৰে অসমীয়া ভাষাৰ প্রথমখন শ্রব্য অভিধানৰ কাম ৯৫ শতাংশ সমাপ্ত হৈছে৷ এয়া অনলাইনত ভাষা, সাহিত্য চর্চাকাৰীসকলৰ বাবে নিশ্চিতভাৱে শুভ সংবাদ৷ গ্রন্থমেলাত ১৩খন গ্রন্থ উন্মোচন কৰাৰ লগতে বাকী গ্রন্থসমূহ বিক্রীৰ ব্যৱস্থা কৰা হৈছে৷ তেওঁ লগতে বড়ো, ৰাভা, বিষ্ণুপ্রিয়া মণিপুৰী, তিৱা, মিচিং, কার্বি, দেউৰী চাহ জনগোষ্ঠী আদিকে ধৰি অসমৰ সকলো জনগোষ্ঠীয় ভাষাৰ গ্রন্থ প্রকাশেৰে ভাষা–সাহিত্যৰ জৰিয়তে এখন বৰ অসম গঢ়াৰ চেষ্টা কৰা হৈছে৷ অনুষ্ঠানত সভাপতিত্ব কৰি অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই কয় যে অসম প্রকাশন পৰিষদ জাতীয় জীৱনৰ ৰাজহুৱা অনুষ্ঠানত পৰিণত হৈছে৷ প্রকাশন পৰিষদে জাতীয় জীৱনক সমৃদ্ধ কৰিছে৷ চলিহাই লগতে ই–বুকৰ বিপুল জনপ্রিয়তাৰ মাজতো গুৱাহাটী গ্রন্থমেলাত ছপা গ্রন্থৰ প্রচলন তথা ক্রয়–বিক্রয় প্রক্রিয়া গ্রন্থপ্রেমীসকলে ত্বৰান্বিত কৰাৰ বাবে ধন্যবাদ জনায়৷ অনুষ্ঠানত অংশগ্রহণ কৰা বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোচা আৰু গ্রন্থৰ টোপোলাৰে সম্বর্ধনা জনোৱাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় সচিব প্রমোদ কলিতাই৷

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ আদি বিভাগৰ মন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ড০ হিমন্ত বিশ্ব শর্মাই সামৰণী অনুষ্ঠানত সভাপতি ৰূপে অংশগ্রহণ কৰাৰ কথা আছিল যদিও বিশেষ কার্যসূচীৰ বাবে নতুন দিল্লীলৈ যাবলগীয়া হোৱাত অনুষ্ঠানত অংশগ্রহণ কৰিব নোৱাৰিলে৷ অৱশ্যে তেওঁ গ্রন্থপ্রেমীসকললৈ এক বার্তাযোগে ধন্যবাদ জনায়৷ উল্লেখ্য যে প্রকাশন পৰিষদে ১২ দিনীয়াকৈ অনষ্ঠিত কৰা ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ আজি অন্তিম দিনাও লক্ষাধিক গ্রন্থপ্রেমীৰ সমাগমত উছাহৰ ধল বয় চানমাৰি বাকৰিত৷ পুৱাৰে পৰা গ্রন্থমেলালৈ জনস্রোত সৃষ্টি হোৱাত অভিলেখসংখ্যক কিতাপ বিক্রীৰ পৰিসংখ্যায়ো লেখক–প্রকাশক–পাঠ্ সকলোকে উৎসাহিত কৰি তুলিছে৷ আজি গ্রন্থমেলাত ডেৰ লক্ষাধিক টকাৰ কিতাপ বিক্রী হয়৷ গ্রন্থমেলাৰ অন্তিম দিনটোলৈকে অকল প্রকাশন পৰিষদৰ ১২ লক্ষাধিক টকাৰ গ্রন্থ বিক্রী হয়৷ আজিৰ দিনটোলৈ গ্রন্থমেলাত ১০ কোটি টকাৰ কিতাপ বিক্রী হয়৷ এই বিক্রীয়ে প্রকাশন পৰিষদৰ সকলো অভিলেখ ভংগ কৰি নতুন ইতিহাস ৰচনা কৰিছে৷ সামৰণী অনুষ্ঠানৰ পাছত গ্রন্থমেলাৰ অন্তিম সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানে হাজাৰ হাজাৰ গ্রন্থপ্রেমীৰ মন জয় কৰে৷ সাংস্কৃতিক অনুষ্ঠানতে অপৰাজিতা ভূঞাৰ প্রযোজনাত আৰু অৰুণজিৎ বৰাৰ পৰিচালনাৰে নির্মিত মিড নাইট ছং শীর্ষক চলচ্চিত্রখনৰ প্রমোচন প্রদর্শন কৰা হয়৷

Check Also

বিশিষ্ট লেখক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীক জন্মদিনৰ ওলগ দেশ-বিদেশৰ গুণমুগ্ধৰ:

বিশিষ্ট লেখক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীক জন্মদিনৰ ওলগ দেশ-বিদেশৰ গুণমুগ্ধৰ: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক, প্ৰবন্ধকাৰ, কবি …

Leave a Reply

Your email address will not be published. Required fields are marked *