সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ৰ সপ্তম বৰ্ষত পদাৰ্পণ
মৈৰাবাৰী, ১১ জানুৱাৰীঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ই কালি সপ্তম বৰ্ষত পদাৰ্পণ কৰে। যুৱ কবি মুহাম্মাদ আফজালৰ সঞ্চালনত নতুন বছৰৰ প্ৰথম অনুষ্ঠানটি কালি বিয়লি মৈৰাবাৰী কলেজ ৰোডত ‘খাইৰ প্ৰকাশন’ৰ কাৰ্য্যালয়ৰ সন্মুখত অনুষ্ঠিত হৈ যায়। ‘বাটৰ কবিতা’ৰ সমন্বয়ক তথা ‘খাইৰ প্ৰকাশন’ৰ স্বত্বাধিকাৰী খাইৰুল ইছলামে ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে। ইয়াৰ পাছতে কবিতা পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰি গীত আৰু কবিতা পাঠ কৰে ক্ৰমে খালিদ মহম্মদ জাকাৰীয়া হুছেইন, জিন্নাতুল ইছলাম, খাইৰুল ইছলাম, আশ্বিক ৰাব্বানী, আশ্ৰাফুল হক আৰু মুহাম্মাদ আফজালে। সঞ্চালক মুহাম্মাদ আফজালে পঠিত কবিতাসমূহৰ নিৰ্মোহ পৰ্যালোচনা আগবঢ়াই কয় যে বিগত ছয় বছৰে অসমৰ বিভিন্ন প্ৰান্তৰ কবিয়ে ‘বাটৰ কবিতা’ত অংশগ্ৰহণ কৰি অহাৰ বাবেই এই জনমুখী কাব্যানুষ্ঠানটিয়ে বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ নৱ প্ৰজন্মক সাহিত্য সাধনাত ব্ৰতী হৈ সমাজৰ কল্যাণ সাধনৰ হকে কাম কৰিবলৈ আহ্বান জনায়। তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা খাইৰ প্ৰকাশনে আহ্বান জনাইছে।