প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা নজৰুল ইছলামৰ দুৰ্গত খহনীয়া। প্ৰায় শতাধিক পুৰুষ-মহিলা কংগ্ৰেছ কৰ্মীৰ এ আই ইউ ডি এফ দলত যোগদান।
po
আগন্তুক ২০২১চনৰ বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত লাহৰীঘাট সমষ্টিত ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে এ আই ইউ ডি এফ দলৰ নেতা-কৰ্মী সকলে। কংগ্ৰেছ দলৰ ৪২ বছৰীয়া দুৰ্গ হিচাপে খ্যাত লাহৰীঘাট বিধান সভা সমষ্টি ২০২১ৰ বিধান সভা নিৰ্বাচনত এ আই ইউ ডি এফ দলৰ দখললৈ নিয়াৰ বাবে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ গুৰুত্ব আৰোপ কৰিছে এ আই ইউ ডি এফ দলৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি তথা আগন্তুক বিধান সভা নিৰ্বাচনৰ লাহৰীঘাট সমষ্টিৰ এ আই ইউ ডি এফ ডি এফ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ছিদ্দিক আহমেদে। আজি লাহৰীঘাট বিধান সভা সমষ্টিৰ বালিডোঙা গাওঁ পঞ্চায়তৰ ৰাজহুৱা পেক্ষাগৃহত এ আই ইউ ইউ ডি এফ দলৰ যোগদান সভা অনুষ্ঠিত হয়। সভাখনত প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা নজৰুল ইছলামৰ কাৰ্যৰ ওপৰত ক্ষোভিত হৈ প্ৰায় শতাধিক পুৰুষ-মহিলা কংগ্ৰেছ কৰ্মীয়ে এ আই ইউ ডি এফ দলত যোগদান কৰে। সভাখনত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ডা নজৰুল ইছলামক তীব্ৰ সমালোচনা কৰে। এ আই ইউ ডি এফ দলৰ নেতা-কৰ্মী সকলে।