Breaking News
Home / Local News / বিশিষ্ট লেখক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীক জন্মদিনৰ ওলগ দেশ-বিদেশৰ গুণমুগ্ধৰ:

বিশিষ্ট লেখক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীক জন্মদিনৰ ওলগ দেশ-বিদেশৰ গুণমুগ্ধৰ:

বিশিষ্ট লেখক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীক জন্মদিনৰ ওলগ দেশ-বিদেশৰ গুণমুগ্ধৰ:

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক, প্ৰবন্ধকাৰ, কবি ‘শ্বেৰে অসম’ মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীৰ আজি ৬ জানুৱাৰী তাৰিখে জন্মদিন৷ এই উপলক্ষে ভাৰতীয় উপ মহাদেশৰ লগতে ইউকে, শ্ৰীলংকা আদি দেশৰ পঢ়ুৱৈ সমাজে লেখক নূৰীৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু বৌদ্ধিক জীৱনৰ মংগল কামনা কৰি শুভেচ্ছা বাৰ্তা পঠোৱা পৰিলক্ষিত হৈছে৷ শ্ৰীলংকাৰ বিশিষ্ট ইছলামী গৱেষক, সুবক্তা আল্লামা হাফিজ এহছান ইক্ববাল ক্বাদিৰীয়ে কয়, মহান সৃষ্টিকৰ্তাই যেন লেখক নূৰীক সুস্বাস্থ্যযুক্ত দীৰ্ঘ জীৱন দান কৰে আৰু মছলকে আলা হযৰতৰ খিদমত কৰি যাবলৈ সামৰ্থ্য দিয়ে৷ বাংলাদেশৰ পীৰে ত্বৰীক্বত মুফতী এছএম ছাকিউল কাউচাৰে কয়, সৃষ্টিকৰ্তাই নূৰীৰ জীৱনৰ সকলো দিশত সুখ আৰু সমৃদ্ধি দান কৰক৷ ইউকে নিবাসী মুহাম্মাদ শ্বামছউদ্দিনে কয়, সৃষ্টিকৰ্তাই নূৰীৰ লগতে পৰিয়ালবৰ্গক মংগল কৰক৷ পঢ়ুৱৈ সমাজৰ মৰম আৰু চেনেহ সাৰোগত কৰি লেখক নূৰীৰ জীৱনৰ আগন্তুক বৰ্ষটো অধিক ফলপ্ৰসূভাৱে আগবাঢ়ি গৈ লক্ষ্যস্থানত উপনীত হ’বলৈ শুভেচ্ছা প্ৰদান কৰে পশ্চিমবঙ্গৰ ড° মুফতী নুৰুল আৰিফীন ৰেজৱী আঝহাৰী, মুফতীয়ে আ’জ্বম বাঙ্গাল শ্বাইখ গোলাম ছামদানী ৰেজৱী, শ্বেৰে বাংগাল আল্লামা শ্বামিমুজ্জামান ক্বাদিৰী, ফক্বীহে বাঙ্গাল মুফতী আলীমুদ্দিন ৰেজৱীয়ে৷ উল্লেখ্য যে লেখক নূৰীয়ে ২৩ খনতকৈ অধিক গ্ৰন্থৰ লগতে অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা, দৈনন্দিন বাৰ্তা, দৈনিক অগ্ৰদূত, দৈনিক গণ অধিকাৰ আদিত প্ৰবন্ধপাতি প্ৰকাশ, ভালেকেইখন আলোচনী, স্মৃতিগ্ৰন্থ সম্পাদনা কৰাৰ লগতে লিফলেট প্ৰকাশ, ফেচবুক, হোৱাটছএপ আদিত জন সচেতনামূলক প্ৰধানতঃ গল্প, কবিতা প্ৰকাশ আদি বিভিন্ন আধ্যাত্মিক আৰু বৌদ্ধিক চৰ্চাৰ লগত জড়িত হৈ আছে৷ ইয়াৰোপৰি ৰাজা ফাউণ্ডেশ্যন, অসম নামৰ গৱেষণা আৰু বৌদ্ধিক তথা আধ্যাত্মিক অনুষ্ঠানটোৰ সৈতে জড়িত হৈ বিগত ১৫ বছৰ জুৰি সমগ্ৰ অসমত ইছলাম আৰু মছলকে আ’লা হযৰতৰ বিকাশ, বৃদ্ধি আৰু সংস্কাৰত একান্ত গভীৰভাৱে মনোনিৱেশ কৰি আহিছে৷ এইবোৰৰ উপৰিও বিভিন্ন সভা-সমিতিত নিজৰ সাৰগৰ্ভ ভাষণ প্ৰদান কৰি সাধাৰণ জনতাক ইছলামৰ বাট দেখুৱাই আহিছে৷ সেয়ে লেখকজনৰ জন্মদিন উপলক্ষে আজি গুণমুগ্ধসকলে শুভেচ্ছা বাৰ্তা, ফুলৰ থোপা আৰু বিভিন্ন ধৰণৰ উপহাৰ আগবঢ়ায়৷

Check Also

NDRF ৰ উদ্যোগত ধিঙৰ গতিকৰা ঘাটত ব্ৰহ্মপুত্ৰ আমন্ত্রণ “অভিযানৰ প্ৰশিক্ষণ

NDRF ৰ উদ্যোগত ধিঙৰ গতিকৰা ঘাটত ব্ৰহ্মপুত্ৰ আমন্ত্রণ “অভিযানৰ প্ৰশিক্ষণ। ধিঙৰ বৰ লুইতৰ তীৰত ঢুলীয়াৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *