Breaking News
Home / Local News / মথাউৰি পুনৰ নিৰ্মাণৰ দাবীত গোৱালপাৰা লক্ষীপুৰ চিলাৰভিটা নদীৰ পাৰত CRT,মিঞা পৰিষদৰ অৱস্থান ধৰ্মঘট: মুখ্যমন্ত্ৰীলৈ ৭ দফীয়া স্মাৰক পত্ৰ:

মথাউৰি পুনৰ নিৰ্মাণৰ দাবীত গোৱালপাৰা লক্ষীপুৰ চিলাৰভিটা নদীৰ পাৰত CRT,মিঞা পৰিষদৰ অৱস্থান ধৰ্মঘট: মুখ্যমন্ত্ৰীলৈ ৭ দফীয়া স্মাৰক পত্ৰ:

মথাউৰি পুনৰ নিৰ্মাণৰ দাবীত গোৱালপাৰা লক্ষীপুৰ চিলাৰভিটা নদীৰ পাৰত CRT,মিঞা পৰিষদৰ অৱস্থান ধৰ্মঘট: মুখ্যমন্ত্ৰীলৈ ৭ দফীয়া স্মাৰক পত্ৰ:

কাঠুৰী-চিলাৰভিটা মথাউৰি পুনৰ নিৰ্মাণ,RCC Dyke Cum High Way নিৰ্মাণেৰে ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰা আদিৰ দাবীত অসম মিঞা (অসমীয়া) পৰিষদ, Citizes Rights Trusts (CRT) ৰ উদ্যোগত বিভিন্ন জাতীয় সংগঠনৰ সহযোগত অনুষ্ঠিত কৰা অৱস্থান ধৰ্মঘট ৰ পৰা স্মাৰক পত্ৰ প্ৰদান।
মহোদয়,
পূৰ্বৰদৰে 2020 চনৰ ভয়াবহ বান-গঢ়াখহনীয়াই চকুৰ পলকতে হাজাৰ হাজাৰ মানুহৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ ফলত নিমিষতে অগণন পৰিয়াল গৃহহীন হৈ মথাউৰি আলিবাটৰ দাঁতিত ইতঁৰ প্ৰাণীৰ দৰে জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে। হাজাৰ হাজাৰ বিঘা খেতি মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে, বালিৰ তলত পোত গৈছে । বহু এলেকা ক্ষন্তেকতে মৰুভূমি-মৰিশালি লৈ ৰূপান্তৰ হৈছে। উল্লেখ্য যে যোৱা 6 জুলাই 2020 তাৰিখে চিলাৰভিটা-কাঠুৰী মথাউৰি ব্ৰহ্মপুত্ৰৰ প্ৰৱল গঢ়াখহনীয়াই খহাই নিয়াৰ পৰিপ্ৰেক্ষিতত জলেশ্বৰ আৰু পশ্চিম গোৱালপাৰা সমষ্টিবাসী ৰাইজৰ দুখ-দুৰ্গতি কুলাই পাচিয়ে নধৰা হৈছে। সম্প্ৰতি এশ এবুৰি সমস্যাৰ সৃষ্টি কৰা উল্লিখিত ছিঙা মথাউৰি যোৱা ছয় মাহত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ নকৰাত আগন্তুক বানপানীৰ ত্ৰাসত সৰ্ব সাধাৰণ ৰাইজ উৱাদিহ নোপোৱা হৈছে। এনেস্থলত ছিঙা মথাউৰি পুনৰ নিৰ্মাণ কৰি স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ বিকল্প নাই। এনে এক জঠিল সন্ধিক্ষণত গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলাৰভিটা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অনুষ্ঠিত কৰা অৱস্থান ধৰ্মধট ৰ পৰা 5 দফীয়া দাবী সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ।
দাবীসমূহ :-
(1) চিলাৰভিটা-কাঠুৰী মথাউৰি পুনৰ নিৰ্মাণ কৰক:- চিলাৰভিটা- কাঠুৰী মথাউৰি পুনৰ নিৰ্মাণ নকৰাত জলেশ্বৰ আৰু পশ্চিম গোৱালপাৰা সমষ্টিবাসী কৃষিজীৱি ৰাইজ চৰম দুশ্চিন্তাত দিন পাৰ কৰিব লগীয়া হৈছে। কিয়নো চলিত ডিচেম্বৰ মাহত মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে এই অঞ্চলৰ মানুহৰ জীৱিকাৰ একমাত্ৰ উৎস ইৰি ধানৰ খেতি কৰিবলৈ কৃষকে সাহস গোটাব পৰা নাই। গতিকে অহা 25 ডিচেম্বৰৰ ভিতৰত উক্ত মথাউৰি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবই লাগিব।
(2) ব্ৰহ্মপুত্ৰৰ প্ৰৱল গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে গোৱালপাৰা জিলাৰ খোৰমুজাৰ পৰা ধুবুৰীজিলাৰ ফকিৰগঞ্জ লৈ প্ৰতি 300 মিটাৰ অন্তৰে অন্তৰে বল্ডাৰ স্পাৰৰ ব্যৱস্থা কৰিব লাগে।
(3)RCC মথাউৰি নিৰ্মাণেৰে বান-গঢ়াখহনীয়াৰ স্থায়ী সমাধান কৰিব লাগে:- বালিৰে মথাউৰি নিৰ্মাণ, পাৰ্কুপাইন দিয়া আদি প্ৰচলিত ব্যৰ্থ ব্যৱস্থাৰ দ্বাৰা বান-গঢ়াখহনীয়া সমস্যাৰ কোনো স্থায়ী সমাধানৰ মুখ ৰাইজে দেখা নাই। উক্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিলে 2/4 বছৰৰ ভিতৰত জলেশ্বৰ, পশ্চিম গোৱালপাৰা সমষ্টিকে আদিকৰি অসমৰ বহু এলেকা ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাটো নিশ্চিত। গতিকে ব্ৰহ্মপুত্ৰৰ মাজ ভাগত 1/2 কি:মি: খান্দি দি দুয়ো পাৰে RCC Dyke cun Highway নিৰ্মাণেৰে বান- গঢ়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰি লাখ লাখ খেতি মাটি উদ্ধাৰ কৰিব লাগে। তেতিয়া দিকভ্ৰান্ত খিলঞ্জীয়া ৰাইজৰ জীৱিকাৰ বিভিন্ন পন্থা ওলাব। যাতায়ত ব্যৱস্থা উন্নত হ’ব। উদ্যোগ আদি প্ৰতিষ্ঠা হ’ব। এইদৰে ব্ৰহ্মপুত্ৰক খিলঞ্জীয়া অসমীয়াৰ বাবে আশীৰ্বাদ লৈ ৰূপান্তৰ কৰিবলৈ অহা 31 ডিচেম্বৰৰ ভিতৰত RCC Dyke cun Highway নিৰ্মাণৰ কাম আৰম্ভ কৰিবই লাগিব।
(4)বান-গঢ়াখহনীয়াত গৃহহীন হোৱা পৰিয়ালসমূহক নদীভঙ্গৰ প্ৰমাণপত্ৰ প্ৰদানেৰে পুনৰ সংস্থাপন কৰিবই লাগিব।
(5) সদ্য বানপানীত ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিবই লাগিব।
(6)আমি CRT য়ে পূৰ্বেই চুনাৰীৰ পৰা ফকিৰগঞ্জলৈ ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে ৫০০ কোটি টকাৰ বিশেষ আচনিৰ জৰিয়তে জিও বেগ অথবা বল্ডাৰ পিট্চিংৰ জৰিয়তে প্ৰতিৰোধ গঢ়িবলৈ কৰা দাবী অতিশীঘ্ৰেই পূৰণ কৰাৰ দাবী। (৭) বান খহনীয়াৰ বিধ্বস্ত বাট পথ দলং আদি ক্ষীপ্ৰ গতিত মেৰামতি কৰিব লাগে।
সৰ্বশেষতউল্লিখিত দাবী সমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত পুৰণ কৰিবলৈ পুনৰ দোহাৰিছো। ইয়াৰ অন্যথায় তীব্ৰ আন্দোলনৰ কাৰ্য্যসূচী লোৱা হ’ব। তেতিয়া সৃষ্টি হ’ব পৰা যিকোনো অনাকাঙ্ক্ষিত পৰিস্থিতিতৰ বাবে চৰকাৰেই দায়ী থাকিব লাগিব।
(1)মাননীয় মন্ত্ৰী,অসম
জলসম্পদ বিভাগ,অসম সচিবালয়,দিছপুৰ, গুৱাহাটী-6
(2)মাননীয় মন্ত্ৰী ,অসম
বিত্ত বিভাগ,অসম সচিবালয়,দিছপুৰ, গুৱাহাটী -6
(3)মাননীয়া উপায়ুক্ত,
গোৱালপাৰা জিলা,গোৱালপাৰা
(4)মাননীয় চক্ৰ বিষয়া, লক্ষীপুৰ ৰাজহ চক্ৰ, লক্ষীপুৰ। আদি কৰি এইদৰেই উক্ত বিভিন্ন সংগঠনে আজি চিলাৰভিটা ছিঙা মথাউৰি নিৰ্মাণৰ দাবীত অৱস্থান ধৰ্মঘট পালন কৰে।

লক্ষীপুৰ ৰাজহচক্ৰ বিষয়া ৰিপণ জ্যোতি উক্ত কাৰ্য্যসূচীত উপস্থিত হৈ সাতদফীয়া দাবীৰ স্মাৰক পত্ৰ গ্ৰহণ কৰে

Check Also

৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ দেওবাৰে সামৰণী

৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ দেওবাৰে সামৰণী নতুন প্রজন্মই কিতাপ নপঢ়ে বুলি থকা ধাৰণা নস্যাৎ কৰিলে গুৱাহাটী …

Leave a Reply

Your email address will not be published. Required fields are marked *