Breaking News
Home / Local News / হাউলীৰ হটাপাৰা বজাৰত অসম বাঁহ-বেত শিল্প কাৰিকৰ সমিতিৰ অধিবেশন আৰু বাণিজ্য মেলা

হাউলীৰ হটাপাৰা বজাৰত অসম বাঁহ-বেত শিল্প কাৰিকৰ সমিতিৰ অধিবেশন আৰু বাণিজ্য মেলা

হাউলীৰ হটাপাৰা বজাৰত অসম বাঁহ-বেত শিল্প কাৰিকৰ সমিতিৰ অধিবেশন আৰু বাণিজ্য মেলা

আলম ছৰোৱাৰ,হাউলী,২০ জানুৱাৰীঃ
অসম বাঁহ-বেত শিল্প কাৰিকৰ সমিতিৰ অধিবেশন আৰু বাণিজ্য মেলা অহা ২২ জানুৱাৰীৰ পৰা দহ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে হাউলীৰ ওচৰৰ হটাপাৰা বজাৰ প্ৰাংগনত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে | ইয়াৰ লগত সংগতিৰাখি শ্যামল চন্দ্ৰ বিশ্বাসক সভাপতি,আইনুদ্দিন আলী আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৫১ জনীয়া সদস্যৰে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে | অধিবেশনত বিভিন্ন ধৰণৰ খেল-ধেমালি,গীত-মাত প্ৰতিযোগিতা,সমাৰজ বিশিষ্ট ব্যক্তিক ৰাজহুৱা সম্বৰ্ধনা,প্ৰত্যেক দিন সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হব বুলি উদ্যোগতা সকলে এই প্ৰতিবেদকক জানিবলৈ দিয়ে | উক্ত কাৰ্যসূচীত সকলো স্তৰৰ ৰাইজৰ সাহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি শ্যামল চন্দ্ৰ বিশ্বাস আৰু সাধাৰণ সম্পাদক আইনুদ্দিন আলী আহমেদে |

Check Also

মন্ত বিশ্ব শৰ্মাই বান্ধি দিলে এই চৰ্ত

মন্ত বিশ্ব শৰ্মাই বান্ধি দিলে এই চৰ্ত হিমন্তৰ ঘোষণা: চাৰিটা চৰ্ত মানিলে আপুনি কোভিড ৰোগী …

Leave a Reply

Your email address will not be published. Required fields are marked *