Breaking News
Home / Local News / “নিবনুৱা” RTI কৰ্মী দুলাল বৰাৰ ঘৰৰ পৰা ৩৫ লাখ টকীয়া গাড়ী জব্দ।

“নিবনুৱা” RTI কৰ্মী দুলাল বৰাৰ ঘৰৰ পৰা ৩৫ লাখ টকীয়া গাড়ী জব্দ।

ব্লেকমেইলিং কৰি বন বিভাগৰ কেইবাজনো বিষয়াৰ পৰা নিয়মীয়াকৈ লাভ কৰি আহিছিল ধন। ব্লেক মেইলিঙৰ অভিযোগত ৰঙাঘৰৰ ভাত খাই থকা RTI কৰ্মী দুলাল বৰাৰ বাসগৃহৰ পৰা চি আই ডিয়ে ১১ জানুৱাৰিত প্ৰায় ৩৫ লাখ টকা মূল্যৰ এখন গাড়ী জব্দ কৰিছে। তথ্য জনাৰ অধিকাৰ আইনখনৰ অপব্যৱহাৰেৰে বিভিন্নজনক ব্লেকমেইলিং কৰাৰ অভিযোগত বৰাক ৭ ডিচেম্বৰত মহানগৰৰ হাতীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ১১ জানুৱাৰিত বৰাক চি আই ডিয়ে দুদিনৰ বাবে নিজৰ জিম্মাত লৈছে।

বিশেষকৈ বন বিভাগৰ বহু বিষয়াক দীৰ্ঘ দিনৰ পৰা ব্লেকমেইলিং কৰি বিতৰ্কিত আৰ টি আই কৰ্মী বৰাই নিয়মীয়াকৈ ধন লাভ কৰি আহিছিল বুলি তদন্তত পোহৰলৈ আহিছে। আয়ৰ কোনো স্পষ্ট উৎস নথকা বৰাৰ কেইবাখনো বিলাসী গাড়ী আৰু প্ৰচুৰ সম্পত্তি থকা বুলি তদন্তকাৰী বিষয়াৰ এটা সূত্ৰই কয়। ধন দাবী কৰি নোপোৱা বাবে বন বিভাগৰ বহুকেইজন বিষয়াৰ বিৰুদ্ধে বৰা ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ আনিছে কেইবাজনো ভুক্তভোগী বন বিষয়াই।

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য মতে দুলাল বৰাই বিভিন্ন বিভাগ আৰু প্ৰতিষ্ঠানত তথ্য জনাৰ অধিকাৰ আইন, ২০০৫-ৰ অধীনত প্ৰায় ৭০হাজাৰ আৱেদন কৰিছিল।

Check Also

এগৰাকী আৰক্ষী বিষয়াৰ নিম্ন মানসিকতাৰ মন্তব্যত জোকাৰিছে অসম:

চাওক কি জঘন্য মানসিকতাhttps://youtu.be/S74-1iFSuQ0https://youtu.be/ttHo-9mj-aQFast News Assam यांनी वर पोस्ट केले बुधवार, १८ सप्टेंबर, २०१९

Leave a Reply

Your email address will not be published. Required fields are marked *