Breaking News
Home / Editorial / বালিৰ তলত পৰি থকা জম্মু-কাশ্মীৰৰ ইতিহাসৰ এটা পৃষ্ঠা:

বালিৰ তলত পৰি থকা জম্মু-কাশ্মীৰৰ ইতিহাসৰ এটা পৃষ্ঠা:


জহিৰুল ইছলাম,৭০০২০৬৪৯৮২।

কাশ্মীর লৈ কিয় ইমান বাথানুবাদ, প্ৰকৃততে কাশ্মীৰৰ ইতিহাস কি? কৰ্মব্যস্ততাত ৩৭০ ধাৰা আদিলৈ একলম লিখিম বুলি ভাৱি থাকোতে দুদিনমান পাৰ হ’ল।

সমগ্ৰ কাশ্মীৰ উপত্যকা বৰ্তমানে কঁচুপাতৰ পানীৰ দৰে টলমল কৰিবলৈ লৈছে। বিশ্ববাসীৰ চকুও বৰ্তমান কাশ্মিৰৰ ওপৰতেই। কি হ’ব কাশ্মীৰ আৰু ভাৰতৰ সংবিধানৰ ৩৭০ ধাৰা বাতিলৰ বিষয়টো। কোনটো পৰ্যায়ত পাবগৈ এই দীৰ্ঘদিনীয়া বিবাদময় বিষয়টো। বিভিন্ন জল্পনা কল্পনা অব্যাহত আছে সচেতন সমাজৰ মাজত।

জম্মু কাশ্মীৰক ভাৰতীয় সংবিধানৰ ৩৭০ ধাৰাৰ জৰিয়তে বিশেষ ৰাজ্যৰ মৰ্য্যদা প্ৰদান কৰিছিল। ভাৰত চৰকাৰে ডিম’নি টাইজেশন কায়দাৰেই সেয়া বাতিল কৰিলে ভাৰতৰ গৃহদপ্তৰৰ ফালৰ পৰা। ইয়াক লৈ চিন্তাত চিন্তিত সচেতন মহল। ৫ আগষ্টে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ ফালৰ পৰা ৰাজপত্ৰ ঘোষণা কৰা হৈছে বিষয়টো অৰ্থাৎ ৩৭০ ধাৰা আইন বাতিল সন্দৰ্ভত পূৰ্বালোচনাহীন বাবেই।

ভাৰতৰ আটাইতকৈ লক্ষণীয় বিষয়টো হৈছে কাশ্মীৰক দ্বিখণ্ডিত কৰা বিষয়টো। ইংৰাজৰ ডিভাইড এণ্ড ৰোল পলিচিৰেই জম্মু কাশ্মীৰ টুকুৰা কৰি লাডাখক পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মৰ্য্যদা প্ৰদানৰ কথাও ঘোষণা কৰা হৈছে। বৰ্তমান অৱস্থাত নতুন দুয়োখন অঞ্চলতে দুগৰাকী লেফটেন্যেন্ট গভৰ্নৰ হতুৱাই চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। জম্মু কাশ্মীৰৰ বাবে পৃথক বিধান সভাৰ ব্যৱস্থা থাকিলেও লাডাখৰ বাবে কিন্তু নাথাকিব এই ব্যৱস্থা। আমেৰিকাৰ লুলোপ দৃষ্টি পৰিল নেকি ভাৰতৰ ওপৰত? আমেৰিকাৰ কৌশলী চক্ৰান্তৰ ফান্দত ভৰি পৰিল নেকি ভাৰতৰ? যদিও আমেৰিকা বিশ্বব্যাপী কেৱল অস্ত্ৰ ব্যৱসায় একমাত্ৰ ৰোজগাৰৰ উৎস বুলিব পাৰি।তেনে কোনো পৰিকল্পনাৰ চিকাৰ হ’ল নেকি ভাৰত ৰাষ্ট্ৰ? অৱশ্যে এটা কথা ঠিক যে আমেৰিকাৰ চকু ভাৰতৰ ওপৰত যে বহু পূৰ্বৰ পৰাই পাকঘুৰাই আছে সেয়া কিন্তু সচেতন মহলে নজনাকৈ থকা নাই। ইতি পূৰ্বেও আমেৰিকাৰ লুলোপ দৃষ্টি যে ভাৰতৰ ওপৰত পৰিছে সেই কথা লিখিছো কেইবাবাৰ। বহুতেই ফেনেফুটুকাই ভৱাৰ দৰে কাশ্মীৰৰ বিষয়টো যে নহয় তাত কোনো সন্দেহ নাই। সচেতন মহলৰ মাজত ক্ৰিয়া প্ৰতিক্ৰিয়া কৰি আছে বিভিন্ন প্ৰশ্নই।

বিভিন্ন সুত্ৰে জানিব পৰা মতে– এহাতে ৰাষ্ট্ৰপতিৰ ৰাজপত্ৰ ঘোষণাৰ পূৰ্বেই দেওবাৰে ৰাতিৰ পৰাই ফাৰুক-ওমৰ আবদুল্লা, মেহবুবা মুখতি, সাজ্জাদ লোন সহ আৰু অন্যান্য গুরত্বপূর্ণ নেতা সকলক গৃহবন্দীও কৰা হৈছে। বিচ্ছিন্ন কৰা হৈছে ইণ্টাৰনেট ও অন্যান্য যোগাযোগ ব্যৱস্থাও। জাৰি কৰা হৈছে ১৪৪ ধাৰা টাডা আইন। ইয়াক লৈ বৰ্তমান সমগ্র কাশ্মীৰত চেপা উত্তেজনা বিৰাজমান স্বাভাৱিক যদিও সমগ্ৰ ভাৰতৰ অন্যান্য ৰাজ্য সমূহতো বিষয়টো লৈ চলিছে ব্যপক চৰ্চা।

সততে প্ৰশ্ন উত্থাপন হয় কাশ্মীৰক লৈ ইমান কিয় হৈ হৈ চৈ চৈ? কি আছে কাশ্মীৰৰ ইতিহাসত?কাশ্মীৰৰ ইতিহাসেই বা কি কয়?

তথ্য অনুসৰি পঞ্চম শতাব্দী পর্যন্ত কাশ্মীৰত সোনাতনধর্ম ও পৰবর্তীকালত বৌদ্ধধর্ম প্রভাব বিস্তাৰ কৰে, নবম শতাব্দীত কাশ্মীৰ উপত্যকাত শৈব ধর্মৰো উত্থান ঘটে। ১৩৩৯ শতিকাত প্রথম মুছলিম শাসক শাহ মীৰৰ হতুৱাই কাশ্মীৰত বিস্তাৰ হয় মুছলমানৰ প্ৰভাৱ। সেই সময় অন্যান্য ধর্মের প্রভাব হ্রাস পায় যদিও সিহঁতৰ কোনো ক্ষয়ক্ষতি হোৱা নাছিল। বৰং মুছলিম শাসনৰ লগলাগি কাশ্মীৰত ছুপিবাদৰ জন্ম হয়। সকলৰে মাজত আছিল বিশ্বাস ভালপোৱা অনৈক্যৰ মাজত ঐক্যবদ্ধতা। পৰৱৰ্তীকালত ১৮১৯ চন প্ৰযন্ত অৰ্থাৎ একেৰাহে প্ৰায় ৫০০ বছৰ মুছলিম শাসকৰ দ্বাৰা শাসিত হয় কাশ্মীৰ। তেতিয়ালৈ কোনো ধৰণৰ বাধা বিপত্তি নাছিল যদিও চতুৰ ইংৰাজৰ লুলোপ দৃষ্টি নিক্ষেপ হৈ থকাৰ দৰেই আৰু বহুতৰে চকুও আছিল কাশ্মীৰৰ ওপৰতেই।

১৮১৯ চনৰ শেষাংশত ৰঞ্জিত সিংহৰ নেতৃত্বত শিখ সকলৰ হাতলৈ যায় কাশ্মীৰৰ শাসনভাৰ। হয়তো ইংৰাজ সকলৰো তাত কলা কৌশল থকা অস্বাভাৱিক নহয়। ১৮৪৬ চনত কাশ্মীৰৰ তৎকালীন ৰজা ইংৰাজ সকলৰ হাতত পৰাস্ত হোৱাত কাশ্মীৰ আকৌ ইংৰাজৰ হাতলৈ গুছি যায়। লুটৰাজ ইংৰাজ আহিছিল ভাৰতৰ লুণ্ঠন কৰিবলৈ। এই কথা আমি নক’লেও হয়। কিন্তু এচাম ভাৰতীয় কেৱল হিংসাত্মক ভাৱেই আজিও ইংৰাজক ফুলজল দি থাকে। ইংৰাজৰ হাতত কাশ্মীৰ যোৱাৰ পাছত এটা চুক্তিৰ জৰিয়তে গোলাব সিংহক ৰাজ দায়িত্ব দিয়া হয়। বাৰ্ষিক ৭৫ লাখ টকা কৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে নিয়োজিত কৰে নতুন ৰজা হিচাপে গোলাব সিংহক ইংৰাজে।
১৯৪৭ চনলৈ গোলাব সিংহৰ বংশধৰ সকলেই কাশ্মীৰ শাসন কৰিছিল ইংৰাজৰ নেতৃত্বত।

তাৰ পাছত আৰম্ভ হয় ৰাজনৈতিক দ্বন্দ্বৰ। এফালে ক্ষমতাৰ দ্বন্দ্ব আনফালে ইংৰাজৰ চতুৰতা। ১৯২৫ চনত কাশ্মীৰৰ ৰজা হয় হৰি সিংহ । ১৯৪৭ ত ভাৰত স্বাধীনতা লাভ কৰা প্ৰযন্ত তেখেতে নিজেই কাশ্মীৰৰ ৰজা আছিল।

চৰ্তযুক্ত ভাৰত বিভাজনৰ এক অন্যতম চৰ্ত আছিল, ভাৰতৰ ৰজা সকল সিহঁতৰ ইচ্ছা অনুযায়ী ভাৰত অথবা পাকিস্তানৰ লগত যোগ দিব পাৰিব। আনকি সিহঁতে বিচাৰিলে নিজৰ নিজৰ ৰাজ্য নিজে নিজেই শাসন কৰিব পাৰিব। উল্লেখযোগ্য বিষয় এটা আছিল হৰি সিংহ হিন্দু ৰজা হোৱা বাবে ভাৰতৰ লগত থকাৰ পোষকতা কৰিছিল যদিও কাশ্মীৰৰ ৮৫% জনগণ আছিল মুছলমান। জনগণৰ এক বৃহৎ অংশই দাবী তুলিছিল পাকিস্তানৰ লগত যোগ দিয়াৰ। ৰজাৰ এনে দোদুল্যাময় অৱস্থাত থকাৰ সময়তে ১৯৪৭ চনৰ ২২ অক্টোবৰ পাকিস্তান সমৰ্থিত পশতুন উপজাতিৰ জনগণে কাশ্মীৰ আক্ৰমণ কৰে। ইতিমধ্যে কাশ্মীৰৰ স্বায়ত্ব শাসন বাতিল কৰিলে ভাৰতে। তাৰ পাছত হৰি সিংহৰ লগত পশতুন সকলৰ যুদ্ধ আৰাম্ভ হয়। যুদ্ধত ভাৰতৰ তৎকালীন গভৰ্নৰ জেনেৰেল লৰ্ড মাউন্টব্যাটেনেৰ সহযোগিতা বিচাৰে হৰি সিংহ। সুযোগ বুজি লৰ্ড মাউন্টব্যাটেনে এটা চুক্তিত সাক্ষৰিত কৰায় ৰজা হৰি সিংহক। ২৬ অক্টোবৰ চুক্তিটি সাক্ষৰিত হয়। চুক্তিত উল্লেখ আছিল- ৰজা হৰি সিংহ ভাৰতৰ লগত যোগ দিব। এই চুক্তি সাক্ষৰ হোৱাৰ পাছত এফালে ভাৰতীয় সেনাৰ দল প্ৰবেশ কৰে কাশ্মীৰত আৰু আনফালে পাকিস্তান প্ৰান্তয়েদি প্ৰবেশ কৰে পাকিস্তানী সেনা। কাশ্মীৰ আৰু কাশ্মীৰী জনতা হল চিকাৰ। দুই মহৰ অৰিয়াঅৰিত বিৰিণাৰ মৰন চাপিল কাশ্মীৰী জনগনৰ ওপৰত।

দুখন দেশৰ টনা-আজোৰাত কাশ্মীৰী জনতাৰ অৱস্থা কি হ’ব পাৰে তাক দুনাই কোৱাৰ দৰকাৰ আছে বুলি ভাৱ নহয়। একেৰাহে প্ৰায় চাৰি বছৰ ধৰি চলা যুদ্ধ ১৯৫২ চনত জাতিসংঘ যুদ্ধ বিৰতি হয়। যুদ্ধ বিৰতিত চুক্তি আছিল কাশ্মীৰৰ মাটিৰ পৰা উভয় দেশৰ (ভাৰত-পাকিস্তান) সৈন্য প্ৰত্যাহাৰ কৰাৰ লগতে গণভোটৰ কথাও কোৱা হয়। ভাৰত প্ৰথমে সৈনিক প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰিলেও গণভোটৰ বিষয়ত কিন্তু অসন্মত প্ৰকাশ কৰে। ভাৰতৰ ধাৰণা আছিল, মুছলমান অধ্যুষিত কাশ্মীৰত গণভোটৰ আয়োজন কৰিলে জনগণ পাকিস্তানৰ পক্ষতেই যোগদান কৰিব। এই ধাৰণা কৰাও অমূলক নহয়। অন্যহাতে পাকিস্তানেও কাশ্মীৰৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰাত সন্মত নহয়। ফলস্বৰূপে ভাৰত-পাকিস্তান উভয় দেশেই কাশ্মীৰত সৈন্য মোতায়েন কৰি ৰাখি আহিছে। পৰৱৰ্তীকালত কাশ্মীৰ লৈয়েই ১৯৬৫ চনত আৰু ১৯৯৯ চনত ভাৰত-পাকিস্তানৰ প্ৰত্যক্ষ যুদ্ধ হয়।

প্ৰকৃত পক্ষে ভাৰতৰ আৰু কাশ্মীৰৰ মাজত থকা সম্পৰ্ক:

কাশ্মীৰক কেন্দ্ৰ কৰি ১৯৪৯ চনৰ ১৭ অক্টোবৰ ভাৰতবৰ্ষৰ সংবিধানত ৩৭০ ধাৰা সংযোজন ঘটোৱা হয়। এই ধাৰা অনুযায়ী প্ৰতিৰক্ষা, বৈদেশিক সম্পৰ্ক ও যোগাযোগ বাদে অন্য কোনো বিষয়ৰ ওপৰতেই ভাৰত চৰকাৰে কোনো হস্তক্ষেপ কৰিব নোৱাৰিব কাশ্মীৰৰ ওপৰত। তদুপৰি কাশ্মীৰত নতুন আইন প্ৰৱৰ্তনক লৈ ভাৰত চৰকাৰে কোনো হস্তক্ষেপ কৰিব নোৱাৰিব বা কোনো ধৰণৰ ভুমিকা নাথাকিব বুলিও উল্লেখ। ইয়াৰ উপৰিও স্থানীয় তথা কাশ্মীৰী সকলৰ বাদে অন্য কোনো লোকে কাশ্মীৰৰ ভূমি ক্ৰয় কৰিব নোৱাৰিব। কাশ্মীৰ ৰাজ্যৰ কোনো চাকৰিৰ ক্ষেত্ৰতো ভাৰতৰ অন্যান্য কোনো স্থানৰ লোকে আবেদন কৰিব নোৱাৰিব বা নিষিদ্ধ কৰা হয়। আনকি জম্মু কাশ্মীৰৰ কোনো নাৰীয়ে ৰাজ্যখনৰ বাহিৰত বিবাহপাশত আবদ্ধ হলেও সম্পত্তিৰ অধিকাৰ নাথাকিব। কাশ্মীৰৰ প্ৰতি ভাৰতৰ সংবিধান যি প্ৰতিশ্ৰুতি দিছিল।

১৯৯৮ চনৰ পৰা ভাৰতীয় সেনাই কাশ্মীৰী সকলক অত্যাচাৰ নিৰ্যাতন চলোৱাৰ অভিযোগ প্ৰায়েই উঠা পৰিলক্ষিত হয়। বিভিন্ন অভিযোগ মতে কেন্দ্ৰীয় চৰকাৰ তথা ৰাষ্ট্ৰযন্ত্ৰৰ নিৰ্যাতনৰ বাবেই হেনো ১৯৯৮ চনত সশস্ত্ৰ বিদ্ৰোহৰ জন্ম হয়। সশস্ত্ৰ বিদ্ৰোহ দমন কৰিবলৈ নিৰাপত্তা বাহিনী অধিক কঠোৰ হয়। ফলত অশান্তি অধিকৰ পৰা অধিকতৰ ৰূপ ধাৰণ কৰে কাশ্মীৰ উপত্যকাত। জনতাৰ মাজত দেখা দিয়ে আতংকৰ ছাপ।

যদিও কোৱা হয় যে, কংগ্ৰেছ দল ৩৭০ ধাৰা আইন তুলনামূলকভাৱে মানি চলিবলৈ চেষ্টা কৰে বা নাটকীয় হ’লেও দেখুৱাই আহিছে। কিন্তু ক্ষমতাহীন বিজেপি দল ক্ষমতাত অহাৰ পূৰ্বে ঘোষণা কৰিছিল যে, বিজেপিয়ে ক্ষমতা পালে কাশ্মীৰৰ ওপৰত থকা ৩৭০ ধাৰা বাতিল কৰিব বিজেপি চৰকাৰে। মূখ্যত সোমবাৰে ৰাষ্ট্ৰপতিৰ ৰাজপত্ৰ ঘোষণাৰ জৰিয়তে বিজেপিৰ সেই পৰিকল্পনা বাস্তবায়ন কৰিলে। বহুতে ইয়াৰ বিৰোধিতা কৰি আছে যদিও বহুতে বহু প্ৰশ্নও নকৰা বুলিব নোৱাৰি।

প্ৰকৃত পক্ষে কি আছে ভাৰতীয় সংবিধান৩৭০ ধাৰাত?

এই বিষয়ত কাশ্মীৰৰ কংগ্ৰেছ নেতা গোলাম নবী আজাদ সাংবাদিক সকলক কয়, বিশেষ ৰাজ্যৰ মৰ্যাদা বাতিলৰ লগে লগেই ৩৫ (ক) ধাৰাও বিলুপ্ত কৰি দিয়া হ’ল। ভাৰত চৰকাৰ কাশ্মীৰৰ জনতাৰ লগত বিশ্বাস ঘাতকতা কৰিলে। ইয়াৰ পৰিণতি ভাল হ’ব নোৱাৰে।

কাশ্মীৰ লৈ পাকিস্তানৰ অৱস্থান :

১৯৪৭ চনৰ পৰাই পাকিস্তানে ভাৱি আহিছে- কাশ্মীৰ পাকিস্তানৰ অংশ হোৱা উচিত। যাৰ বাবেই ১৯৪৭ চনতেই ৰাষ্ট্ৰীয় পৃষ্ঠপোষকতাত পাকিস্তানী পশতুন সকলে কাশ্মীৰ দখল কৰাৰ প্ৰচেষ্টা কৰে।
কাশ্মীৰ লৈ পাকিস্তানৰ নীতি কি সেয়া প্ৰমাণ কৰে পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টোই জাতিসংঘত প্ৰদান কৰা এক ভাষণেই। প্ৰায় ৪২ বছৰ পূৰ্বে জুলফিকাৰ আলী ভুট্টোই জাতিসংঘত ভাষণ দি কৈছিল, কাশ্মীৰ কেতিয়াও ভাৰতৰ অংশ নহয়। বৰং এয়া হৈছে ভাৰত ও পাকিস্তানৰ মধ্যস্ত বিতৰ্কিত ভূখণ্ড। আৰু কাশ্মীৰৰ ওপৰত পাকিস্তানৰ দাবী সকলো সময়তে বেছি। কাৰণ, তেজ,মংস, জীৱনযাপন, সংস্কৃতি আদি কিম্বা ভৌগলিক আৰু ঐতিহাসিক ভাৱেও কাশ্মীৰী সকল পাকিস্তানী মানুহৰ নিকট আত্মীয়। এনেদৰেই পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে জাতিসংঘত নিজৰ মতামত দাঙি ধৰে।

জুলফিকাৰ আলী ভুট্টোৰ এই বক্তব্যৰ বহু বছৰ পাৰ হোৱাৰ সামান্তৰালকৈ দেশখনত বহু শাসন কৰ্তাইও ক্ষমতা আহিল যদিও পাকিস্তানৰ কিন্তু সেই নীতিৰ কোনো পৰিৱৰ্তন হোৱা নাই।

আচলতে কি বিচাৰে কাশ্মীৰী জনতাই?৩৭০ ধাৰা বাতিলত কি পৰিণাম হ’ব পাৰে? এতিয়াই সেয়া কোৱা বা বুজা অসম্ভৱ। কাৰণ, সমগ্ৰ অঞ্চলত জাৰি কৰা হৈছে ১৪৪ ধাৰা কাৰফিউ। বৰ্তমান কাশ্মীৰৰ পৰিস্থিতি সম্পৰ্কে একো আন্দাজ কৰাৰ থল নাই। এতিয়া সকলো ৰহস্যময় হৈ আছে। কিন্তু চিন্তিত সচেতন মহল।

ইতিপূৰ্বে সৌ-সিদিনা কাশ্মীৰৰ মুখ্যমন্ত্রী মেহবুবা মুফতি কাশ্মীৰত ৩৭০ ধাৰা বাতিল কৰাৰ সন্দেহত ভাৰত চৰকাৰ তথা কেন্দ্ৰৰ বিজেপি চৰকাৰক হুংকাৰ প্ৰদান কৰিছিল আৰু কৈছিল যে- কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা বাতিল কৰিলে দেশৰ বাবে সেয়া হ’ব অমঙ্গলজনক বিষয়।

জম্মু আৰু কাশ্মীৰৰ পৰা ভাৰত চৰকাৰে ৩৭০ আৰু ৩৫ অনুচ্ছেদ(বিশেষ মৰ্যাদা) আতৰালে:

এক দেশ এক নীতি। শুনি ভালেই লাগে। সংবিধান কি কয় প্ৰকৃততে। ভাৰতীয় সংবিধান যদিও নিৰপেক্ষ শ্ৰেণী বিভাগৰ বিপৰীতে বুলিব নোৱাৰি।ভাৰতীয় সংবিধান মতে কিছু বিশেষ সুবিধা ৰখা হৈছে সমাজৰ বিশেষ কিছু লোক আৰু ক্ষেত্ৰৰ ওপৰত। সংবিধান মতে ভাৰতক সমস্বৰে আগুৱাই নিবলৈ হলে দৰিদ্ৰতা দূৰ কৰি উচ্চ শ্ৰেণীৰ লোকৰ বিপৰীতে নিম্ন শ্ৰেণীৰ লোকক বিশেষ সুবিধা প্ৰদান। এই বিশেষ সুবিধাৰে নিম্নশ্ৰেণীৰ লোক সমাজক চৌদিশে স্বাৱলম্বী কৰি উচ্চ শ্ৰেণীৰ লোক সমাজৰ লগত খাপ খুৱাব পৰাকৈ শ্ৰেণী বৈষম্য পৰিৱৰ্তন কৰা। সম্ভৱ হ’বও পাৰে যদিহে সঠিক ৰূপায়ণ কৰা যায়। কাশ্মীৰৰ ৩৭০ ধাৰা বাতিলৰ পাছতে আমি অসমৰ একাংশই হাত তালি বজাই উল্লাস কৰি আছো! আমি চিন্তা কৰিলে বহু কথাই ওলাই আহে। মানসিকতাৰ পৰিৱৰ্তন ঘটিব কেতিয়া আমি অসমীয়াৰ চিন্তা হয়। হিন্দু মুছলমানৰ সাম্প্ৰদায়িকতাই সচাকৈ শিপাই যোৱা নাইতো আমাৰ মানসিকতা। সততে সাম্প্ৰদায়িক চকুৰে চোৱা একাংশই ভাৱি চাইছে নে? নৰেন্দ্ৰ মোদী চৰকাৰখন যে কেৱল পুজিবাদী শোষণকাৰী সকলৰ চৰণত ফুল জল দিয়া চৰকাৰ সেই কথা। ক্ষমতাৰ লোভত যে বিজেপি দলৰ একাংশ নেতা কৰ্মী কি কৰিব নোৱাৰে সেই কথা প্ৰমাণিত হয়- সুৰা সম্ৰাট বিজয় মালিয়াৰ চৰণত প্ৰায় ১২ হাজাৰ কোটি টকাৰ ফুলজল, নিৰৱ মোদী, লোলিত মোদী,ৰবাৰ্ট ভদ্ৰা (প্ৰিয়ংকা গান্ধীৰ স্বামী) হতক হাজাৰ হাজাৰ কোটি টকাৰ ঋণ মুকভ কৰাটো প্ৰমাণ কৰে উক্ত কথাবোৰ। এইখন চৰকাৰ যে প্ৰকৃততে ক্ষমতা লিপ্সু সেয়া পাহৰি হাত তালিৰে হাতৰ তালু কিন্তু গৰম কৰি পেলালো। এক দেশ এক মাত কথাখিনি শুনিবলৈ ভাল যদিও কেৱল ধৰ্মীয় গোৰামীৰে অসমখনো তলপাৰ লগাইছে। অসমীয়াই ভৱা উচিত যে- ইয়াৰ পিচত আমি অসমে সাংবিধানিক নিৰাপত্তা পামনে নাই সেই কথা। আমি অসমে দ্বি-নাগৰিকত্বৰ দাবী কৰি আহিছো সেয়া সম্ভৱ হোৱাৰ আশা কৰা কিমান যুক্তিযুক্ত তাকো প্ৰমাণ হয় কাশ্মীৰৰ৩৭০ ধাৰা বাতিলে। আমি অসমে ইনাৰ লাইন বিচাৰিছো ইমান দিনে সেয়া সম্ভাৱনা আছে নে পামনে ? ইয়াৰ পিচতো হাগ্ৰামা মহিলাৰীহঁতৰ বিটিএডিত ষষ্ঠ অনুসচী অব্যাহত থাকিবনে! অসমৰ ছয়টা জনগোষ্ঠীৰ লগত মিঞা জনগোষ্ঠীক ধৰি সাত জনগোষ্ঠী জনগোষ্ঠীয় স্বীকৃতি পাবনে! ইয়াৰ পিচতো আমি অসমে স্পেচিয়েল পেকেজ পোৱাৰ আশাই বা কিমান। দীৰ্ঘ দিনীয়া দাবী অসমৰ বান আৰু গৰা খহনীয়া সমস্যাই ৰাষ্ট্ৰীয় স্বীকৃতি পোৱাও অসম্ভৱ! অসমে ৯০ শতাংশ অনুদান পাব বুলি ভাবি থাকিলেও অসম্ভৱ। আমি কাশ্মীৰৰ ক্ষেত্ৰতো লৈ এচামে হাত তালি বজাই বজাই তালু গৰম কৰি পেলালো তাত সন্দেহ নাই। এয়া কেনে নীতি ভাই ? এফালে অসমৰ ক্ষেত্ৰত উক্ত দাবীবোৰ কৰি থাকো আনফালে কাশ্মীৰৰ ক্ষেত্ৰত উক্ত আইনৰ (৩৭০ বাতিলৰ পক্ষত) পক্ষতো থাকো। বুজা বৰ কঠিন হৈ পৰিছে।

বিদ্ৰু: এগৰাকী সচেতন ব্যক্তি হিচাপে আমি আমাৰ দেশ জনতা লৈ গৌৰাম্বিত । শত সহস্ৰ বাধা বিপত্তি আহিলেও আমি (লেখক) আমাৰ দেশ জনতা ও আইনৰ পক্ষেই সমৰ্থনত থকাটো দৰকাৰ ।আছো,থাকিম।
(তথ্য বিভিন্ন মাধ্যমৰ জৰিয়তে সংগ্ৰহ)

Check Also

প্ৰসংগ : চলো পাল্টাই :

✍️ পৰাগ দাহাল, সহকাৰী অধ্যাপক। অসমৰ মিঞা জনগোষ্ঠীৰ কেইজনমান তৰুণে সম্প্ৰতি ‘চলো পাল্টাই’ শ্লোগানেৰে সৈতে …

Leave a Reply

Your email address will not be published. Required fields are marked *