Breaking News
Home / Editorial / বিধায়ক আমিনুল ইছলামৰ যোৱাকালি ফেচবুকৰ লিখনিৰ আতধৰি একলম:

বিধায়ক আমিনুল ইছলামৰ যোৱাকালি ফেচবুকৰ লিখনিৰ আতধৰি একলম:

জহিৰুল ইছলাম;৭০০২০৬৪৯৮২ ।

অসম বিধান সভাত প্ৰশ্নোত্তৰত চৰকাৰে দিয়া বিগত ১০ বছৰৰ অপৰাধৰ তথ্য অনুসৰি ধৰ্ষণৰ ক্ষেত্ৰত ২৯%, চুৰি-ডকাইতিৰ ক্ষেত্ৰত ৪১%, মাটি-বাৰী লৈ বিবাদৰ ক্ষেত্ৰত ৬১%, নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ১৭%, হত্যাকাণ্ডৰ ক্ষেত্ৰত ৩৩% আৰু ডাইনী হত্যাৰ ক্ষেত্ৰত ০% মুছলমান অপৰাধী জৰিত । গতিকে আপোনালোকে তথ্য নোহোৱাকৈ ৮০% ৯০% বুলি প্ৰচাৰ কৰি নাথাকিব ।

 পিছত মোক প্ৰশ্ন কৰিলে যে অধিকাংশ বাংলাদেশী মুছলমান এনে অপকৰ্মত জৰিত হৈ থাকে নেকি ?  মই উত্তৰ দিলোঁ আপোনালোকৰ এই প্ৰৱণতাটোক মই বেয়া পাওঁ ।  অপৰাধ এটা সংঘটিত হলে আপোনালোকে প্ৰথমে চাব হিন্দু নে মুছলমান ? যদি হিন্দু হয় তেনেহলে কোনোমতে সৰুসুৰা বাতৰি এটা কৰি বা বাতৰি নকৰাকৈ গাপ দিবলৈ চেষ্টা কৰে আপোনালোকে ; আৰু যদি অপৰাধী মুছলমান হয় তেনেহলৈ ডাঙৰ দাঙৰ হৰফেৰে শিৰোনামা বনাই উত্তেজিত কণ্ঠে বাৰে বাৰে বজাই থকা , বিষয়টোক লৈ টক শ্ব' কৰি এনে এটা হৈ চৈ আপোনালোকে কৰি দিয়ে যে অমুছলমান বা হিন্দু ধৰ্মী অপৰাধীৰ দ্বাৰা সংঘটিত এনে আৰু  ২০ টা ঘটনাক তল পেলাই এই এটা ঘটনাৰ উত্তাপত অসমবাসীৰ মনত এটা ধাৰণা সুমুৱাই দিব বিচৰা হয় যে ৯০% অপৰাধী মুছলমান ।
 মই পুনৰ ক'লো যদি আপোনালোকে পায় অপৰাধী মুছলমান তেতিয়াই আপোনালোকে অবৈধ বিদেশী, সন্দেহযুক্ত নাগৰিক, বাংলাদেশী মুছলমান, অবৈধ অনুপ্ৰবেশকাৰী আদি উদ্দেশ্য প্ৰণোদিত সংৰক্ষিত শব্দভাণ্ডাৰ প্ৰয়োগ কৰি প্ৰকৃত অপৰাধৰ ঘটনাটোক বেলেগ ফালে ঢাল খুৱাব বিচাৰে ।  ফলস্বৰূপে নাগৰিকত্বৰ এটা অনাকাংক্ষিত ইছ্যুৰ অৱতাৰণা কৰি প্ৰকৃত ঘটনাটোক বিভ্ৰান্ত কৰাৰ লগতে আচল অপৰাধী সকলক বাচি যোৱাৰ এটা সুৰুঙা আপোনালোকে উলিয়াই দিয়ে । কিন্তু আপোনালোকে দাবী কৰা মতে কোনো এটা ঘটনাত অবৈধ বাংলাদেশী নাগৰিক জৰিত থকা বুলি আজিলৈকে অসম আৰক্ষীয়ে প্ৰমাণ কৰিব নোৱাৰিলে । এয়াই আছিল ধি সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ লিখনিৰ এক প্ৰচলিত সংবাদগোষ্ঠীৰ চাল চলনৰ ওপৰত উত্থাপিত অকাট্য বাস্তৱৰ কিছু বহি:প্ৰকাশ।

ৰাজ্যত শেহতীয়া পৰিস্থিতি হিচাপে ছয়গাৱঁৰ আচল পাৰাত নৃত্য শিল্পী গোষ্ঠী আৰু অনুষ্ঠানৰ ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰে প্ৰতিক্ৰিয়া চলি আছে ।

মইও এগৰাকী অসমীয়া হিচাপে এই কাণ্ডক গৰিহণা দিয়া তেনেই স্বাভাৱিক । তাতকৈ বেছি ফৰজ যদি মুছলমান হিচাপে নিজকে দাবী কৰোঁ । গতিকে মুছলমান হিচাপে তেনে ঘটনাক গৰিহণা দিয়াই নহয় তদন্তমূলে উচিত শাস্তি দাবী কৰিছোঁ ।

দুৰ্ভাগ্যজনক কথা এইটোৱেই যে- ৰাজহুৱা অনুষ্ঠানত সংঘটিত ঘটনাক কেন্দ্ৰ কৰি যি পৰ্যায়ত প্ৰতিক্ৰিয়া হোৱা উচিত আছিল,তেনেকৈ নহৈ তাৰ বিপৰীতে গৈ ঘটনাটোক হিন্দু মুছলিম বিভাজনৰ সৃষ্টি কৰা হ’ল । যি অনুষ্ঠানটি আছিল সম্পূৰ্ণ ৰূপে ৰাজহুৱা স্থানত, ৰাজহুৱা অনুষ্ঠান ; য’ত উপস্থিত আছিল বাৰে ৰহনীয়া দায়-ধৰ্ম, গোত্ৰ গোষ্ঠীৰ লোকেও ।আৰু এই সৃষ্টিৰ আৰত এচাম উগ্ৰ সাম্প্ৰদায়িক শক্তিৰ হাত শক্তিশালী কৰি তুলিল অসমৰ সনামধন্য সংবাদ জগতেই । নিৰবিচ্ছিন্ন ভাৱে ঘটনাটো বুজিবলৈ চেষ্টা নকৰি টেলিভিছন ৰেটিং পইন্ট (TRP) বঢ়াবলৈ সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰচাৰ প্ৰসাৰ কৰাৰ পৰা বিৰত নাথাকিল । এক কথাত সংবাদ জগতেই বেছি জগৰীয়া এই অবাঞ্চিত পৰিস্থিতিৰ পথাৰখনত । কথিত আছে যে- সংবাদ জগতৰ লগত জৰিত লোক সকল হেনো ইন্টেলেক্চুয়েৰ ভিতৰত অৱস্থান কৰে ‌। যদি সেয়াই হয় তেন্তে সিহঁতে গোষ্ঠীগত উন্মাদনাত জৰিত হোৱাটো কিমান যুক্তি সংগত ?

যুগে যুগে মুনিষিগণ অৱস্থানৰ পৰিৱৰ্তন বিচাৰি বিচাৰি আজিৰ সভ্য সমাজৰ সৃষ্টি হৈছে । সেই সকল নমস্য ব্যক্তিত্বই কিন্তু, সিহঁতৰ সভ্যতা,সংস্কৃতি,সমাজ তাত্বিক ভাৱনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কোনো ঠিকাদাৰ সংবাদ গোষ্ঠীৰ প্ৰয়োজনবোধ কৰা নাছিল যদিও সিহঁতৰ যথেষ্ট কষ্ট, ত্যাগৰ বিনিময়ত সিহঁতে কাম কৰিছিল। সেই সময়ত তেনে কোনো প্ৰতিষ্ঠান বা আধুনিক বিজ্ঞান প্ৰযুক্তিৰ প্ৰচলনো নাছিল । সিহঁতৰ ত্যাগ আছিল এক উদাৰতাৰ সৃষ্টিৰ হকে । যদিহে সেই সময়ত আজিৰ দৰে বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰচলন বা সিহঁতৰ চিন্তা ধাৰা বিয়পাই দিয়াৰ কোনো প্ৰতিষ্ঠিত প্ৰতিষ্ঠান থাকিলেহেঁতেন (?) হয়তো আমি আৰু হাজাৰ বছৰ পূৰ্বেই এখন সুস্থ সমাজৰ আশা কৰিব পাৰিলোঁহেঁতেন । আজিৰ দৰে কোনো সা-সুবিধা নথকাৰ বাবে সিহঁতৰ উদাৰতাৰ জখলাবোৰো বহু ক্ষেত্ৰত স্থান কাল পাত্ৰভেদে গৈ পোৱা নাই। আনহাতে আজিৰ দৰে প্ৰসাৰ প্ৰচাৰৰ ঠিকাদাৰী কৰা ঠেক মনবৃত্তিৰ সংবাদ প্ৰতিষ্ঠানবোৰ যদি সিহঁতৰ দিনত থকাহেঁতেন (?) হয়তোবা আজিৰ সভ্য সমাজৰ আশাও আমি কৰিব নোৱাৰিলোঁহেঁতেন চাগৈ ।

সংবাদ জগতৰ লগত জৰিত লোক যদি সচাকৈ ইন্টেলেক্চুয়েলৰ আওঁতাত ধৰা হয় (সকলো নহয়) তেন্তে এই খন সমাজ ধ্বংসৰ আৰু বেছি দিন নাই‌ । আজিৰ সংবাদ গোষ্ঠীৰ আওঁতাত থকা ইন্টেলেক্চুয়েল সকলৰ যি ঠেক মনবৃত্তিৰ চিন্তা ধাৰা (?) সেয়া কেৱল সংকুচিত চিন্তাৰে সমাজত এক ধ্বংসৰ গতি দিয়াই আছে সেয়া কিন্তু নিশ্চিত। আজিৰ প্ৰফেচনেল সমাজমুখী চিন্তাৰ সংবাদ গোষ্ঠীৰ পৰা সমাজত উদৰতাৰ সলনি সংকুচিত, বিভৎস্য ধাৰণাৰহে প্ৰচাৰ প্ৰসাৰ প্ৰসাধন কৰা হৈ আছে, যিয়ে দেখদেখকৈ সমাজক এক জহান্নামত ঠেলি দি আছে এই সকল ইন্টেলেক্চুয়েলৰ দ্বাৰাই । এয়া মানৱ সভ্যতাৰ মাজতেই উশৃংখল,বিতৃষ্ণাৰ সৃষ্টি কৰা নাই, বৰং স্ৰষ্টাৰ সৃষ্টি কুলৰ বাবেও হৈ পৰিছে এক প্ৰত্যাহ্বান।

সংবাদ গোষ্ঠীৰ লগত জৰিত মইও এগৰাকী ব্যক্তি হিচাপে উক্ত কথাবোৰ কওঁতে বহুত কষ্ট আৰু ঘৃণনীয় যদিও সচাক সচা বুলি প্ৰকাশ কৰোঁতে কোনো আপত্তি কিন্তু নাই। সংবাদ জগতৰ এনে কুপ্ৰথাৰ যে সমাজত প্ৰচলিত তাৰ উদাহৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প । ট্ৰাম্পে ৰাষ্ট্ৰপতি হোৱাৰ পাছত চাৰিবাৰকৈ সংবাদ গোষ্ঠীক আক্ৰমণ কৰিছে , যিয়ে সংবাদ মাধ্যমৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে যদিও ট্ৰাম্প নিজেই এগৰাকী পুজিবাদী,শোষণ তথা সাম্প্ৰদায়িকত বিশ্বাসী ব্যক্তি ।

বিগত বছৰ নেপালত হোৱা প্ৰাকৃতিক ধ্বংস জজ্ঞ ভূমিকম্পও ভাৰতীয় সংবাদ গোষ্ঠীৰ উক্ত আচৰণৰ বাৰ্তাবাহক হিচাপে পৰিচয় বহন কৰিলে । ভূমিকম্পত জোকাৰি গৈছিল বিশ্ব বিবেকৰ মণিকূট যদিও তাতকৈ বেছি প্ৰভাৱিত কৰিছিল ভাৰতীয় সংবাদ জগতকলৈ । সেই অঘটনত পিৰিত মানৱ সত্তাইও সাৰি যাবলৈ অক্ষম হৈছিল উক্ত চৰিত্ৰৰ সংবাদ গোষ্ঠীৰ আক্ৰমণৰ পৰা । প্ৰাণ বচাবলৈ উদাউল পিৰিত ব্যক্তি (পুৰহিত) সকলেও ভাৰতীয় সংবাদ গোষ্ঠীৰ নগ্নতা চাই মৃত্যু সয্যাৰত হৈওঁ কবলৈ বাধ্য হৈছিল যে- আপোনালোকে আমাক সহায় কৰিব নালাগে । কিয়নো মৃত্যুৰে যুজি থকা সকলৰ মৰণ যন্ত্ৰণাৰ সময়তো সিহঁতে TRP পিছে পিছে দৌৰিছিল (?) তেতিয়াই পুৰহিত সকলে কবলৈ বাধ্য হৈ পৰিছিল উক্ত কথাবোৰ। অথচ সেই ভয়ংকৰ পৰিস্থিতিত ভাৰতেই নেপালক বিশ্বৰ ভিতৰত আটাইতকৈ বেছি সহায় সহযোগিতা কৰিছিল যদিও সংবাদ জগতৰ ভুমিকা আছিল এক ভয়ংকৰ স্বাৰ্থবাদী ঠেক সংকুচিত চিন্তাৰ ।

ইমানখিনি দীঘলীয়া আলোচনাৰ উদ্দেশ্য এটাই যে অসমৰ সংবাদ গোষ্ঠীৰ উদাৰতাৰ বিপৰীতে উক্ত নেতিবাচক ধ্যান ধাৰণাই যে অসমৰ মানৱ ও প্ৰাকৃতিক সভ্যতাতো প্ৰশ্নবোধকে আশ্ৰয় কৰি লৈছে তাৰ বাবেই ।

Check Also

প্ৰসংগ : চলো পাল্টাই :

✍️ পৰাগ দাহাল, সহকাৰী অধ্যাপক। অসমৰ মিঞা জনগোষ্ঠীৰ কেইজনমান তৰুণে সম্প্ৰতি ‘চলো পাল্টাই’ শ্লোগানেৰে সৈতে …

Leave a Reply

Your email address will not be published. Required fields are marked *