Breaking News
Home / Editorial / সাগৰিকা বৰদলৈ নহয়। সন্দিকৈ কলেজৰ অধ্যাপকৰ দুখ। আত্মহত্যাৰ প্ৰচেষ্টা ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ।

সাগৰিকা বৰদলৈ নহয়। সন্দিকৈ কলেজৰ অধ্যাপকৰ দুখ। আত্মহত্যাৰ প্ৰচেষ্টা ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ।

এগৰাকী আশী উৰ্ধৰ অধ্যাপকে ৰেলৰ আগত পৰি আত্মহত্যা কৰিব বিছৰা এক হৃদয়স্পৰ্শী কাহিনী । নিজৰ পুত্ৰ – কন্যাৰ চৰম নিৰ্যাতনৰ সম্মুখীন হোৱা অধ্যাপক গৰাকী হৈছে ড৹ নন্দেশ্বৰ ৰাজ মেধি । নিজ গৃহত চৰম নিৰ্যাতনৰ সম্মুখীন হোৱা আশী উৰ্ধৰ বৃদ্ধ ড৹ নন্দেশ্বৰ ৰাজ মেধিক অবশেষত আমি আশ্ৰয়ৰ ব্যৱস্থা কৰো আমাৰ শান্তি নিৱাস বৃদ্ধা শ্ৰম ও অনাথ আশ্ৰমত । গুৱাহাটীৰ সন্দিকৈ কলেজত সুদীৰ্ঘ ৩২ বছৰে অধ্যাপনা কৰিছিল ড৹ নন্দেশ্বৰ ৰাজ মেধিয়ে । ১৮ বছৰ পূৰ্বে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত অধ্যাপক গৰাকীয়ে বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ পৰিছিল । পিছে দেহৰ জোখাৰে এতিয়া অসুস্থ হৈ পৰাৰ লগে লগে তেওঁৰ ওপৰত চৰম নিৰ্যাতন আৰম্ভ হ’ল উচ্চ শিক্ষিত পুত্ৰ – কন্যাৰ । চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত পেঞ্চনৰ ধনেৰে বৰপুত্ৰক লক্ষীমপুৰত চাহ বাগিছাৰ ব্যৱসায় গঢ়াত সহযোগ কৰে পিতৃয়ে । অসুস্থ পিতৃৰ খা খবৰ , স্বাস্থ্যৰ যতন লোৱাটো দুৰৰে কথা ধন বিছাৰি পিতৃ – মাতৃক দৈনিক মাৰপিট কৰি অহাৰ গুৰুতৰ অভিযোগ কনিষ্ঠ পুত্ৰৰ বিৰুদ্ধে । নিজৰ পুত্ৰৰ দৈনিক মাৰপিট সহিব নোৱাৰি কেবাবাৰো ৰেলৰ আগত পৰি আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল দুবাৰকৈ ডক্টৰেট ডিগ্ৰীধাৰী পিতৃয়ে । মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বাৰ এম এ ডিগ্ৰী লোৱাৰ পিছত দ্বিতীয়বাৰ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্ৰী লোৱা ড৹ নন্দেশ্বৰ ৰাজ মেধিয়ে ১৯৭৭ চনত প্ৰথমবাৰ ডক্টৰেট ডিগ্ৰী লৈছিল । পিছত অসমীয়া সংস্কৃতিৰ ওপৰত পুনৰবাৰ ডক্টৰেট ডিগ্ৰী লৈছিল পৰবৰ্ত্তী সময়ত । সেই গৰাকী বিদ্বগ্ধ পণ্ডিতে মহানগৰীৰ সন্দিকৈ কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত নিগাজিকৈ থাকিবলৈ লৈছিল নলবাৰী চহৰৰ উদয়পুৰত । নিজৰ কষ্ট উপাৰ্জিত ধনেৰে দুই পুত্ৰক স্বাবলম্বী কৰোৱাৰ লগতে বিবাহ কাৰ্যও সম্পাদন কৰাই দিছিল । পিছে অকৰ্মন্য কনিষ্ঠ পুত্ৰই সুৰাসক্ত হৈ প্ৰায়েই পিতৃ – মাতৃক মাৰপিট কৰি ঘৰখনত এক অশান্তিৰ পৰিবেশ বিৰাজ কৰাই অহাৰ অভিযোগ পিতৃৰ । শিক্ষাবিদ ড৹ মেধিৰ বিবাহিত তিনি কন্যাই ও খবৰ নলয় পিতৃৰ । পেঞ্চনৰ ধনখিনিয়ে কাল হৈছে বৃদ্ধ পিতৃৰ । পিতৃৰ অসুস্থতা , দুখ-সুখৰ সমভাগী হ’বলৈ থকা পত্নীও নিৰুপায় । পিতৃক নিৰ্যাতন চলোৱা কাৰ্যৰ বাধা দিলেই মাতৃৰ ওপৰতো চলে চৰম অত্যাচাৰ । উপায় বিহীন হৈ অধ্যাপক গৰাকীয়ে ৰেল আলি আৰু ফুটপাঠতেই বহুদিন ধৰি থাকিবলৈ ল’লে । অবসৰপ্ৰাপ্ত অধ্যাপক ড৹ মেধিৰ তেনে দুৰ্দশাৰ কথা জানি কোনো এগৰাকী শুভাকাংক্ষীয়ে দিয়া খবৰৰ ভিত্তিত আমি তেওঁক উদ্ধাৰ কৰি আশ্ৰয়ৰ ব্যৱস্থা কৰো শান্তি নিৱাসত । যাৰ ফলস্বৰূপে এক নিশ্চিত অঘটনৰ পৰা ৰক্ষা পৰিল অধ্যাপক গৰাকী । দুবাৰকৈ ডক্টৰেট ডিগ্ৰীধাৰী বৃদ্ধ ককা এতিয়া আমাৰ শান্তি নিবাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমৰ আলহী ।

ফেচবুক সংগ্ৰহ

Check Also

প্ৰসংগ : চলো পাল্টাই :

✍️ পৰাগ দাহাল, সহকাৰী অধ্যাপক। অসমৰ মিঞা জনগোষ্ঠীৰ কেইজনমান তৰুণে সম্প্ৰতি ‘চলো পাল্টাই’ শ্লোগানেৰে সৈতে …

Leave a Reply

Your email address will not be published. Required fields are marked *