Breaking News
Home / Editorial / প্ৰসংগ : চলো পাল্টাই :

প্ৰসংগ : চলো পাল্টাই :

✍️ পৰাগ দাহাল, সহকাৰী অধ্যাপক।

অসমৰ মিঞা জনগোষ্ঠীৰ কেইজনমান তৰুণে সম্প্ৰতি ‘চলো পাল্টাই’ শ্লোগানেৰে সৈতে নতুন আন্দোলন এটা আৰম্ভ কৰিছে । আন্দোলনটোৰ জৰিয়তে নিৰ্দিষ্টকৈ কি কৰিব বিচৰা হৈছে সেয়া আমি এতিয়াও ভালদৰে বুজাগৈ নাই । ধৰি লৈছো, ২০২১ চনৰ লোকপিয়লত নিজৰ মাতৃভাষা অসমীয়াৰ সলনি বেলেগ কিবা বুলি উল্লেখ কৰাটো চাগে এটা উদ্দেশ্য । এই ‘বেলেগ’টো কি ভাষা হব, সেয়া অন্ততঃ আমাৰ দৃষ্টিত এতিয়ালৈ স্পষ্ট হোৱা নাই । স্বীকৃত বাংলা হব পাৰে, নাইবা মৈমনসিংহ-মূলীয় আৰু বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাসিন্দা মিঞা মানুহে ঘৰুৱা কথাবাৰ্তাত ব্যৱহাৰ কৰা ভাষাটোও (খেনোৰ মতে দোৱান) হব পাৰে । এই বিষয়ত চাৰিটা কথা কওঁ, শেষৰ দুটা আন্দোলনটোৰ গুৰি ধৰোঁতাসকলক উদ্দেশ্যি ।

১) মিঞা জনগোষ্ঠীটোৱে নিজৰ ভাষিক-জাতীয় জীৱনৰ দিশ কোনফালে পোনাব, সেয়া তেওঁলোকৰ নিজা কথা । তাক লৈ হুকুমজাৰি, পৰোক্ষ ভাবুকী, ব্লেকমেইলিং বা কটাক্ষ হব অগণতান্ত্ৰিকতা; আনকি এটা নিৰ্দিষ্ট সীমা চেৰাই কৰা টিপ্পনিও আমাৰ মতে অবাঞ্চনীয় (এই লেখাত সেই সীমা অতিক্ৰম নকৰাক লৈ আমি সচেতন) ।

২) এই আন্দোলনটোৰ কাৰক নিজৰ মূলোদ্ধাৰ আৰু আত্ম-আৱিষ্কাৰৰ ইতিবাচক তাড়না নে ৰাজ্যখনত জনগোষ্ঠীটোৱে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা ব্যৱহাৰৰ নেতিবাচক প্ৰতিক্ৰিয়া ? যদি পিছৰটোৱেই প্ৰধান কাৰক হয়, তেন্তে পৰিস্থিতিটো কোনোপধ্যেই সুখকৰ নহয়, কিন্তু তাৰ বাবে এই আন্দোলনকাৰীসকলক দায়ী কৰাৰ বিন্দুমাত্ৰও থল নাই — দায়ী হব যিসকলে পৰিস্থিতিটোৰ সৃষ্টি কৰিছে, অৰ্থাৎ অসমীয়া জাতীয়তাবাদৰ বৰ্ণহিন্দু নেতৃত্ব, আৰু সেয়ে ইয়াৰ কিবা প্ৰতিকাৰ থাকিলে সেয়াও তেওঁলোকেই কৰিব লাগিব । এই নেতৃত্বৰ উগ্ৰ অংশটোৱে মিঞা জনগোষ্ঠীটোক সদায়েই ৰাজনৈতিকভাৱে নিৰ্য্যাতন আৰু সামাজিকভাৱে অপমান কৰি আহিছে । আনহাতে ইয়াৰ অনুগ্ৰ, আপেক্ষিকভাৱে উদাৰ অংশটোৱে নিপীড়কৰ ভূমিকা নললেও সামগ্ৰিকভাৱে বিষয়টোত নিষ্পৃহ হৈ আহিছে । তথাপি কওঁ, আমাৰ যি যৎসামান্য আশা আছে, সেয়া এই দ্বিতীয় অংশটোৰ ওপৰতেই আছে : অসমীয়া জাতিটোৰ স্বাৰ্থতে, জনগোষ্ঠীটোৰ মৰ্মবেদনাৰ প্ৰতি সচেতন হওক, আপোনালোকৰ নিৰ্লিপ্তিৰ খোলাটো ভাঙক । কৈ থলোঁ । শুনিলে শুনিব, নুশুনিলেনো আমি কি কৰিব পাৰোঁ ? কবহে পাৰোঁ, কৈ থলোঁ ।

৩) ‘চলো পাল্টাই’ৰ গুৰিয়ালসকলক কৈছো, মিঞা জনগোষ্ঠীটোৰ চকুতপৰা বৈশিষ্ট্যমূলক পৰিচয় দুটা — এটা ভাষিক-জাতীয়, আনটো ধৰ্মীয় । ভাষিক-জাতীয় প্ৰশ্নটোত আমাৰ বক্তব্য ওপৰত প্ৰথম বিন্দুটোতে কলোঁ । আনহাতে আন্দোলনটো যাতে এটা ধৰ্মীয় মৌলবাদী, পুণৰোত্থানবাদী, পৰধৰ্মবিদ্বেষী জিঘাংসু সাম্প্ৰদায়িক (আনকি আত্মৰক্ষাৰ পোচাক পিন্ধা সাম্প্ৰদায়িক) অসহিষ্ণু আন্দোলনত পৰ্য্যৱসিত নহয়, তাৰ বাবে কিন্তু সাৱধান হওক । আন্দোলন এটা আৰম্ভ কৰাটো তুলনামূলকভাৱে সহজ, তাক সঠিক গতিধাৰাত বোৱাই নিয়া এশগুণ কঠিন । অসমৰ জাতীয় জীৱনত গোষ্ঠীগত বিদ্বেষ একেবাৰে অচিনাকী নহয়, আপোনালোকৰ আন্দোলনৰ সত্তেও/ফলত ৰাজ্যখনৰ সমূহ অধিবাসীৰ মাজত সমন্বয় অটুট থাকিব বুলি, বা অটুট ৰাখিব পাৰিব বুলি আপোনালোকৰ আত্মবিশ্বাস আছেনে ? থাকিলে ভাল কথা, শুভেচ্ছা জনালো । অন্যথা কথাবোৰ আকৌ ভাবক, দকৈ ভাবক । সাম্প্ৰদায়িক বা গোষ্ঠীগত সংঘাতে কিন্তু কাৰো উপকাৰ নাসাধে । কাৰো ।

৪) জনগণনাত ভাষা ‘পাল্টোৱা’ৰ বাহিৰেও ‘পাল্টা’বলগীয়া অইন বহু বিষয় আছে । ভাষাৰ প্ৰশ্নত, কৈছোৱেই, কি কৰে কৰিব, কিন্তু অন্য বিষয়বোৰত ‘পাল্টোৱা’ৰ দায়িত্ববোৰ নাপাহৰিব । মিঞা জনগোষ্ঠীৰ বিশিষ্ট সমস্যাবোৰক আমি দুটা ভাগত ভগাওঁহক : প্ৰথম, আৰ্থ-ৰাজনৈতিক, যেনে জনগোষ্ঠীটোৰ বৃহৎসংখ্যকে বাস কৰা চৰ অঞ্চলত ৰাস্তা-ঘাট, বিশুদ্ধ পানী, বিজুলী, স্বাস্থ্যসেৱা, শিক্ষানুষ্ঠানৰ অভাৱ আৰু নাগৰিকত্বৰ স্বীকৃতিৰ সমস্যা — এইবোৰৰ প্ৰতিকাৰৰ যুঁজখন আপোনালোকে অকলে যুঁজিবৰ প্ৰয়োজন নাই, অকলে যুঁজি বলে নোৱাৰিবও, পাৰস্পৰিক সহযোগিতাৰে সৈতে সমূহ জনতাৰ ঐক্যবদ্ধ যুঁজেহে ইবোৰৰ সমাধানৰ পথ মোকলাব । জনগোষ্ঠীটোৰ দ্বিতীয়বিধ সমস্যা, যাৰ চৰিত্ৰ ঘাইকৈ সাংস্কৃতিক, যেনে বাল্যবিবাহ, নাৰীৰ মানবীয় অধিকাৰৰ সমস্যা, ধৰ্মীয় মৌলবাদৰ কেঁকোৰাচেপা, বহু সন্তান জনন — পৰিচিতি সত্তাৰ ৰাজনীতিয়ে অন্ধ কৰি তোলা বহুতে যিবোৰ সমস্যাৰ অস্তিত্বই স্বীকাৰ নকৰে, অথচ জনগোষ্ঠীটোৰ অনগ্ৰসৰতাৰ বাবে যিবোৰ সমস্যা প্ৰথমবিধৰ সমানে দায়ী — এইবোৰৰ প্ৰতিকাৰ আপোনালোকে নিজেই কৰিব লাগিব, বাহিৰৰ কোনেও তাত সহায় নকৰে, কৰিব বিচাৰিলেও নোৱাৰে । এইবোৰ ক্ষেত্ৰত বিদ্যমান পৰিস্থিতিক ‘পাল্টাই’ দিয়াৰ বাবে সচেষ্ট হওক । আপোনালোককো কৈহে থলোঁ, শুনিলে শুনিব, নুশুনিলেনো আমি কি কৰিম ?

Check Also

সাগৰিকা বৰদলৈ নহয়। সন্দিকৈ কলেজৰ অধ্যাপকৰ দুখ। আত্মহত্যাৰ প্ৰচেষ্টা ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ।

এগৰাকী আশী উৰ্ধৰ অধ্যাপকে ৰেলৰ আগত পৰি আত্মহত্যা কৰিব বিছৰা এক হৃদয়স্পৰ্শী কাহিনী । নিজৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *