Breaking News
Home / Uncategorized / খবৰদাৰ চক্ৰান্তৰ জালত ভৰি নথ’ৱ মিঞা সকল:

খবৰদাৰ চক্ৰান্তৰ জালত ভৰি নথ’ৱ মিঞা সকল:

জহিৰুল ইছলাম;৭০০২০৬৪৯৮২ ।

আমি এটা বিষয় লক্ষ্য কৰিছোঁ, শেহতীয়াকৈ পৰিকল্পিত NRC ৰ আপত্তি বিষয়ক জটিলতাক লৈ একাংশ উদীয়মান যুৱ বন্ধু বান্ধৈৱে আবেগিক হৈ পৰিছে । আবেগিক হোৱাও অস্বাভাৱিক নহয় । চৰকাৰ যন্ত্ৰৰ সামান্তৰালকৈ ৰাজ্যৰ একাংশ জোল চেলিকী ফুৰা বেচৰকাৰী যন্ত্ৰৰ কুমন্ত্ৰণাত ৰাজ্যৰ মিঞা জনগোষ্ঠীটোক ৰাজনৈতিক টাৰ্মকাৰ্ড হিচাপে ব্যৱহাৰ কৰিবলৈ বাৰে বাৰে নাগৰিকত্বৰ পৰিক্ষাত বহাই অমানৱিক নিৰ্যাতন,হেনস্থ কৰি অহাৰ প্ৰচেষ্টা আৰু ৰাষ্ট্ৰহীনতাৰ যি পৰিকল্পনা কৰা হৈছে (?) সেয়া কোনো পধ্যেই সফল হ’ব নোৱাৰি একাংশ কুলাঙ্গাৰে শেহতীয়াকৈ উধাই মুধাই NRC ত ভূৱা আপত্তি দাখিল কৰিছে । যি সম্পূৰ্ণ ভাৱে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰাৰ উপৰি উচ্চতম ন্যায়ালয়ক চাইনবৰ্ড হিচাপে লৈ এই নিৰ্যাতন এক সুপৰিকল্পিত ভাৱে চলোৱা হৈছে । যি অত্যন্ত দুৰ্ভাগ্যজনক । এইবোৰৰ আৰতো যে চক্ৰান্তৰ জাল পাতি ৰাখিছে সেয়া হয়তো মিঞা সমাজৰ উদীয়মান যুৱচামে সঠিক বিশ্লেষণৰ অভাৱত ধৰিব পৰা নাই । ফলশ্ৰুতিত বাৰে বাৰে এটাৰ পাছত এটাকৈ হাৰাশাস্তি চলোৱা প্ৰত্যক্ষ কৰি এই অবৈধ ভূৱা আপত্তিবোৰ লক্ষ্য কৰি একাংশই অতিৰিক্ত আবেগিক হৈ ফেচবুকত আপডেট দিবলৈ লৈছে যে- আগন্তুক লোকপিয়ল গণনাত আমি অসমীয়াৰ পৰিৱৰ্তে বঙালী বুলি পৰিচয় দাঙি ধৰিম । এই উদীয়মান যুৱ শক্তিয়ে হয়তো ভৱাই নাই যে উক্ত চৰকাৰী আৰু বেচৰকাৰী যন্ত্ৰৰ পৰিকল্পনাই এইটো যে- মিঞা সকলক নিৰ্যাতন কৰাৰ ফলত নিজেই নিজকে অসমীয়া সমাজৰ পৰা আতৰ কৰিবলৈ বাধ্য হ’ব আৰু আমিও (কুলাঙ্গাৰ) সিহঁতক বাদৰাখি সকলো চৰকাৰী সুবিধাৰ ভোগদখল কৰাৰ সামান্তৰালকৈ সিহঁতক ৰাষ্ট্ৰহীনতালৈ ঠেলিব পাৰিম ।

১২০৫ চনৰ ইতিহাস প্ৰসিদ্ধ অসমৰ মুছলমান সকল যদিও তথাকথিত মূলসুঁতিৰ অসমীয়াতকৈও পূৰ্বৰ বাসিন্দা,সেই কথা জানিওঁ বাৰে বাৰে ইহঁতক বৰ্তমান এই নিৰ্যাতন চলোৱাৰ এটাই লক্ষ্য যে- এওঁলোক যিহেতু হাড়ে হিমজুৱে অসমীয়া হয়।যিদৰে বড়ো কাৰ্বি, ৰাভা আদি সকল প্ৰথমে বড়ো,কাৰ্বি,ৰাভা আদি , তাৰ পাছত অসমীয়া আমি মিঞা সকলেও একেদৰে মিঞা, অসমীয়া ।গতিকে যিকোনো প্ৰকাৰে,যিকোনো কৌশলেৰে অসমীয়া জাতিৰ পৰা বিচ্ছিন্ন কৰিব লাগিব । এই চক্ৰান্ত সফল হ’লেই যিমান চৰকাৰী সা-সুবিধা আছে সেই সকলোবোৰ ভোগ দখল কৰিবলৈ সুবিধা পাব । মিঞা সকলক যদি অসমীয়া জাতিৰ পৰা বিচ্ছিন্ন কৰা যায়- তেন্তে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, শৈক্ষিক আদি সকলো সা-সুবিধা সিহঁতে নিজে ভোগ কৰিব পাৰিব আৰু মিঞা সমাজ হৈ পৰিব অঘৰী ; যাৰ পটক হিচাপে কিছুদিনৰ ভিতৰতে ৰাষ্ট্ৰহীনতাৰ তোকমা লগাই দিব পাৰিব মিঞা সকলক । এয়াই যদি নহ’ব তেন্তে জানোঁ ঠিকনাবিহীন লোকৰ পৰা অবৈধ আপত্তি অবৈধভাৱে গ্ৰহণ কৰেনে ? গতিকে সিহঁতৰ এই উদ্দেশ্য সফল তেতিয়া হ’ব যেতিয়া মিঞাই নিজকে অসমীয়া বুলি পৰিচয় নিদি বিচ্ছিন্ন হব ।

গতিকে বিষয়বোৰ গভীৰ চিন্তনীয় । ইতিমধ্যে চক্ৰান্তকাৰী দলে ধোপে ধোপে আগুৱাই আছে সিহঁতৰ লক্ষ্যস্থানলৈ ,যেতিয়াই আমাৰ এই উদীয়মান যুৱ সমাজে আবেগিক হৈ নিজকে অসমীয়া সমাজৰ পৰা আতৰাই ৰাখিব বিচাৰি আছে । সেয়ে আমি মিঞা সাহিত্য সভাই অনুৰোধ জনাইছোঁ যে- আপোনালোকে নিজকে নিজৰ স্থিতিত অটল ৰাখোক । কোনো দুষ্ট চক্ৰৰ প্ৰৰোচনামূলক কথা,কামত ধ্যান নিদি নিজৰ জনগোষ্ঠীয় পৰিচয় যে মিঞা তাক উপস্থাপন কৰক ; বাধ্য কৰাওক । যি সমাজৰ লগত নিজৰ আৰু অসমীয়া জাতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু জৰুৰী ।

বিদ্ৰু: বহুতেই নিজকে বঙালী বুলি ক’ব বিচৰা দেখা গৈছে যি এই জাতিৰ বাবে বৰ্তমানৰ স্থিতিতকৈ অধিক ভয়াবহ দিশলৈ ধাৱিত কৰোৱাৰ এক জটিল কুটিলতাত ভৰি পেলোৱাবলৈ কৰা প্ৰচেষ্টা সিহঁতৰ আৰু তাৰ ফালে ধাৱিত হোৱাটোই হৈছে সিহঁতৰ পৰিকল্পনা মতে আপুনি খোজ পেলোৱা ।

মিঞাৰা বাঙালীও না,মিঞাগো ভাষাও বাংলা না ।
মিঞা গো নিজস্বতা আছে- “মিঞা ভাষা” অথবা “মিঞা দোৱান” মনে ৰাইকেন !

Check Also

নিউজ ১৮ ৰ ভূৱা বাতৰিয়ে জোকাৰিছে অসম : প্ৰকৃত তথ্য চাওক :

ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী দৃশ্য। https://m.facebook.com/story.php?story_fbid=307402083222327&id=1990158961228725 এই লিংকত প্ৰথম ১৯ জানুৱাৰীত প্ৰকাশ কৰা হৈছিল । তাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *