কুলি পিঠা মিঞা সকলৰ খাদ্য সংস্কৃতিৰ এক অন্যতম খাদ্য । কুলি পিঠা নামটো শুনা মাত্ৰেই চটাংকৈ মনলৈ আহে সৰু কালৰ কথা । সৰুতে যেতিয়া মাহঁতৰ লগত ৰন্ধা শালত চুলাৰ ওচৰত বহি বহি ৰাতি এপোহৰ দুপোহৰলৈ জাগিছিলোঁ সেই কথাবোৰ জানোঁ কেতিয়াও পাহৰিব পৰা যায় ? আধুনিকতাৰ ঢৌৱে বহুতকেই সেইবোৰ পাহৰাই থ’লেও আমাৰ দৰে যধুৰাম মধুৰামক কিন্তু পাহৰাই ৰাখিব পৰা নাই । তাৰো কাৰণ হয়তো আমি এতিয়াও চহৰৰ আধুনিকতাক ঢুকি নপোৱা হ’ব পাৰে কিজানি ।
এইপদ পিঠাৰ এক অন্যান্য কদৰ মিঞা সমাজত আজিও বিদ্যমান । এই পিঠা কেৱল ঘৰৰ লোকৰ বাবেই নহয় বৰং আলোহী আপ্যায়নৰ বাবে অন্যতম ভুমিকা পালনত সহায় কৰে । ঘৰৰ ন-জোৱাই আপ্যায়নত এই পদ পিঠাৰ বহুল প্ৰচলিত প্ৰথা আজিও আপুনি পাব চৰ-চাপৰিৰ মিঞা সমাজত । কুলি পিঠা যিকোনো চিজনত খাব পাৰি যদিও ইয়াৰ এক নিৰ্দিষ্ট সময় আমি প্ৰত্যক্ষ কৰিছিলোঁ । সাধাৰণতে কুলি পিঠা জাৰ অথবা ঠাণ্ডাৰ দিনৰ প্ৰচলিত পিঠা বুলিব পাৰি । প্ৰচণ্ড শীতৰ দিনত কুলি পিঠা প্ৰচলনৰ কিছু কাৰণো নথকা নহয় । কিয়নো, কুলি পিঠা ৰাতি বনাই অতিপাত ঠাণ্ডাৰ মাজত পুৱাই খাইছিলোঁ । আজিও তাৰ বিপৰীতে নহয় আমাৰ পৰিয়াল । সাধাৰণতে গৰমৰ সময়ত ৰাতি তৈয়াৰ কৰা যিকোনো বস্তু পুৱা খাবলৈ হ’লে সেয়া ভেকুৰ তথা দুৰ্গন্ধ হোৱাৰ সম্ভাৱনা প্ৰকট । কুলি পিঠা তৈয়াৰ কৰোঁতে বহু ধৰণৰ কেচাঁ সামগ্ৰীৰ প্ৰয়োগ কৰা হয় ; যিয়ে পিঠাৰ সোৱাদ বঢ়োৱাৰ সামান্তৰালকৈ বেছি সময়লৈ খাবপৰা অৱস্থাত ধৰি ৰাখিবলৈ কষ্টকৰ হৈ পৰে । খোৱা তিল,নাৰিকল, চাউলৰ গুৰি(গুৰা), ভজাঁ চাউল,গুৰ অথবা চিনি , কুকুৰাৰ ফেঁৰাই মাংস আদি সাধাৰণতে ব্যৱহাৰ কৰা হয় এই পদ পিঠা তৈয়াৰ কৰোঁতে । এই ৰচনাৰ জৰিয়তে পিঠা তৈয়াৰ কৰাৰ সম্পূৰ্ণ কিটিপ তলত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম যাতে মিঞা জনগোষ্ঠীৰ লোকৰ বাদেও অন্যান্য জাতি জনগোষ্ঠীৰ লোকেও তৈয়াৰ কৰি খাবলৈ সক্ষম হয় । কিয়নো এই পদ পিঠা মিঞা সমাজৰ বাহিৰে ক’তো প্ৰচলিত নহয় । আমাৰ ঘৰত আজিও কুলি পিঠাৰ প্ৰচলন যথেষ্ট । বছৰত অন্ততঃ এবাৰ হ’লেও আমি কুলি পিঠা খাওঁ । আমাৰ অংশী বংশী সখলোৰে মাজত এই পিঠা যথেষ্ঠ প্ৰচলিত অৱস্থাত আছে ।
কুলি পিঠা বনোৱা বা তৈয়াৰ কিদৰে কৰিব ?
প্ৰথমে জানি থোৱা ভাল যে কুলি পিঠা দুই প্ৰকাৰ । (ক) ভিজা (কেচা অথবা পকোৱা অথবা তিতা অথবা নাস্তা বা পায়স ; এই বিষয়ে আজিৰ আলোচনা নকৰিম পৰৱৰ্তী লিখনিত ক বিষয়ত আলোচনা কৰিম ) পিঠা আৰু (খ) ভজাঁ অথবা শুকান পিঠা । ইয়াৰ আৰু এটা ভাগ আছে সেয়া হৈছে মাংস কুলি । আজিৰ আলোচনাত পাঠকলৈ “খ” অংশ অথবা ভজাঁ আৰু মাংস কুলিৰ বিষয়ে আলোচনা আগবঢ়াম ।
(১)
(ক)খোৱা তিল পৰিমাণ মতে ভাঁজি লৈ বাকলি গুচাই ল’ৱ লাগিব ।
(খ)নাৰিকলো লাড়ু বনোৱাৰ দৰে গুৰি কৰি ল’ৱ লাগে ।
(গ)তেল মচলা বিহীন সিজা চাউল পৰিমাণ মতে ভাঁজি লৈ গুৰি অথবা পিঁহি ল’ৱ লাগিব ।
ওপৰোক্ত কামখিনি সম্পূৰ্ণ হোৱাৰ পিছত আপুনি উক্ত তিনিপদ সামগ্ৰী একেলগ কৰি মিহলাই ল’ৱ লাগিব । মনকৰিবলগীয়া কথাটো হৈছে এই তিনিপদ সামগ্ৰীৰ মিহলাই লোৱাৰ সময়ত পৰিমাণ মতে গুৰ অথবা চেনী একেলগ কৰি ঢেঁকী অথবা উৰালেৰে অলপ থেপিয়াই ল’ৱ লাগে । তিনিপদ সামগ্ৰী একত্ৰিত কৰাৰ পিছত ইয়াক মিঞা দোৱানত কোৱা হয় আদাৰ আৰু অসমীয়াত কোৱা হয় আহাৰ । এই আহাৰ আপোনাৰ আমাৰ খোৱাৰ বাবে নহয় বৰং পিঠাই খাবলৈ বা পিঠাক খুৱাবলৈ তৈয়াৰ কৰা আহাৰ । তাৰ মানে প্ৰতিটো পিঠাৰ পেটৰ ভিতৰত উক্ত সংমিশ্ৰিত বস্তুবোৰ সোমোৱাই দিব লাগিব ।
(২)
প্ৰথমে আপুনি আতোঁপ চাউল খিনি চাফা কৰি গামলা অথবা তেনেকুৱা পাত্ৰ এটাত বুৰাই ৰাখিব, যাতে পিহঁতে (গুৰি কৰোঁতে) উজু হয় । অন্ততঃ২/৩ ঘণ্টা সময় তিয়াই ৰখাৰ পাছত চাউল আৰু পানী চেপাৰেট (পৃথক) কৰিব লাগিব । পানীখিনি নিংৰি যোৱাৰ শেষত চাউলখিনি ঢেঁকী অথবা উৰালেৰে পিঁহি (গুৰি কৰি) ল’ৱ আটা বা ময়দাৰ দৰে । যেতিয়া ময়দা বা আটাৰ দৰে গুৰি হ’ব (?) তেতিয়া ইয়াক মিঞা দোৱানত কোৱা হয় গুৰা ।
ওপৰত উল্লেখিত সামগ্ৰী সমূহ তৈয়াৰ হোৱাৰ পাছত আপোনাৰ কৰণীয় হৈছে । প্ৰথমে আতোঁপ চাউলৰ গুৰা (গুৰি) খিনি গৰম পানীৰে (হালুৱা তৈয়াৰৰ দৰে ) ৰোটী বনাব পৰাকৈ হালুৱা তৈয়াৰ কৰি ল’ব লাগিব আৰু সেইবোৰ পুৰিৰ দৰে সৰু সৰু ৰোটী বনাই ল’ৱ লাগিব । পৰিমাণ মতে প্ৰতিখন ৰোটীৰ মাজত উক্ত আদাৰ অথবা আহাৰখিনি ম’ম’ৰ দৰে মেৰাই ল’ব লাগিব যদিও এই পদ পিঠা অলপ দীঘলীয়া হ’ৱ । কাৰণ ৰোটীখনৰ মাজত যেতিয়া আহাৰ খিনি সোমাই দি ভাজ কৰিব তেতিয়া হাইলাখ কোমলকাঠ মাছৰ দৰে কেচা পিঠাটোৰ পেটটো ফুলি উঠিব । ভিতৰৰ মছলা অথবা আহাৰখিনি যাতে বাহিৰত উলিয়াই আহিব নোৱাৰে তাৰ বাবে ৰোটীৰ মুৰিবোৰ চিকুটি চিকুটি মিলাই দিব বা বন্ধ কৰি দিব লাগিব । পিঠাৰ এই মুৰিবোৰ আপুনি নিজৰ মনে বিচৰা ধৰণেই বিভিন্ন ডিজাইনেৰে বন্ধ কৰিব পাৰে । বহুতেই আটাৰ ৰোটীৰ দৰে ডাঙৰ ডাঙৰ ৰোটী বনাই সেইবোৰ স্টিলৰ গিলাচৰ মুখেৰে কাটি কাটি সৰু সৰু আকাৰত গঢ় দিয়ে কুলি বনাবলৈ । এইদৰেই তৈয়াৰ কৰা হয় কুলি পিঠা যদিও এয়াই চুৰান্ত ৰূপ নহয় । এইদৰে বনাই লৈ প্ৰতিটো পিঠা তাৱা (মিঞা দোৱানৰ খোলাত) ত পৰ্যাপ্ত পৰিমাণে ভাজিব বা সেকিব লাগিব । কুলি পিঠা সোৱাদৰ দিশটো বহু পৰিমাণে নিৰ্ভৰ কৰে সেকা বা ভজাৰ ওপৰত । যিমানেই ভাল সেকিব সিমানেই সোৱাদ বেছি হ’ব ।
আনহাতে মাংস কুলি বনাবলৈ হ’লে উক্ত ধৰণেই তৈয়াৰ কৰিব পাৰি কেৱল তিল,নাৰিকল, চাউলগুৰিৰ সৈতে মিহলাই লোৱা গুৰ খিনি দিয়া নাযাব । ছাগলী বা মুৰ্গীৰ মাংস কঁচাই (ভালদৰে তেল মচলাৰে ফেঁৰাই কৰি লৈ ) লৈ একেদৰে তিল,নাৰিকল, চাউলগুৰি একগোট কৰি লৈ পিঠাবোৰ তৈয়াৰ কৰোঁতে কেৱল এটুকুৰাকৈ মাংস দিব লাগিব। হাড়যুক্ত মাংসৰে বনোৱা পিঠা খাবলৈ সোৱাদ অলপ আচুতীয়া হয় । কোনোবা আকৌ মাংস কুলিত তিল নহোৱাকৈও তৈয়াৰ কৰে । উল্লেখ্য যে মুৰ্গীৰ মাংসৰ কুলি পিঠাৰ আমাৰ ঘৰত প্ৰচলন আছে । মাংস কুলি আৰু তিল কুলিৰ পাৰ্থক্য এইখিনিয়েই ।
আপুনিও আপোনাৰ ঘৰত নিজেই প্ৰস্তুত কৰিব পাৰে কুলি পিঠা । মিঞা সমাজৰ এই পদ খাদ্য সামগ্ৰী ঠাণ্ডাৰ চিজনত ৰাতি প্ৰস্তুত কৰি পুৱা আকৌ সেকি গৰম গৰম খাবলৈ দিয়ে ঘৰৰ আলোহী তথা ন -জোৱাইক আপ্যায়নৰ সময়ত । সাধাৰণতে পৰিয়ালৰ লোকেও একেধৰণে খায় । অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ লোকেও উক্ত কিটিপ খিনি মনত ৰাখি নিজে নিজেই ঘৰত প্ৰস্তুত কৰি খাব পাৰে মিঞা সমাজৰ খাদ্য সম্ভাৰৰ অন্যতম এই পদ খাদ্য কুলি পিঠা । যদিহে আপোনাৰ প্ৰস্তুত কৰাত কোনো অসুবিধা হয় তেন্তে আপোনাৰ চুবুৰী তথা ওচৰৰ মিঞা সমাজৰ যিকোনো মিঞাৰ (সাধাৰণতে বয়সীয়াল মহিলাৰ) সহায় ল’ৱ পাৰে অথবা আমাকো অৱগত কৰিলে যথাসম্ভৱ আমিও আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম ।
পৰৱৰ্তী লিখনিত কুলি নাস্তা (পায়স) ৰ বিষয়ে জনাম ।