Breaking News
Home / Editorial / AIUDF ৰ দৰে দলৰ প্রয়োজন আছে কিন্তু বদৰুদ্দীন আজমলৰ নাই:

AIUDF ৰ দৰে দলৰ প্রয়োজন আছে কিন্তু বদৰুদ্দীন আজমলৰ নাই:

@ মাইন উদ্দিন

আপুনি স্বীকাৰ কৰক বা নকৰক এইটো কথা সত্য যে অসমৰ ধর্মীয় সংখ্যালঘু জনগণৰ মাজত বৰাকৰ ছিলেটিয়া সকল শৈক্ষিক আৰু আর্থিক ভাবে বেছি স্বচ্ছল। এই কথাৰ প্রমান মইনুল হক চৌধুৰীৰ পৰা গোলাম ওছমানী হৈ বদৰুদ্দীন আজমল লৈকে পাব পাৰি। সেইদৰে বৌদ্ধিক জগত খনও প্রায় একেই – অধ্যাপক আব্দুল মান্নান চাৰৰ পৰা মনিৰুল হাছান ছাৰ লৈকে দিব পাৰি। স্বাধীনতাৰ আগৰ সময়ত ব্রহ্মপুত্র উপত্যাকাৰ অবিসম্বাদী নেতা মৌলনা ভাসানীৰ এটা অবিবেচক সিদ্ধান্তই সংখ্যালঘু জনতাক নেতা বিহীন কৰিছিল কিন্তু সাধাৰণ দুখীয়া জনতাই মৌলনা ভাসানীৰ সিদ্ধান্তক অগ্রাহ্য কৰি এই অসমকে নিজৰ মাতৃভূমি বুলি ৰৈ গৈছিল। এই নেতা বিহীনতাৰ সুযোগ লৈছিল তদান্তীন চিলেট জিলাৰ পৰা ফালৰি কাটি আনি গঠন কৰা কাছাড় জিলাৰ সুবিধাবাদী উচ্চ শিক্ষিত নেতা সকলে আৰু সেই ধাৰা ৭০ বছৰ পিছতো অব্যাহত আছে।

অসমৰ ধর্মীয় সংখ্যালঘুৰ তথাকথিত একছত্ৰী অভিভাৱক ৰাজনৈতিক দলটোৱে বিগত ৭০ বছৰে এজন ও যোগ্য নেতা তৈয়াৰ নকৰিলে , যিয়ে এই মানুহ খিনিৰ মূল সমস্যা সমূহ সমাধান কৰিব পাৰে, তাৰ পৰিৱৰ্তে তৈয়াৰ কৰিলে কিছুমান মধ্যভোগী “yes, sir” ভৃতৰ। দল যিয়েই নহওক, এই “yes, sir” নেতা (?) সকলে জনসাধাৰণৰ একো কৰিব নোৱাৰিলেও দিছপুৰ, হাতীগাওঁ আদিত ডাঙৰ ডাঙৰ হোটেল বা বাসগৃহ ঠিকেই নির্মাণ কৰিছে। কিছুমানে নিজৰ নামত, কিছুমানে পত্নীৰ নামত আৰু কিছুমানে ভাতৃ বা ভাতৃ বোৱাৰীৰ নামত সম্পদৰ পাহাৰ গঢ়িছে। এইখিনিতে ইতিহাসৰ পাত লুটিয়ালে দেখা পোৱা যে প্রাগ্জ্যোতিষ বা কামৰূপ বা অসমত প্রব্রজনৰ সোঁত প্রাগৈতিহাসিক যুগৰ পৰাই চলি আহিছিল আৰু এই ধাৰা কুৰি শতিকাৰ দ্বিতীয় দহকলৈ কোনো বাধা-বিঘিনি নোহোৱাকৈ চলিয়েই আছিল। কিন্তু কুৰি শতিকাৰ দ্বিতীয় দহকত কিছু সংখ্যক অসমীয়াই এই প্রব্রজনৰ সোঁত বন্ধৰ আহবান জনায়, যাৰ ফলত সেই সময়ৰ ব্রিটিশ শাসক সকলে প্রথম বাৰৰ বাবে “লাইন প্রথা, অসম-১৯২০” প্রৱর্তন কৰে। (কাৰ কাৰণে , কিয় আৰু কেনেকৈ কৰা হৈছিল – এই বিষয়ে অন্য প্রবন্ধত লিখিছো)

১৮৩৪ চনৰ পৰা ১৯২০ চনলৈ, ইতিমধ্যে ১৩০০০০০ নতুন কৈ প্রব্রজিত মানুহ অসমত থিতাপি লৈছিল। ১৯২০ চনত এই মানুহ খিনিক তদান্তীন অসমীয়া জাতীয়বাদী নেতা সকলে দুটা “লাইফ লাইন”(Life Line) দিছিল – হয় অসম ত্যাগ কৰা নহলে অসমীয়া জাতিত বিলীন হৈ যোৱা। বিভিন্ন জনগোষ্ঠীৰ ন প্রব্রজিত মানুহখিনিয়ে দ্বিতীয়টো লাইফ লাইন বাছি লৈছিল। অর্থাৎ – বঙ্গীয় হিন্দু, বঙ্গীয় মুছলমান, ছোট নাগপুৰীয়া আদিবাসী, চাওঁতাল, চামুন্ডা, আদি লোক সকলে অসমীয়া জাতীয় জীৱনত বিলীন হোৱাৰ অংগীকাৰবদ্ধ হৈছিল। সময়বোৰ পাৰ হৈ গৈ আছিল দেশ স্বাধীন হৈছিল কিন্তু এই ন প্রব্রজিত মানুহ খিনিক বৃটিছে যি উদ্দেশ্যত আনিছিল সেই একে কামতে ব্রতী হৈ থাকিল, যাৰ বাবে উন্নয়নৰ “উ” টোক কাচিৎ হে দেখা পালে এই ন প্রব্রজিত মানুহ খিনিয়ে। যিকোনো এটা জাতিৰ উন্নয়ন নিৰ্ভৰ কৰে জাতিটোৰ শিক্ষা ব্যৱস্থাৰ ওপৰত কিন্তু এই ন-প্রব্রজিত মানুহখিনিৰ শিক্ষা ব্যৱস্থা পুতৌলগা। প্রমান দিয়াৰ প্রয়োজন নিশ্চয় নহব – যিকোনো চাহ বাগান বা চৰ চাপৰিত গলেই প্রমান পাই যাব। শেহতীয়া ভাবে প্রকাশিত চৰকাৰী তথ্যমতে অসমৰ ৫১% মানুহ চাহ বাগান বা চৰ চাপৰি বাসী। সহজ ভাবে কব গলে- অসমৰ আধাৰ বেছি সংখ্যক মানুহৰ উন্নয়ন হোৱা নাই। শিক্ষাৰ প্রভাব নপৰিলে কিছুমান আনুসংগিক সমস্যাই সমাজ এখনক কুলষিত কৰে –

১. জনসংখ্যা বিস্ফোৰণ
২. অপৰাধ প্রবণতা
৩. আর্থিক উশৃখলতা
৪. মানসিক অকর্মণ্যতা
৫. মাদক সেৱন প্রবণতা

এতিয়া প্রশ্ন হয় – শিক্ষাৰ দিশত এই মানুহ খিনিক পিছ পেলাই ৰাখিলে কোনে ? উত্তৰ সকলোৱে জানে কিন্তু মুখ খুলি ৰাজহুৱা কৰাৰ সৎ সাহস কাৰো নাই, এনেকি মোৰ নিজৰো নাই। এই ক্ষেত্রত সহযোগ কৰিলে এই জনগোষ্ঠীৰে কিছু মধ্যভোগী নেতাই(?)

প্রতিটো নিৰ্বাচনৰ আগে আগে কিছু তথাকথিত সমাজ সেৱক ওলাই আহে আৰু সপোন দেখায় কিন্তু নিৰ্বাচনৰ পিছত দেখা নাযায়।

আমি স্বীকাৰ কৰিবই লাগিব যে ” হাজী আজমল ” পৰিয়ালে অসমত আন বহু জনতকৈ বেছি সমাজ সেৱা মূলক কাম কৰিছে সেয়াও জাতি ধর্ম ভাষা নির্বিশেষে কিন্তু অসমৰ সংখ্যালঘু জনতাৰ ত্রাণকর্তা হব পৰাকৈ যোগ্য এতিয়ালৈ হৈ উঠা নাই। ” হাজী আজমল ” পৰিয়ালৰ ভাল কামবোৰ গোটেই অসম বা ভাৰতবর্ষই জানেই যেতিয়া ইয়াত লিখিব খোজা নাই ( স্থান অভাৱ) কিন্তু প্রয়োজনীয় আৰু সক্ষমতা থকা কাম এতিয়ালৈ কৰা দেখা নাই – যথা

১. অতি কমেও তিনিখন বিশ্ববিদ্যালয় (minority status)
২ .তিনি খন কাৰিকৰী মহাবিদ্যালয় (minority status)
৩. অতিকমেও ২খন চিকিৎসা মহাবিদ্যালয় (minority status)
৪ . সামাজিক জীৱন (socialogy) গৱেষণা কেন্দ্র (minority status)
৫. কলা সংকৃতি বিকাশ কেন্দ্র ( সামাজিক সজাগতাৰ কাৰণে চিনেমা , নাটক প্রযোজনা আৰু পৰিচালনা প্রকল্প) (minority status)
৬. ক্রীড়া বিকাশ কেন্দ্র (minority status)
৭. সামাজিক যোগাযোগ মাধ্যম – টিভি , পেপাৰ , পত্রিকা প্রকাশন আদিৰ পৃষ্ঠপোষকতা
৮. ৰাজনৈতিক ভাবে discrimation ৰোধৰ বাবে আইন প্রণয়নৰ ক্ষেত্রত আগভাগ লোৱা।
৯ .শিক্ষিতক যোগ্যতা অনুহাৰে প্রশিক্ষণৰ মাজেৰে স্বাবলম্বী কৰা।
১০. অকল চিলেটিয়া আৰু দাড়ি টুপিবালাই অগ্রাধিকাৰ পাব – এই মনোভাব পৰিত্যাগ কৰা।

আৰু বহু আছে যদিও সদ্যহতে এইখিনিয়েই কৰকচোন – সদলবলে সকলোৱে শলাগ লব কিন্তু আজমল এন্ড কোম্পানীয়ে এইখিনি কৰিবলৈ ইচ্ছা নাই যেনেই লাগে। আজিৰ পৰা কমেও ৮ বছৰ আগৰ পৰা বিভিন্ন জনৰ হতুৱাই জনাই আহিছিলো আৰু ২ বছৰ আগত ও জনাইছিলো এনেকি ৩ মাহ মান আগত তেখেতৰ দলৰ উচ্চ শিক্ষিত বিধায়ক এজনকো জনাইছিলো । কাৰণটো বুজাত অসুবিধা হোৱা নাই – মানুহখিনি যদি শিক্ষিত তথা আত্মনির্ভৰশীল হয় তেন্তে তেখেত সকলক নেতা বুলি নামানে নহয়।

অকল অসম বা ভাৰত নহয় – পৃথিবীৰ সকলো ঠাইতে সংখ্যালঘু সকল discimination ৰ চিকাৰ হয়। কৰবাত অলপ বেছি বা কৰবাত অলপ কম। সুখৰ কথা এইখিনিয়ে যে ভাৰতীয় সংবিধানে এই discimination ৰোধৰ ভাবে ৭ অধ্যায় আৰু ৩৫ টা সন্নিবিষ্ট কৰিছে। অসমত discrimation হয় নে নহয় নাজানো কিন্তু এটা তথ্য কব পাৰো – মুঠ জনসংখ্যাৰ ৩৫% লোকৰ মুঠ চৰকাৰী চাকৰিৰ হাৰ ৪.২% হে। বাকী বিবেচনা আপোনালোকৰ।
গতিকে, সহজে অনুমেয় যে – এই সত্য খিনিক সমাজত তুলি ধৰিবলৈ বিশেষ দল বা মতৰ প্রয়োজন সেয়া AIUDF বা আন যিকোনোৱে বহন কৰিব পাৰে। আন এটা কথা উনুকিয়াব বিচাৰো যে ভাৰতৰ ৭০% সংখ্যাগুৰু মানুহ এতিয়াও সত্যপ্রিয় আৰু নিৰপেক্ষ। ( NDA মাত্র ৩১% ভোট পাইছিল তাতেও ১% UPA বিৰোধী ধর্ম নিৰপেক্ষ ভোট আছিল). সংখ্যালঘু জনসাধাৰণ মনৰ কথাবোৰ সংখ্যাগুৰুৰ কাষত আস্থাভাজন ৰূপত লৈ যাবলৈ হলে সংখ্যাগুৰুৰ মনত থকা শঙ্কা সমূহ আগত দূৰ কৰিব লাগিব যিটো বদৰুদ্দীন আজমল সম্পূর্ণ ভাবে বিফল হৈছে। ইয়াৰ ফলত – সংখ্যালঘু মানুহৰ লাভতকৈ ক্ষতিৰ পৰিমাণ বেছি দেখা যায়। আগতে মতৰ অমিল আছিল যদিও মনৰ অমিল নাছিল কিন্তু আজিকালি মতৰ লগতে মনৰো দূৰত্ব বহু যোজন হৈ গল।

Check Also

সাগৰিকা বৰদলৈ নহয়। সন্দিকৈ কলেজৰ অধ্যাপকৰ দুখ। আত্মহত্যাৰ প্ৰচেষ্টা ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ।

এগৰাকী আশী উৰ্ধৰ অধ্যাপকে ৰেলৰ আগত পৰি আত্মহত্যা কৰিব বিছৰা এক হৃদয়স্পৰ্শী কাহিনী । নিজৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *