Breaking News
Home / Editorial / মিঞা সাহিত্য সভা সংক্ৰান্তত এলাৰ্জি অথবা জলাতংক কিয় ?

মিঞা সাহিত্য সভা সংক্ৰান্তত এলাৰ্জি অথবা জলাতংক কিয় ?

মিঞা সাহিত্য সভা সংক্ৰান্তত এলাৰ্জি বা জলাতংক কিয় ? হয় আপোনালোকক কৈছোঁ । যি সকলে মিঞা সাহিত্য সভাৰ নাম শুনামাত্ৰেই চটাংকৈ উঠিছে সিহঁতে নিজকে কি বুলি পৰিচয় দিয়ে ? সিহঁতে আজিলৈ কেইজনে ডি ভোটাৰকলৈ ৰাজ পথত আহি প্ৰতিবাদ কৰিছে ? দুই চেৰেকে কলমৰ মূৰত তুলিছে যদিও সিহঁতে কিয় এই অবৈধ প্ৰক্ৰিয়া ৰোধ কৰাব নোৱাৰিলে ? নিজকে অতি উচ্চখাপৰ বুদ্ধিদিপ্ত বুলি ভৱা সকলে আজি মিঞা সাহিত্য সভাৰ বিৰোধীতা কৰাৰ নৈতিক অধিকাৰ আছেনে ? যদি আছে তাৰ ব্যাখ্যা আগবঢ়াবলৈ অনুৰোধ থাকিল । এই লিখনিৰ তলে ওপৰে কিছু কথা আলোচনা কৰিম, আশা কৰোঁ সমালোচনা কৰা সনামধন্য সকলে লিখনিক প্ৰত্যাহ্বান জনাই নৎসাত কৰি দি আমাৰ দাবী আৰু মিঞা সাহিত্য সভা গঠন যে এটা ভুল প্ৰক্ৰিয়া তাক প্ৰমাণ কৰিব । আমিও তেতিয়া সেই সকল মহান বুদ্ধিজীৱীৰ কথামতেই সকলো ত্যাগ কৰি সিহঁতে দেখুৱা পথত চলিবলৈ চেষ্টা কৰিম । বহুতেই অসমৰ অসমীয়া মুছলমান সমাজৰে এক বুজন সংখ্যক লোকক তাহানিৰ পৰাই বিভিন্ন নামাকৰণেৰে (মানুহখিনিকলৈ নিজৰ নিজৰ) জোলখোৱা ৰাজনীতি কৰি আহিছে ! সেয়া লেখক বুদ্ধিজীৱী যিয়েই নহওক । এইক্ষেত্ৰত নামধাৰী একাংশ মুছলামান বুদ্ধিজীৱীয়েও হাত উজান দি নিজকে অসম,অসমীয়া জাতি প্ৰেমৰ তোকমাৰে খেতিপথাৰত ৰাসায়নিক সাৰ ছটিয়াই আহিছে । নিজকে প্ৰতিষ্ঠিত কৰিবলৈ ইমানেই উত্ৰাৱল সিহঁত যে- সঁচা অৰ্থাৎ সিহঁতে অসমৰ মুছলমান সমাজৰ কান্ধোত ভৰ দি কেৱল নিজৰ জনগোষ্ঠীটোকেই প্ৰতাৰণা কৰা নাই বৰং সিহঁতে অসম, অসমীয়া জাতিকো প্ৰতাৰণা কৰিছে । সিহঁতে লিখা-মেলাৰে সাহিত্য জগতখন চহকী কৰিছে সেয়া অস্বীকাৰ কৰা নাই যদিও সিহঁতে অসমীয়া জাতিক প্ৰতাৰণা যে কৰিছে সেয়া এশ শতাংশই খাটাং । কাৰণ, অসমত অসমীয়া নামৰ কোনো নিৰ্দিষ্ট জনগোষ্ঠীয়েই যিহেতু নাই (?) (বিভিন্ন গোত্ৰ গোষ্ঠীৰ সংমিশ্ৰিত এক উমৈহতীয়া জাতিহে অসমীয়া) তেনে মূহুৰ্তত মিঞা জনগোষ্ঠী তথা মিঞা সাহিত্য সভাৰ বিৰোধীতা কৰাৰ যুক্তি আছেনে ? যি সকলৰ আজি মিঞা সাহিত্য সভাৰ নাম শুনতেই কচু লগাদি গাত লাগিছে (?) আৰু মিঞা সাহিত্য সভা গঠনৰ অগ্ৰণী ভূমিকা লোৱা সকল যদি অসমীয়া জাতী বিদ্বেষৰ গোন্ধ পাইছে তেন্তে সিহঁতে বড়ো,গাৰো,ৰাভা,তিঞা আদি জনগোষ্ঠীৰ সাহিত্য সভাক বা সিহঁতকো অসমীয়া জাতি বিৰোধী বুলি কোৱাৰ দূৰ সাহস আছে নে ? নে সিহঁতে অসমীয়া জাতিৰ অংগ নহয় বুলি ভাৱে ?

কিছুমানে মিঞা জনগোষ্ঠী নামকেই নাকচ কৰিব বিচাৰে । মোৰো কোনো আপত্তি নাই সলনি হ’লে ; কিন্তু ১৯৯৪ চনৰ পৰাই যি সকলে মিঞা জনগোষ্ঠী মিঞা জনগোষ্ঠী বুলি জনজাতিৰ মৰ্য্যদা বিচাৰি চিঞৰ বাখৰ কৰি আছে সিহঁতৰ লগত আজিৰ তাল-ফাল কৰা সকলে কেতিয়াবা এখন মেজত বহি কোনো সিদ্ধান্তলৈ অহাৰ প্ৰচেষ্টা কৰিছিল নে ? নে তলে তলে জোলখোৱাৰ আশাত ভাৱিছিল যে ইহঁতে আগুৱাব নোৱাৰিব কোনোদিনেই আমিবোৰে জোল খাই থাকোঁ ? আজি যেতিয়া উঠি অহাচামে নিজৰ ভাল আৰু সাংবিধানিক স্বাধীকাৰৰ কথা বুজি পাই নিজে ওলাই আহিবলৈ লৈছে তেনে মূহুৰ্তত সেই সকল বুদ্ধিৰ ঢিপাই সকলে আজি নিজে সংকিত হোৱাৰ কাৰণ কি ? নামাকৰণ প্ৰসংগত বহুতেই এই বুজন সংখ্যক মানুহক বিভিন্ন নামেৰে পিতৃ পৰিচয়হীন লোকৰ দৰে লানত দিবলৈ কৃপণালী কৰা নাছিল ।

পমুৱা নামেৰেও বিচ্ছিন্ন কৰি আহিছে বুলি আমি ভাৱো – পমুৱা মানে হৈছে – পাম পাতি বসবাস কৰা; সচাই আমি পামত বাস কৰি আহিছো নে ? আহো অভিবাসীলৈ – ইয়াৰ মানে হৈছে এখন দেশৰ ৰাজনৈতিক ভূখণ্ডত আন এখন দেশৰ পৰা আহি অস্থায়ীভাৱে বসবাস কৰা লোকক বুজাবলৈ ব্যৱহাৰ কৰা হয় ; তেন্তে সচাই আমিবোৰ অস্থায়ী নে ? আমি অষ্ট্ৰেলীয়া, আমেৰিকা,আৰবীয়ান আদি কোন দেশৰ পৰা আহি এই ভূখণ্ডত আছোঁ ? মৈমনসিঙিয়া বুলিও ইতিকিং কৰা হৈছে আজিও । হয়, তাহানিৰ মৈমনসিং কোনখন ৰাষ্ট্ৰৰ অধিনত আছিল আৰু আজি ক’ত আছে ? অনকি এখন ৰাষ্ট্ৰ বা ৰাজ্যৰ ইখন জিলাৰ পৰা সিখন জিলালৈ কোনোবাই বাসস্থান সাল-সলনি কৰিলে তাক বিদেশী বুলি বা সেই পূৰ্বৰ জিলাখনৰ নামেৰে নামাকৰণ কৰিব লাগিব বুলি সংবিধানৰ কোনখণ অধ্যায়ত আছে ? ই এক চৰম অপমান নহয়নে ? তথাপিতো কওঁ যে কেৱল মৈমনশিং জিলাখনৰ পৰাই স্থানান্তৰ হৈছিল নেকি ? নিশ্চয় নহয় । আমি জনাত ১৯০৫ ৰ পৰা ১৯১১ চনলৈ অভিভক্ত অসমৰ ৰাজধানীখনেই আছিল বৰ্তমান বাংলাদেশৰ ঢাকা ; এতিয়াও বাংলাদেশত আহোম মূলীয় লোক ৰৈ থকাৰ সঅন্তৰালকৈ বড়ো, ৰভা, গাৰো আদি ৰৈ আছে । এখন পৰিয়াল চাৰি ভাই-ককাই থাকিলে পিছৰ পৰ্য্যায়ত সিহঁতে পৃথকে হ’লে ভাই-ককাই পৰিচয় মচি দিয়া হয় নে ? তেন্তে কোনখিনিক বুজাব বিচাৰে এই সকল সনামধন্য বুদ্ধিৰ ৰজা সকলে মৈমনশিঙা নামেৰে ? ন-অসমীয়া (?) অসমীয়াৰ ন-পূৰান বুলি কেতিয়া, কোনখন আইন বা নিয়ম তৈয়াৰ কৰা হৈছিল ? জনাবলৈ আবেদন থাকিল । আজিলৈ কোনখিনিক অসমীয়া বুলি কোৱা হয় বা অসমীয়াৰ পূৰ্ণাংগ সুত্ৰ দাঙি ধৰিব নোৱাৰা বুদ্ধিৰ বেপাৰী সকলে কাক ন আৰু কাক পুৰাতন অথবা কাক মধ্য অসমীয়া বুলি ভাৱে ? আশা কৰো উত্তৰ পাম ; আনকি ধৰি ল’লো (অযুক্তিকৰ যদিও) এতিয়াও ন-অসমীয়া হৈ আছেনে এই সকল মুছলমানে ? আমি ভাৱো আপোনাসৱে নিজৰ ব্যক্তিগত স্বাৰ্থত ইমান দিনে কৰি অহা চলনা আজিৰ সমাজে ইমান সহজেই গ্ৰহণ কৰাৰ বিপৰীতে তাক বিবেচনা কৰিহে আগবাঢ়িব । বিভিন্ন স্বাৰ্থান্নেসী নামবোৰে সীমাৱদ্ধতা আৰু বিতৰ্কিত হৈ থকাৰ বাবেই ওপৰৰ এটা নামো গ্ৰহণযোগ্য নহয়, আনকি নিজকে মিঞা বুলি ভৱাখিনিয়ে মানিও নলয় আৰু ভালো নাপায়। তাৰ সলনি মিঞা (মান্যজনক দিয়া সন্মানৰ অৰ্থত বুজোৱা উপাধি, বিশেষ্যণ) নামটোহে সমাজৰ সৰহ সংখ্যকেই পছন্দ কৰে (মূলসুঁতিৰ মাজত যদিও নিন্দা অৰ্থজনক) । এই সম্পৰ্কে বিভিন্ন আলোচনা-বিলোচনাৰ অন্তত বেছিভাগেই মিঞা নামটো গ্ৰহণযোগ্য বুলিও কৈছে আৰু মানি লৈছে ।

দ্বিতীয়তে আহিছোঁ, মিঞা ভাষা অথবা দোৱান লৈ বহু প্ৰশ্নৰ অৱতাৰণা কৰি বুদ্ধিজীৱী নামধাৰী একাংশ মুছলিমে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক ভুল বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰচেষ্টা চলাই নিজৰ ৰাম ৰাজত্ব বৰ্তাই ৰখাৰ অহৰনিশি চেষ্টা কৰিছে । দুটামান কথা নক’লে নহ’ব সেয়ে জানি থোৱা ভাল যে- (ক) ইতিমধ্যেই অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই ফাস্ট নিউজ অসম নামৰ ৱেব নিউজ পৰ্টেলৰ এক সাক্ষাৎকাৰত উল্লেখ কৰি সকলোকে স্পষ্ট কৰি দিছে যে মিঞা দোয়ান বা ভাষা বাংলা ভাষা নহয় বা ক’লে ভুল হ’ব ; বৰং এই ভাষা প্ৰাচীন কামৰূপৰ অপভ্ৰংশহে । (খ) যিকোনো এটা জনগোষ্ঠীয় ভাষা বা দোৱানত সাহিত্য -সংস্কৃতিৰ , গৱেষণা,চৰ্চা আদি কৰিবলৈ কেৱল সেই জনগোষ্ঠীয় গৱেষক, সাহিত্যিকৰেই যে প্ৰয়োজন তেনে কোনো ধৰাবন্ধা নিয়মো নাই ৷ অন্যান্য জনগোষ্ঠীয় গৱেষক-সাহিত্যিক,পণ্ডিতেও গৱেষণা, চৰ্চা আদি কৰিব পাৰে ৷ তাৰ বাবে প্ৰয়োজন মাথোঁ গৱেষকজনৰ সেই ভাষাটো মূলাৰ্থ বুজিব পৰা ব্যৱস্থা ৷ উদাহৰণস্বৰূপে- ইছমাইল হুছেইন (কনিষ্ঠ) তাৰ জলন্ত প্ৰমাণ ; তেখেতে ইতিমধ্যে শংকৰদেৱৰ ব্ৰজাৱলী ভাষাৰ সাহিত্য চৰ্চাৰে শংকৰী সাধকৰ খ্যাতিও অৰ্জন কৰিবলৈ সক্ষম হৈছে । দুৰ্ভাগ্য যে- সিহঁতে নিজকে বুদ্ধিজীৱী বুলি প্ৰতিষ্ঠিত কৰিছে যদি এই সামান্যতম ধাৰণাখিনিও নাই । মিঞা সকলে সচাৰচাৰ ব্যৱহ্ত্ব ভাষা বাংলা আৰু অসমীয়া আদিৰে মিশ্ৰিত হৈ পৰিছে । সংমিশ্ৰণত এক মিশ্ৰিত আচুতিয়া দোৱান হিচাপে পৰিগণিত হৈছে । চাহবাগানৰ সাদাৰি ভাষা, লগতে অন্যান্য জাতি-জনগোষ্ঠীয় দোৱান যেনেকৈ তেওঁলোকৰ নিজৰ দোৱানৰ ভাষিক ৰূপৰ লগতে অসমীয়া আৰু অন্যান্য ভাষাৰ মিশ্ৰণ ঘটি অসমীয়াৰ উপভাষা ( চাহ বাগানৰ কথিত অসমীয়া) ঠিক তেনেদৰে মিঞা মুছলমানৰ কথিত অসমীয়াও অসমীয়াৰ উপভাষা পাবৰ যোগ্য (ভুলতো বাংলাৰ নহয়) বুলি ধাৰণা নকৰা এক অমূলক কথাৰ বাদে একো নহয় ।

মিঞা সাহিত্য সভাৰ নাম শুনিয়েই একাংশৰ নাক মন্দিৰৰ ঘণ্টিৰ দৰে বাজি উঠিছে ৰাজনৈতিক গোন্ধ পোৱা বুলি । সিহঁতে নিজৰ নিম্ন কু-ৰুচিতাও প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে । কিবা এটা কৰিব বিচাৰিলেই ৰাজনৈতিক গোন্ধে নাক চুই যোৱাও একপ্ৰকাৰৰ ব্যক্তিবাদী ৰাজনৈতিক জোলত পানী লগা যেন অনুভৱ হয় । মিঞা সাহিত্য সভাৰ কথা শুনিয়েই কিছুমানে বাংলাক প্ৰাধান্য দিয়াৰ এক প্ৰচেষ্টা বুলি অপ-প্ৰচাৰ কৰা দেখা গৈছে । আমি সিহঁতক ক’ব বিচাৰোঁ যে- মিঞা দোৱানক মৰ্য্যদা দিলেই যদি বাংলাদেশীৰ ফালে টান উঠাৰদৰে ঘৃণনীয় অপপ্ৰচাৰ আৰু সন্দেহ হয় (?) তেন্তে জানি থোৱা ভাল যে- অসমত অসমীয়া ভাষাৰ উৎপত্তি কি ? কেনেকৈ হৈছে ? কোন কোন ভাষাৰ পৰশত জীপাল হৈছে ।

আনহাতে , এই কথাও নজনাকৈ কথাকোৱা মানে নিজৰ অতি ভক্তিৰে কাৰোবাক ঠগাবলৈহে প্ৰচেষ্টা চলোৱা ; অসমত মিঞা দোৱানত সাহিত্য চৰ্চা কৰিলেই যদি খেদ হয়, তেন্তে জানিব বিচাৰোঁ যে অসমত অসমীয়াৰ সূত্ৰ বা ব্যাখ্যা কি ? অসমীয়া বুলি কোনো এটা নিৰ্দিষ্ট গোষ্ঠী আছে নেকি ? এই কথাখিনিৰো উত্তৰ আশা কৰিলোঁ । অ হয়, মই কিন্তু অসমীয়া কিন্তু তথাকথিত অতি অসমীয়া মুছলমানৰ দৰে নহয় , যিদৰে ৰংবং তেৰাং ডাঙৰীয়া, পৰমানন্দ ৰাজবংশী ডাঙৰীয়াহঁত অসমীয়া ঠিক একেদৰেই মইও অসমীয়া ।

প্ৰখৰ বৰষুণ ৰ’দক নেওঁচি গাত ৰ’দ নগ’লা আৰু বৰষুণ নপৰা এটা জনগোষ্ঠী এই মিঞা সকল ! আমিবোৰ নিৰ্লজ্জৰ দৰে এই সকলক লৈ ব্যক্তিগত স্বাৰ্থৰ উৰ্ধত গোমণ কৰিব নোৱাৰাটোহে কিমান নিচ মানসিকতাৰ তাকে চিন্তা কৰা দৰকাৰ । লেট্ৰিনৰ টেংকী পৰিস্কাৰ কৰা কৰ্মীজনৰ পৰা আৰাম্ভ কৰি নলা পৰিস্কাৰ কৰা, ঘাঁহ কটা, বাগিছা চাফ কৰা , কাপোৰ ধোৱা,বাচন-বৰ্তন ধোৱা কৰ্মী ! ঠেলা চলোৱা, ৰিস্কা চলোৱা, ড্ৰাইভাৰি, হেণ্ডিমেন, মাছৰ বেপাৰী, শাক-পাচলিৰ বেপাৰী, ফল-মূলৰ বেপাৰী ,হাঁহ-মুৰ্গীৰ বেপাৰী,নাঙল মাৰি খেতি কৰা, শস্য উৎপাদন কৰা – ধান, গোমধান, তিল, মাহ জাতীয় শস্য, মৰাপাট, কুঁহিয়াৰ, বিভিন্ন শাক-পাচলি, ফল-মূল , হাঁহ, পাৰ, মুৰ্গী চৰাই, ছাগলী আদি আৰু যিমান আছে কি কৰা নাই ? চহৰীয়া বাবু সকল বাদেই যি সকলে আজি মিঞা সাহিত্য সভাৰ নাম শুনি মৰা গৰুৰ ওপৰত শগুণ পৰাদি পৰিব বিচাৰিছে আপুনিও অস্বীকাৰ কৰিব পাৰে নে যে- আপোনাৰ সপোনৰ ঘৰখনৰ ইটাত লাগি আছে যি সকলৰ হাতৰ পৰশ, মন্দিৰ,মছজিদৰ টাইলচত লাগি আছে যিসকলৰ শ্ৰম ঘাম সেই কথাবোৰ পাহৰি যায় নে যে এইবোৰতো মিঞাৰ অৱদান আছে বুলি ? তেন্তে কি স্বাৰ্থত মিঞা সকলে ব্যৱহদ্ধ কৰ্মৰাজি,সংস্কৃতি আদিক ধৰি ৰাখিবলৈ মিঞা সাহিত্য সভা গঠন কৰিব নোৱাৰে ? আপোনালোকে প্ৰকৃতাৰ্থত বিচাৰে কি ? কিমান দিন এই সকলৰ কান্ধত জুৱলী থৈ হাল মাৰিব ? কিমান দিন ভুল পথে চশমা পিন্দাই ঘুৰাব ? এশ বছৰীয়া বৃদ্ধৰ পৰা আৰম্ভ কৰি ৭ বছৰীয়া দেৱ শিশুকো আপোনালোকে এৰি দিয়া নাই বৰং ইহঁতক আধাৰ হিচাপে লৈ নিজৰ নিজৰ মনোবাঞ্চা পূৰণ কৰিবলৈও আপোনাসবে কুণ্ঠাবোধ কৰা নাই। ডজনে ডজনে D ভোটাৰৰ নোটিচ,ডিটছন কেম্পত গৰু ছাগলীৰ দৰে দূৰ্বিহ জীৱন এইবোৰ কাৰ বাবে হৈছে ? আপোনাসবৰ এই নিজস্ব স্বাৰ্থবাদীতা তথা এনে অলিক চিন্তাৰ ফল । আৰু কিমান দিন এনেদৰে কুঁহিয়াৰ পেৰা দি পেৰিব ? উপকাৰৰ দিশবোৰ আদিৰ পৰা অন্তলৈ হিচাব কৰি গণি উলিয়াব নোৱাৰা মিঞা সকলক লৈ আৰু হেতালী নকৰাৰ বাবে আমি আহ্বান জনাইছোঁ । এটা কথা মনত ৰাখিব যে- কেৱল কেইখনমান পুথি ৰচনা কৰিছে মানেই আপোনাসবেই সকলো বুজি পায় সেয়া কিন্তু নহয়, বৰং ঠেলা,ৰিক্সা চলোৱা সকলেও নিজৰ নিজৰ ঘৰখন চলাই আছে য’ত আপোনাৰ দৰে সকলে শিকাই নিদিয়ে । হয়তো আপোনাৰ দৰে বেশবুশা নাথাকিব পাৰে বা অলপ কম বুজিব পাৰে কিন্তু একেবাৰে নুবুজা বুলি ভৱাটো চৰম বৰ্বৰতাক দোহাৰে আৰু যি আপোনালোকে মিঞা সাহিত্য সভাৰ জৰিয়তে জাতি ধ্বংস হোৱাৰ জলাতংকৰ ভুল বাৰ্তা বিয়পাই ইতিমধ্যে প্ৰতিফলিত কৰিছে । আমি ক’ব বিচাৰোঁ আপোনালোকে হয়তো বুদ্ধিক খটাই বা ব্যৱহাৰ কৰি আনৰ ওপৰেদি সকলো থাপিথুপি দি নিজে নিজৰ ঘৰ সংসাৰ চলাই গৈছে কোনো কষ্ট নকৰাকৈ ; কিন্তু আমিবোৰ যিমানেই গাধ খটাদি খাটি চলিলেও আপাত কিছু হ’লেও ভাল বেয়া অনুভৱ কৰিব পাৰি । একেবাৰে বুজি নাপাও বুলি গণ্য নকৰিব বুলি আশা কৰোঁ । বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, মহামাৰীৰ সমস্যা, নিৰক্ষৰতা, বাল্যাবিবাহ, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি এশ এবুৰিৰে সমস্যা জৰ্জৰ জনগোষ্ঠীটোৰ প্ৰতি অলপো দয়া-মমতা নহয় নে !”আন্ধাৰ বুলি অভিশাপ দিয়াতকৈ দে চলাইৰ কাটিৰে বাৰুদ ঘহি এডাল মমবাতি জ্বলাই দিয়াটোহে জ্ঞানী লোকৰ পৰিচয়” । কিন্তু কিমান দিনলৈ ! মিঞা সকলে সকলো ত্যাগ কৰিছে । যিখিনি লগত লৈ জীয়াই আছে সেইখিনি মিঞা সাহিত্য সভাৰ জৰিয়তে ৰাজ্যখনৰ অন্যান্য জনগোষ্ঠীৰ লগত, সহযোগত ধৰি ৰাখি আগুৱাই যোৱা প্ৰচেষ্টা কৰিব বিচৰাত আপোনাসবৰ অসুবিধা আহে কিয় ? কামুৰণি বা কিয় উঠে ? যিদৰে অন্যান্য জাতি জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ কৃষ্টি ,কলাৰে উমৈহতীয়া অসমীয়া জাতীয় জীৱন সমৃদ্ধিশালী কৰিছে, মিঞা সাহিত্য সভাৰ যোগেদি মিঞা সকেলেও যদি অসমীয়া জাতীয় জীৱনক আৰু অধিক সমৃদ্ধিশালী কৰিব বিচাৰে তাত আপত্তি কিহৰ ? যদি মিঞা সকলে নিজৰ কৃষ্টি কলাক লগত লৈ অসম,অসমীয়া জাতিৰ এক অধিক সক্ৰিয় ভুমিকাত অৱতীৰ্ণ হ’ব পাৰে তাতো আপত্তি থকাৰ কোনো যুক্তি নাই । মিঞা সাহিত্য সভাৰ নাম শুনিয়ে যি সকলৰ জলাতংক লাগিছে সিহঁতে চাই ল’ৱ ইয়াৰ পূৰ্বেও লিখনি এটা দিছোঁ , য’ত মিঞা সকলে বা মিঞা সাহিত্য সভাই কি কৰিব সেই কথা উল্লেখ আছে ।

জহিৰুল ইছলাম;(কেন্দ্ৰীয় সাধাৰণ সম্পাদক তদৰ্থক সমিতি)৭০০২০৬৪৯৮২ ।

Check Also

সাগৰিকা বৰদলৈ নহয়। সন্দিকৈ কলেজৰ অধ্যাপকৰ দুখ। আত্মহত্যাৰ প্ৰচেষ্টা ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ।

এগৰাকী আশী উৰ্ধৰ অধ্যাপকে ৰেলৰ আগত পৰি আত্মহত্যা কৰিব বিছৰা এক হৃদয়স্পৰ্শী কাহিনী । নিজৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *