
মিঞা বুলি অসমৰ এটা জনগোষ্ঠীক যথেষ্ট ইতিকিং কৰা হৈছিল যদিও আজি এই জনগোষ্ঠীৰ যুৱ চামে যেতিয়া ইয়াক ধনাত্মক ৰূপে লৈ ইয়াৰ প্ৰকৃত অৰ্থ (মুছলমানক কৰা সন্মানজনক সম্ভোধন) উদঙাই দি নিজকে মিঞা বুলি পৰিচয় দিছে এতিয়া এই জনসমষ্টিক আগৰ দৰে মিঞা বুলি ইতিকিং কৰা বহু পৰিমাণে কমিছে। ইয়েই হৈছে সমস্যাক সম্ভাৱনা হিচাপে লোৱাৰ কৌশল।
ভাষা সংস্কৃতি জাতি বা জনগোষ্ঠী এটাৰ মূল পৰিচয়। পৃথিৱীৰ যিকোনো প্ৰান্তত যদি কোনো এজন ব্যক্তিও আছে আৰু তাৰ মুখৰ ভাষা অইন ভাষাতকৈ বেলেগ তেন্তে তেওঁৰ সেই ভাষাৰ অস্তিত্ব ৰক্ষা, সংৰক্ষণ আৰু লিপিবদ্ধ কৰাৰ অধিকাৰ আছে। কিন্তু মিঞা বুলি কোনো ভাষা থকা বুলি মই নাজানো। অৱশ্যে মিঞা বুলি অসমৰ যিটো জনসমষ্টিক বুজোৱা হয় এই জনসমষ্টিৰ শিক্ষিত যুৱ প্ৰজন্মই যদি অনুভৱ কৰে ভাষা ৰক্ষাৰ মানৱীক আৰু মৌলিক অধিকাৰ হিচাপে তেওঁলোকৰ কথিত ভাষাক লিপিবদ্ধ কৰিব লাগে, বিলুপ্তিৰ পৰা ৰক্ষা কৰিব লাগে আৰু প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে তেন্তে কৰিব দিব লাগে আৰু সহযোগিতাও আগবঢ়াব লাগে। কিন্তু এই জনসমষ্টিৰ বিভিন্ন অঞ্চলত বা বিভিন্ন অংশত কথিত ভাষা বেলেগ বেলেগ।
এতিয়া কথা হল মিঞা বুলি কোনো এক নিৰ্দিষ্ট ভাষা যিহেতু নাই গতিকে প্ৰতিটো ভাষাই পৃথকে পৃথকে লিপিবদ্ধ কৰিব লাগিব, নগাঁৱৰ ওপৰত বৰপেটাৰ প্ৰভুত্ব থাকিব নোৱাৰিব বা বৰপেটাৰ ওপৰত নগাঁৱৰ প্ৰভুত্ব থাকিব নোৱাৰিব। প্ৰতিটো কথিত ভাষাই লিপিবদ্ধ আৰু ইয়াৰ অসমীয়া, ইংৰাজী অভিধান প্ৰস্তুত কৰিব লাগিব। ইয়াৰ উপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব হ’ব যাতে এই অস্তিত্ব ৰক্ষাৰ নামত বৃহত্তৰ অসমীয়া জাতিৰ পৰা আমি ফালৰি কাটি নাযাওঁ।
ভাষা সংৰক্ষণ আৰু লিপিবদ্ধৰ এই কাম অসম সাহিত্য সভাৰ লগত থাকি কৰিব লাগিব, পৃথক সাহিত্য সভা গঠন কৰি নহয়। অসমত আহিয়েই এশ বছৰ আগতেই আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া ভাষাক আঁকোৱালি লৈ অসমীয়া হৈ গৈছে। যাৰ ফলত এই জনসমষ্টিৰ কথিত ভাষাটোও পূৰ্বৰ বঙালী ভাষাৰ পৰা বহুদূৰ আঁতৰি আহি অসমীয়া ভাষাৰ লগত মিলি গৈছে। সেইদৰে সংস্কৃতিৰো বহুখিনি পৰিবৰ্তন হৈ অসমীয়াৰ লগত মিলিত হৈ গৈছে আৰু এক নতুন সংস্কৃতিৰ ৰূপ লৈছে। সেয়ে সদায় এক দূৰত্বত ৰাখিব খোজা আৰু অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ভাৱে একাষৰীয়া কৰি ৰাখিব খোজা এই জনসমষ্টিৰ প্ৰতিটো খোজ সাৱধানতাৰে আগবঢ়াব লাগিব।
মিঞা সকলেও, দেউৰী, মিচিং, কছাৰী, বড়ো, ৰাভাৰ দৰেই বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ সকলো প্ৰকাৰৰ অধিকাৰ আৰু সৃষ্টিশীলতাত গুৰুত্ব আৰোপ কৰিব লাগিব। কিন্তু এটা কথা কওঁ সাহিত্যই নাই, তাৰ আগতে সাহিত্য সভা কেনেকৈ আহে মই বুজি পোৱা নাই। হয়, এই জনসমষ্টিৰ মাজত যিবোৰ সংস্কৃতিক উপাদান আছে, পূৰ্বৰ সংস্কৃতি আৰু অসমৰ সংস্কৃতি মিলনে যি নতুন সংস্কৃতিৰ ৰূপ লৈছে তাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিব লাগিব, লাগিলে এয়া অসমীয়া আৰু ইংৰাজী সাহিত্যৰ মাধ্যয়মেই হওঁক।
জাহিৰ আব্বাছ