Breaking News
Home / Editorial / মিঞা জনগোষ্ঠীৰ খাদ্য সংস্কৃতিৰ বিভিন্ন প্ৰকাৰৰ মোৱা অথবা মোলা

মিঞা জনগোষ্ঠীৰ খাদ্য সংস্কৃতিৰ বিভিন্ন প্ৰকাৰৰ মোৱা অথবা মোলা

মোৱা অথবা মোলা মিঞা সকলৰ খাদ্য সংস্কৃতিৰ এক অন্যতম খাদ্য । মোৱা অথবা মোলা নামটো শুনা মাত্ৰেই চটাংকৈ মনলৈ আহে সৰু কালৰ কথা । সৰুতে যেতিয়া বিয়া ঘৰত গৈছিলোঁ তেতিয়া এই মোৱা অথবা মোলা চাই জিভাৰ আগলিত পানীবোৰ লহপহকৈ ওলাই আহিছিল যদিও ভয়ো লাগিছিল । ভয়ৰ কাৰণ আছিল কিছু কিছু মোৱা অথবা মোলা ইমানেই ডাঠ আৰু টান হয় যে, যি কামুৰি ভাঙিবলৈ যথেষ্ট ভয়ৰ অৱকাশ থাকে , হয়তো দাঁত ভাঙিব পাৰে অথবা মুখৰ ভিতৰৰ যিকোনো অংশত দাঁতৰ চেপাত কাটি যোৱাৰো সম্ভাৱনা থাকে । মিঞা জনগোষ্ঠীৰ লোক সকলৰ বিয়া পাৰ্বনত মোৱা অথবা মোলা নহ’লে যেন বিয়া ঘৰৰ খোৱা আধাৰুৱা হৈ পৰে । এতিয়াও চৰ-চাপৰিৰ মিঞা সমাজৰ বিয়া ঘৰৰ খাদ্যৰ এক প্ৰচলিত প্ৰথা হিচাপে মোৱা অথবা মোলাৰ এক অন্যতম সুনাম আছেই ।

মোৱা অথবা মোলা বহু ধৰণে তৈয়াৰ কৰা হয়। মুৰি,তিল,খুদ,চাউল,ঢেপ,কাউণ,চিনা,দেওচিনা, নাৰিকল,ঘাঁহ আদিৰে তৈয়াৰী বিভিধ প্ৰকাৰৰ মোৱা অথবা মোলা মিঞা সকলৰ খাদ্য সংস্কৃতিৰ বহু প্ৰচলিত এক পৰম্পৰা । আপোনালোকে জালিনে আচৰিত হ’ব যে- মিঞা জনগোষ্ঠীৰ মাজৰ বিয়া সমূহৰ দৰা ঘৰেই হওক অথবা কইনা ঘৰেই হওক বিবিধ প্ৰকাৰৰ ১০/১২ পদ কেৱল মোৱা অথবা মোলা খাবলৈ দিয়া হয় অতিথীসকলক ।

যি দৰে মুৰিৰ মোৱা বজাৰে ঘাটে চহৰে অতি সহজে উপলব্ধ তেনেদৰে বাকীবোৰ কিন্তু উপলব্ধ নহয়। তাৰো কাৰণ উক্ত সামগ্ৰী সমূহ যোগান ধৰা জটিল । যোগান ধৰাৰ ক্ষেত্ৰত মিঞা সকলৰ বাবে আকৌ এই সামগ্ৰীবোৰ সিমান জটিলতা নাই । তাৰো কাৰণ, উক্ত সা-সামগ্ৰীবোৰ মিঞা সকলৰ দৈনন্দিন জীৱন জিৱীকাৰ লগত প্ৰায় প্ৰচলিত এক অংশ । ফলত অতি অনায়াসে যা-যোগাৰ কৰিবলৈ সক্ষম হয় । মুৰি,তিল,খুদ, চাউল,ঢেপ, কাউণ,চিনা,দেওচিনা, নাৰিকল,ঘাঁহ আদি এইবোৰৰ প্ৰায় ৯৯% মিঞা সকলে নিজেই ঘৰত উৎপাদন কৰে যদিও অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত উক্ত সামগ্ৰী সমূহ উৎপাদনৰ কোনো পৰম্পৰা নাই। মিঞা জনগোষ্ঠীৰ লোক সকলৰ দৈনন্দিন জীৱন যাপন নিৰ্ভৰ কৰে খেতি-বাতিৰ জৰিয়তে । সেয়ে উক্ত সামগ্ৰী সমূহও খেতিৰ জৰিয়তে নিজে নিজেই ঘৰত উৎপাদন কৰি লয় মিঞা সকলে ।

অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ লোকেও মিঞা সকলৰ পৰম্পৰাগত খাদ্য সংস্কৃতিৰ অন্যতম খাদ্য মোৱা অথবা মোলা নিজেই ঘৰতে তৈয়াৰ কৰি খাব পাৰে । যাৰ বাবেই তলত কিছু দিহাপৰামৰ্শৰে কোনবিধ মোৱা অথবা মোলা কিদৰে তৈয়াৰ কৰিব পাৰি চাওঁ আহক ।

মুৰিৰ মোৱা:
মুৰিৰে দুই ধৰণৰ মোৱা তৈয়াৰ কৰিব পাৰি । তাৰে এপদক চেনিৰ মোৱা আন এপদক গুৰৰ মোৱা বুলি কোৱা হয় । এই মোৱা তৈয়াৰ কৰোঁতে প্ৰথমে আপুনি চেনি বা গুৰ খিনি যিকোনো এটা পাতিল বা কেৰাহীত অলপ পানীৰে মিহলাই ল’ৱ লাগে। তাৰ পাছত সেই চেনিপানী বা গুৰপানী চুলা বা গেচৰ জুইৰে সিজাব লাগিব ।যেতিয়া চেনীপানী বা গুৰপানী আঠা লাগিব (?) তেনে সময়ত মুৰিবোৰ কেৰাহীত ঢালি দিব লাগিব । ঢালি দিয়াৰ পাছতো আপোনাৰ কাম কিন্তু শেষ নহয় । এইবাৰ চেনি বা গুৰৰ আঠাৰ সৈতে মুৰিখিনি একলগ কৰি দুই হাতৰ তালুৰে সেইবোৰেৰে আপুনি লাড়ু বনাওঁক । এই লাড়ুবোৰ কিছু সময় থৈ দিলে ডাঠ হৈ পৰিব । বতাহ সমাব নোৱাৰা কোনো ভাল ঝাৰ (বয়াম,জগ আদি) এটাত ভৰাই মুখখন ঢাকি ৰাখিলে সেইবোৰ যিকোনো সময়তে খাব পাৰে । এনেদৰেই তৈয়াৰ কৰা হয় মুৰিৰ মোৱা ।

তিলৰ মোৱা
সচাৰচাৰ বজাৰত পোৱা তিলেৰেই এই পদ মোৱা তৈয়াৰ কৰা হয় । তিলৰ খেতি মিঞা সকলৰ এক পৰম্পৰাগত ৰবি শস্য । প্ৰথমে তিল ডাঠ খোলাত (পাতিল,কেৰাহীত) ভালকৈ ভাজি (সেকিব) ল’ৱ লাগে । তাৰ পাছত উক্ত মুৰিৰ দৰেই তিলৰ মোৱা তৈয়াৰ কৰিব লাগে । অৱশ্যে তিল যিহেতু ক’লা সেয়ে কোনোবাই বাকলি গুচাই ল’লে ল’ৱ পাৰে । বাকলি থাকিলে মোৱা দেখাত ক’লা কিচকিচীয়া হ’ব আৰু বাকলি গুচাই ল’লে মোৱাবোৰ দেখাত বগা হ’ব । তিলৰ মোৱা খাবলৈ অধিক সোৱাদযুক্ত হয় ।

চাউলৰ মোৱা
প্ৰথমে চাউলবোৰ ডাঠ খোলা বা কেৰাহীত ভাজি ল’ৱ লাগে । যেতিয়া চাউলবোৰ ঠাণ্ডা হ’ব তেতিয়া পুৰা চাউলবোৰ পেলাই দি চেনি বা গুৰেৰে পকাই মুৰিৰ দৰেই মোৱা বনোৱা হয় । মুৰিৰ মোৱাবোৰ যিদৰে কমল হয় তাৰ তুলনাত চাউলৰ মোৱা যথেষ্ট ডাঠ হয় আৰু অধিক সোৱাদযুক্ত হয়।

খুদৰ মোৱা
খুদ সকলোৱে চিনি পায় । অৰ্থাৎ চাউলৰ আগলিৰ গুৰি চাউলবোৰকেই খুদ বুলি কোৱা হয় । খুদৰ মোৱা তৈয়াৰ কৰোঁতে একেদৰে চাউলৰ দৰেই খুদবোৰ ভালকৈ ভাজি ল’ৱ লাগে । আৰু চেনি বা গুৰেৰে মুৰিৰ দৰেই পকাই লৈ মোৱা তৈয়াৰ কৰা হয়। খুদৰ মোৱা অধিক ডাঠ হোৱাৰ সামান্তৰালকৈ সোৱাদো যথেষ্ট পৰিমাণে বেছি হয় । অলপ বেছি বয়সীয়া লোকে এইপদ মোৱা খাবলৈ কষ্টকৰ হয় বা খাব নোৱাৰে ।

ঢেপৰ মোৱা
ঢেপ বুলিলে বহুতেই পদুম ফুলকে বুজে যদিও পদুম থকা খালবোৰতেই এই ঢেপবোৰ যথেষ্ট পৰিমাণে পোৱা যায় । পদুমৰ ফুলবোৰ যিদৰে বগা বা ৰঙা ঢেপৰ ফুল কিন্তু কেৱল বগাহে হয় । ঢেপ গছৰ ফলবোৰ যেতিয়া পকে তেতিয়া ফলৰ ভিতৰত থকা সৰু সৰু গুটিবোৰকেই ঢেপৰ গুটি বুলি কোৱা হয় । মিঞা সকলে এই গুটিবোৰ গুচাই লৈ সিজাই তাৰ পৰা চাউল উলিয়ায় আৰু সেই চাউলেৰেই উক্ত তিল,খুদ আদিৰ দৰে ভাজি লৈ চেনি বা গুৰেৰে মোৱা তৈয়াৰ কৰে । মা-দেউতাই কোৱামতে কেৱল আমাৰ পৰিয়ালেই নহয় বৰং পূৰ্বে আকালৰ দিনত ঢেপৰ চাউলেৰে ভাতো বনাই খাইছে । যদিও এইধৰণৰ খানা ভাত মই ব্যক্তিগত ভাৱে খাই পোৱা নাই মোৰ ডাঙৰ ককায়েক আৰু বাইদেউৱেও আকালৰ সময়ত ঢেপৰ ভাত খাই জীৱন যুদ্ধত যুজঁ দিয়াৰ কথা আজিও কৈ থাকে ।

কাউণৰ মোৱা
কাউণ চৰ-চাপৰিৰ মিঞা সমাজৰ এক বহুল প্ৰচলিত আৰু উৎপাদিত শস্য । আসুধানৰ লগতে কাউণৰ খেতি কৰা হয় । কাউণ দেখাত একেবাৰে মাছৰ কণীৰ দৰে । কাউণৰ চাউলৰ ভাত আজিও মিঞা সমাজত বিদ্যমান । কেচা জলকীয়া আৰু পিয়াঁজেৰে আমি কাউণৰ ভাত খাই বহু দূৰ্ভিক্ষ পাৰ কৰিছোঁ । কাউণৰ ভাতবোৰ সিমান সোৱাদ কমো নহয় । মোটামুটি ভাৱে খাই কোনোমতে জীৱন বচাব পৰা এপদ জনপ্ৰিয় খাদ্য এই কাউণৰ ভাত মিঞা সকলৰ । আজিও চৰৰ লোকৰ মাজত কাউণৰ যথেষ্ট প্ৰচলন আছে । কাউণৰ চাউলবোৰ ডাঙৰ মাছৰ কণী আৰু সোনালী ৰঙৰ হয় । কাউণৰ চাউলৰেৰে কেৱল ভাতেই নহয় মোৱা,পিঠা,মুৰি আদিও তৈয়াৰ কৰিব পাৰি । কাউণৰ মোৱা তৈয়াৰ কৰোঁতে ওপৰোক্ত খুদৰ দৰেই কাউণৰ চাউল ভাজি লৈ চেনি বা গুৰেৰে তৈয়াৰ কৰা হয় । এই মোৱা যথেষ্ট ডাঠ হোৱাৰ উপৰি খাওঁতেও সোৱাদো যথেষ্ট পোৱা যায়।

চিনাৰ মোৱা
চিনাৰ খেতিওঁ মিঞা সকলৰ বাদে আজিও কোনোৱে নকৰে । চিনাৰ খেতি আসুধানৰ সমানে সমানে কৰা হয় । চিনাৰ গছ আৰু আসুধানৰ গছ প্ৰায় সমানেই ওখ হয় । ধানৰ দৰেই সিচাঁবোৰ হয় যদিও গুটিবোৰ একেবাৰে সৰু সৰু আৰু পিছল । কাউণ বা কাউণৰ চাউলতকৈ অলপ শকত চিনা বা চিনাৰ গুটি বা চাউলবোৰ। চিনাৰ ভাত কাউণৰ ভাততকৈ যথেষ্ট উন্নত আৰু সোৱাদযুক্ত । চিনাৰ চাউলৰেৰে মোৱাৰ উপৰি ভাত,পিঠা, মুৰি আদিও বনোৱা হয় । চিনাৰ চাউলবোৰ উক্ত খুদ,চাউল, কাউণ আদিৰ দৰেই ভাজি লৈ চেনি বা গুৰেৰে মোৱা পকোৱা হয় ।

দেওচিনাৰ মোৱা
দেওচিনাৰে চাটখৈ বা মোৱাৰ বাদে ভাত বা অন্যান্য খাদ্য হিচাপে ব্যৱহাৰ কৰে বুলি নাজানো বা দেখা নাই । হয়তো অন্যান্য ক্ষেত্ৰতো থাকিব পাৰে । সাধাৰণতে ধানৰ পৰা যিদৰে চাটখৈ তৈয়াৰ কৰা হয়, একেদৰে দেওচিনাৰো চাটখৈ তৈয়াৰ কৰা হয় । দেওচিনা বালিৰে ভাজি প্ৰথমে খৈ বনোৱা হয় আৰু তাৰ পাছত উক্ত মুৰিৰ দৰেই চেনি বা গুৰেৰে মোৱা পকোৱা হয় ।

ঘাঁহৰ মোৱা
ঘাঁহৰ মোৱা মিঞা সকলৰ মাজত প্ৰচলিত এক পৰম্পৰা বুলি কব পাৰি । হয়তো বহুতে আচৰিত হৈছে ঘাঁহৰ মোৱা নাম শুনি । কিন্তু মিঞা সকলে ঘাঁহৰ গুটিৰ পৰাওঁ চাউল তৈয়াৰ কৰে আৰু সেই চাউলেৰেও মোৱা বনায় উক্ত বিভিন্ন ধৰণে ।

উক্ত প্ৰত্যেক বিধ খাদ্য আমি ঘৰত তৈয়াৰ কৰি খাওঁ । আশা কৰোঁ অসমৰ অন্যান্য জনগোষ্ঠীৰ লোকেও মিঞা সকলৰ খাদ্য সংস্কৃতিৰ এই বিভিন্ন প্ৰকাৰৰ মোৱা অথবা মোলা নিজেই ঘৰত বনাই খাব পাৰিব । কিদৰে বনোৱা হয় তাৰ ওপৰত মই দিয়া দিয়া ব্যাখ্যামতে আপোনাসবেও নিজৰ নিজৰ ঘৰত মোৱা তৈয়াৰ কৰি খাব পাৰে ।
লিখক-জহিৰুল ইছলাম,সাধাৰণ সম্পাদক মিঞা সাহিত্য সভা; ৭০০২০৬৪৯৮২ ।

Check Also

সাগৰিকা বৰদলৈ নহয়। সন্দিকৈ কলেজৰ অধ্যাপকৰ দুখ। আত্মহত্যাৰ প্ৰচেষ্টা ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ।

এগৰাকী আশী উৰ্ধৰ অধ্যাপকে ৰেলৰ আগত পৰি আত্মহত্যা কৰিব বিছৰা এক হৃদয়স্পৰ্শী কাহিনী । নিজৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *