Breaking News
Home / Editorial / কেৱল নিতুমনী,অখিলেই নহয় ! মৈনবৰীৰ তিনিবছৰীয়া কণমানিৰ দৰে সমগ্ৰ পশ্চিম অঞ্চলৰ কণমানি ওলাই আহিব:

কেৱল নিতুমনী,অখিলেই নহয় ! মৈনবৰীৰ তিনিবছৰীয়া কণমানিৰ দৰে সমগ্ৰ পশ্চিম অঞ্চলৰ কণমানি ওলাই আহিব:

জহিৰুল ইছলাম

বৰপেটা মৈনবৰী সত্ৰ বিতৰ্ক লৈ শাসকগোষ্ঠীৰ কিছু নেতাই বিতৰ্কৰ সুত্ৰপাত ঘটোৱাৰ পাছতে সত্ৰাধিকাৰ ও সত্ৰাধিকাৰৰ পুত্ৰই যি স্পষ্ট মত দাঙি ধৰি অসমবাসীৰ মাজত আহিবধৰা চিৰাল ফাঁটৰ মাজত তালি ঢাপলি (জোৰা,সংযোজন) মাৰি অসমীয়া জাতীয় ঐক্যত এক শক্তিশালী ভুমিকা পালন কৰিলে ,এয়া নি:সন্দেহ ভাৱে অসম অসমীয়াৰ মাজত চিৰযুগমীয়া হৈ ৰ’ৱ । আনহাতে ব্যক্তিগত মতবিৰোধৰ সুযোগতে হওঁক অথবা অসমীয়া জাতীয় ঐক্যৰ স্বাৰ্থতে হওক বিতৰ্কৰ সুযোগত অসমীয়া এক ব্যক্তিগত টিভি চেনেলৰ মুখ্য সম্পাদক নিতুমনী শইকীয়াই মৈনবৰী এখন সম্ভাৰ্দ্ধনা সভাত উপস্থিত হৈছিল । বহুতেই চিটিৰ শীত-তাপ নিয়ন্ত্ৰিত কক্ষত বহি কাকত, মেগাজিন অথবা টিভিৰ পৰ্দাত উক্ত অঞ্চল সমূহৰ লোকসমাজৰ জীৱনলৈ কৰা উপলুঙা প্ৰচাৰ তাহানিৰ পৰাই চলি আহিছে । হয়তো কামবোৰ নভৱাকৈ অথবা কাৰোবাৰ মৌখিক স্বাৰ্থজনিত ব্যাখ্যাৰ পৰাই কৰে । ইয়াক আমি ভ্ৰান্ত ধাৰণা বুলি ধৰিব পাৰি ।
কিন্তু যেতিয়া উক্ত শীত-তাপ নিয়ন্ত্ৰিত কক্ষৰ বৰমূৰীয়া সকলৰ দুই এজনে অসমৰ পশ্চিম অঞ্চল পৰিভ্ৰমণ কৰে তেতিয়াই সিহঁতৰ ভ্ৰান্ত ধাৰণাবোৰৰ আতৰি এখন বাস্তৱ চিত্ৰ চাবলৈ সক্ষম হয় আৰু বহুতে তেতিয়া নিজৰ অতীত কৰি অহা অমাৰ্জিত কামৰ বাবে একাত্ম ভাৱেই বিবেকৰ ধ্বংসনত নিজকে ক্ষমা কৰিব নোৱাৰে আৰু সচা চিত্ৰ দাঙি ধৰিবলৈ চেষ্টা কৰে আৰু তেতিয়াই লাগে অথন্তৰ । বহু জোলখোৱাই আকৌ সিহঁতক মিঞাৰ দালাল বুলি তুচ্ছ-তাচ্ছিল্য নকৰা নহয় । উদাহৰণ হিচাপে কৃষক নেতা অখিল গগৈয়ে যথেষ্ট, যেতিয়া গগৈয়ে পদযাত্ৰা কৰি উক্ত চৰাঞ্চলক আদি কৰি বিস্তিৰ্ণ ঠাই ক্ষেত্ৰ অধ্যয়ন কৰি নিজৰ দুই এটা মতামত দাঙি ধৰিব ধৰিলে (?) তেতিয়াৰ পৰাই এচামে অখিল গগৈৰ সলনি মিঞাৰ দালাল, উপাধি সলাই অখিল উদ্দিন, অখিল মিঞা, মুখত দাড়ি মূৰত টুপি পিন্দাই কাৰ্টুন আদিৰে থকা সৰকা আজিও কৰে । সেয়ে হয়তো সেই সকল বৌদ্ধিক মহলেও হয়তো বহু সময়ত বহু কথাই সামাজিক চাপৰ বাবে ক’ৱ নোৱাৰি মুখবুজি সহ্য কৰে বা বহি থাকিবলৈ বাধ্য হয় ।

সিদিনা নিতুমনীয়ে যেতিয়া মৈনবৰী গৈছিল ,তাত যোৱাৰ পাছত তেওঁ বুজিব পাৰিছিল বিগত সময়ৰ অপবাদবোৰ যে আচলতে বেছি অংশই আছিল মিছা । মৈনবৰীৰ দৰে চৰাঞ্চলৰ লোকে হেজাৰ লাঞ্চনা বঞ্চনা মূৰপাতি লৈওঁ গঞা ৰাইজৰ তিনি বছৰীয়া কন্যাৰ বিহু নৃত্যক স্বচক্ষুৰে প্ৰত্যক্ষ কৰি ভিতৰত আৰ দি ৰাখিব বিচৰা কথাবোৰো জনসভাত মুখফুটি কবলৈ বাধ্য হৈ পৰিছিল উক্ত পশ্চিম অসমৰ মুছলমান সমাজৰ লুকাই ফুৰা বহু সচা ইতিহাস আৰু তাৰ বাবেই হয়তো নিজৰ ডিঙিৰ গামোচা খুলি তিনিবছৰীয়া নৃত্য প্ৰদৰ্শন কৰা কণমানিৰ ডিঙিত দিছিল । তেওঁও যাতে বহুতৰ দৰে এই অঞ্চল সমূহ পৰিভ্ৰমণ কৰি উভতি যোৱাৰ পাছত কোনো দিনে পাহৰি নাযায় তাৰ এক দস্তাবেজ ৰাখি থৈ গ’ল আৰু উদাত্ব কণ্ঠে কৈ গ’ল যে- মই কেতিয়াও গাদ্দাৰী নকৰোঁ আপোনালোকৰ লগত ।

এতেকে আমাৰ কথা হৈছে- কেৱল সেই কণমানিয়েই নহয় বা মৈনবৰী বাসী ৰাইজেই নহয় ; বৰং সমগ্ৰ অসমৰ পশ্চিম অঞ্চল হাজাৰ হাজাৰ কণমানি লুকুৱাই আছে যিয়ে সমগ্ৰ অসমবাসীৰ লগত শীত-তাপ নিয়ন্ত্ৰীত কক্ষত থকা ছাৰ-ম্যেমৰ মনমগজৰ পৰিৱৰ্তন কৰিব পাৰিব । দুৰ্ভাগ্য যে সিহঁতে আন্তৰিকতাৰে এই অঞ্চলৰ লোকে যেতিয়াই আপোনাৰ সন্ধানত বিভিন্ন কাৰ্য্যসূচীত মাতে সিহঁতে আহিবলৈ সময়ৰ অভাৱ হয় বা নাহে । আমি অনুৰোধ কৰিম সংকুচিত মনেৰে নহয় এক স্বাভীমানি মনেৰে আপোনাসবে আহক মনৰ বিনিময় কৰক এই অঞ্চলৰ সুৰু সুৰা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত জনোৱা আমন্ত্ৰণত । তেতিয়া হয়তো আৰু অধিক উৎসাহিত হ’ব এই অঞ্চলৰ ডাল-দৰিদ্ৰ জনতাই আৰু অসম অসমীয়া জাতিৰ স্বাভীমানো বাঢ়িব ।

কেৱল নিতুমনী নহয় ,হাজাৰ হাজাৰজনৰ মন মোহিত কৰিব পৰা মৈনবৰীৰ তিনিবছৰীয়া কণমানিৰ দৰে সমগ্ৰ পশ্চিম অঞ্চলৰ কণমানি ওলাই আহিব আৰু ক মা-দেউতা ও অভিভাৱকেও আগুৱাই দিব লাগিব ।

Check Also

সাগৰিকা বৰদলৈ নহয়। সন্দিকৈ কলেজৰ অধ্যাপকৰ দুখ। আত্মহত্যাৰ প্ৰচেষ্টা ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ।

এগৰাকী আশী উৰ্ধৰ অধ্যাপকে ৰেলৰ আগত পৰি আত্মহত্যা কৰিব বিছৰা এক হৃদয়স্পৰ্শী কাহিনী । নিজৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *