Breaking News
Home / Editorial / আছুৰ পতাকা বিতৰ্ক :

আছুৰ পতাকা বিতৰ্ক :

আছুৰ ভুমিকাক লৈ মাজে মাজে বিতৰ্ক হয় । হোৱাটো স্বাভাৱিক, চৰকাৰৰ অধিকাংশ নেতা কৰ্মী আছুৰ পৰাই উদগীৰিত । ৰাজ্যত উন্নয়ন কিমান হ’ল আজিলৈ ? ৭০ বছৰ পাৰ হ’ল । বহুতে বিভিন্নজনৰ কান্ধত ভৰ দি দিল্লী-দিছপুৰ পায় । সময়ৰ তাগিদাত সকলো পাহৰি আবেগৰ ঢৌ সৃষ্টিৰে কিছু কিছু গোষ্ঠীক ঢাল বনাই নেতা পালিনেতাও হ’ল । সচাকৈ মানুহ আৰু ৰাজ্যখনৰ প্ৰতিজন মানুহৰ প্ৰতি দায়িত্ব লোৱা সকলে দিনৰ পাছত দিন ধৰি কেৱল তাল বাহানাৰ চাকনৈয়াত পেলাই জোল খালে যদিও কৰিব বিচৰাখিনি তেনেকৈ ৰৈৱে গ’ল । কিছুদিন পূৰ্বে শ্বহীদ বেদী ভাঙা হ’ল ! কাৰ্য্যালয় লণ্ড ভণ্ড কৰা হ’ল ! যোৱাকালি নলবাৰীত আছুৰ চেম্বল (পতাকা) লৈ অথন্তৰ হ’ল । ভৰিৰে গছকিয়াই দিয়া হ’ল । কিন্তু কিয় ? এনেকুৱা দৃষ্টান্ত কৰাৰ অধিকাৰ কেনেকৈ হয় । যিকোনো সংগঠনৰ ওপৰত কিছু কিছু লোকৰ আবেগ ,উদ্দেশ্য, লক্ষ্য জৰ্জৰ হৈ থাকে । সেইখিনিক আমি আকোৱালি ল’ৱ নোৱাৰিলেও নাকোচ কৰা উচিত নহয় । প্ৰত্যেকৰে নিজৰ নিজৰ মতাদৰ্শ থাকিব পাৰে ; কিন্তু আনৰ মতাদৰ্শত সৈমান হ’ৱ নোৱাৰিলেওঁ আনৰ আদৰ্শক আমি ঘৃণা কৰাটোও উচিত নহয় ।

সাম্প্ৰতিক ৰাজ্যখন আবেগ জৰ্জৰিত অৱস্থা এতিয়া । তেনে সময়তে চৰকাৰে পৰিছে শলঠেকত । কি কৰিব হয়তো ভাৱি পোৱা নাই । সেইবুলি গণতন্ত্ৰক কবৰ দিব পৰা দৃষ্টতা চৰ্কাৰ তথা কোনো নেতা কৰ্মীৰো নাই । যেতিয়া আছুৱে বজ্ৰনিনাদ কাৰ্য্যসূচী গ্ৰহণ কৰিল গুৱাহাটীৰ লতাশীল খেলপথাৰত (?) তাৰ পাছৰ পৰাই একাংশ নেতা কৰ্মী (বিশেষকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা) খুল্লাম-খোলা আছুৰ এই কাৰ্যসূচীক তিৰস্কাৰ কৰিব ধৰিলে । এনে আচৰণে শাসকীয় পক্ষৰ তৃণমূল পৰ্যায়ৰ কৰ্মীক পৰক্ষভাৱে উৎসাহিত কৰে অবান্তৰ কামৰ প্ৰতি । সেয়ে পৰক্ষভাৱে যিকোনো অবান্তৰ কামৰ ফল শাসকগোষ্ঠীয়ে নিজৰ পিঠিত লোৱাটো উত্তম । যোৱাকালিৰ উক্ত ঘটনাৰ লগত সাঙোৰ খায় চৰকাৰ আৰু শাসকগোষ্ঠীৰ নেতা কৰ্মী সকলে । যদিহে বাদ প্ৰতিবাদক ভয় পায় (?) সহ্য নহয় (?) তেন্তে শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ যোগ্যতাৰ ওপৰতো প্ৰশ্ন আহে । সেয়ে প্ৰতিবাদীক প্ৰতিহত কৰিবলৈ গৈ এনেদৰে নিজৰ অকৰ্মাণ্যতা আৰু উচটনিৰে উক্ত সাংগঠনিক বিশ্বাসক ভৰিৰে মোহাৰি এটা জাতীয় চেতনাক আঘাত কৰা সকল কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে । হয়তো যোৱাকালি আছুৰ পতাকাক লৈ ঘটোৱা অথন্তৰ পৰিকল্পিত ভাৱে কৰোৱা বা উচটোৱা হৈছিল প্ৰতিবাদী কণ্ঠক নিশ্বেষ কৰাৰ ষড়যন্ত্ৰ কৰি অথবা ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতিক অন্যফালে ঢাল খুৱাবলৈ । যি গণতন্ত্ৰ বিৰুদ্ধে কৰা কাম ।

Check Also

সাগৰিকা বৰদলৈ নহয়। সন্দিকৈ কলেজৰ অধ্যাপকৰ দুখ। আত্মহত্যাৰ প্ৰচেষ্টা ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ।

এগৰাকী আশী উৰ্ধৰ অধ্যাপকে ৰেলৰ আগত পৰি আত্মহত্যা কৰিব বিছৰা এক হৃদয়স্পৰ্শী কাহিনী । নিজৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *