Breaking News
Home / Editorial / অভিসপ্ত দিনৰ দিনলিপিত গুলজাৰ হুচাইন :

অভিসপ্ত দিনৰ দিনলিপিত গুলজাৰ হুচাইন :

২০১৪ ৰ ২৮ জানুৱাৰী আছিল এক অভিসপ্ত দিন । আজিৰ এই দিনটোতেই নিষিদ্ধঘোষিত সন্ত্রাসী সংগঠন NDFB (S) ৰ গুলীত প্ৰাণ আহুতি দিছিল অসম আৰক্ষীৰ এগৰাকী নিৰ্ভিক সাহসী আৰক্ষী বিষয়া গুলজাৰ হুছেইনে ৷ শোণিতপুৰ ASP শ্বহীদ গুলজাৰ হুছেইন কৰ্মৰত থকা সময়ত গুলিৰে ছিদ্ৰী কৰি দিয়া হৈছিল তেখেতৰ বুকুৰ পাযোৰ । কিন্তু পাহৰিব পৰা নাই জনতাই দোদুল্যময় ঘটনা । আজিও জনতাৰ মাজত জীয়াই আছে গুলজাৰে ! জনতাৰ আত্মাত বৰ্তি আছে বীৰ শ্বহীদ জোৱান গুলজাৰ হুছেইন পল অনুপল । শোনিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিয়েই সন্ত্রাসী সংগঠনটোৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইছিল তেখেতে ; হয়তো আজি জীয়াই থকা হ’লে ভাৰতৰ বৰ্তমান সন্ত্রাস বিৰোধী প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই তেখেতক বিভুষিত কৰিলেহেঁতে কিজানি ৷ NDFB (S) ক আদি কৰি সন্ত্ৰাসবাদী সকলৰ এক প্ৰকাৰ মূৰৰ কামোৰনি হৈ পৰিছিল নিৰ্ভিক আৰক্ষী বিষয়া গুলজাৰ হুছেইন ৷ সেইদিনা জিলা খনৰ বাতাসীপুৰত অভিযান চলাই সংবিধান বিৰোধী সংগঠনটোৰ এজন সদস্যক কৰায়ত্ত কৰি লৈ আহোতে পূৰ্বৰে পৰা খাপ পিটি থকা NDFB (S) ৰ এটা দলে আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলী বৰ্ষণ কৰে বুলি সম্প্ৰচাৰ কৰিছিল বিভিন্ন কাকত পত্রিকাই । সেই সময়ৰ পৰাই বহুতে তেখেতৰ মৃত্যুক সহজ ভাৱে নিব পৰা নাছিল ; আজিওঁ বহুতেই সেই বিষয়াগৰাকীৰ মৃত্যুক লৈ প্ৰশ্নৰ উত্তৰ বিচাৰি ফুৰে মনে মনে । কাৰণ, এজাক অভিযান কাৰীদলৰ ভিতৰত মাত্র এজন লোকৰ বুকুভেদি পাৰ হৈছিল কেইবাজাই গুলি । যদিওঁ বাকী সকল অক্ষত হৈ আছিল ? ই কেনেকৈ সম্ভৱ হ’ব পাৰিছিল ? এই প্ৰশ্নৰ উত্তৰ আজিওঁ খুজি থাকে বহুতে । কোনে দিব সেই উত্তৰ ৷ কোনো পৰিকল্পিত ঘটনা নহতো বুলি আজিও প্ৰশ্ন কৰি থাকে বহুতে কিন্তু আমি জানো সেই প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ হয় বা নহয় বুলি ? এই প্ৰশ্নৰ উত্তৰ যি সকলে দিব তেখেত সকলেইচোন ৰাইজক প্ৰশ্নৰ মাজত ঠেলি দি থৈছে । অতৰ্কিত আক্ৰমনৰ ফলত থিতাতে নিহত হয় গুলজাৰ হুছেইন ৷ দুটি কনমানি সন্তানৰ পিতৃ গুলজাৰৰ মৃত্যুত পৰিয়ালটোলৈ নামি আহে ঘোৰ অমানিশা ৷ বহু কাকুতি-মিনতি আৰু আন্দোলনৰ পিছত অসম চৰকাৰে বীৰ শ্বহীদ গুলজাৰ হুছেইনৰ পত্নীক অসম আৰক্ষীতে ‘লেডী ৱেলফাৰ অফিচাৰ’ৰ চাকৰি প্ৰদান কৰে যদিও সেয়া আন্দোলনৰ ওচৰত হেয় মানিহে । হয়তো আন্দোলন নকৰিলে সেই পৰিয়ালটো আজি পথত পৰি থাকিব লগা হলহেঁতেন কিজানি । নিজৰ স্বামীক হেৰুওৱাৰ বেদনাৰ জুইত আজিও দগ্ধ নহয় জানো তেখেতৰ পত্নী ৷ পিতৃক বিচাৰি সন্তানে কৰা প্ৰশ্নবোৰে বাৰে-বাৰে বাকৰুদ্ধ নকৰেনে মাতৃক ৷ প্ৰয়াত গুলজাৰৰ পিতৃ-মাতৃয়েও নিজৰ পুত্ৰক হেৰুওৱাৰ দুখত আজিও ছটফটাই থাকে হয়তো লোকচক্ষুৰ আৰত অথবা সন্মুখত ৷ স্মৃতিৰ কলা অধ্যায়বোৰে বুকুৰ ঢৌ নেবাদেনে ? তেখেতৰ অনুপুস্তিত পৰিয়ালবৰ্গই তেখেতক সোঁৱৰি উচুপি নুঠেনে ৷ নেদেখাজনে অসমৰ গৌৰৱ সু সন্তান নিৰ্ভিক শ্বহীদ গুলজাৰ হুছেইনক জান্নাত নচিব কৰক তাৰে কামনা থাকিল ! আজিৰ দিনটোত সৃষ্টিকৰ্তাৰ ওচৰত এয়াই আমাৰ কামনাৰ বাহিৰে কিনো কৰিব পাৰো ? কাৰণ, আমি বহু ইতিহাস পাহৰি গৈছোঁ কেৱল বুকুত পাথৰ বান্ধি ; যিবোৰ সদায় ধপিয়াই ধপিয়াই বুকুখন চিৰচিৰ কৰে । অসমৰ নিৰক্ষৰ সহজ সৰল এটা গোষ্ঠী ! যাক লৈ সদায় কৰা হয় ৰাজনীতি, ৰণনীতি, কুটনীতি ও চক্ৰনীতি । যাৰ বেৰিজাল ফাঁলি উঠিবলৈ কোনো পথৰেই সুযোগ ৰখা হোৱা নাই বিগত যুগযুগ ধৰিয়েই । এই বিশেষ গোষ্ঠীৰ হৈ বহুতেই ওকালতি কৰছ যদিও কোনেও আন্তৰিকতাৰে মানুহ বুলি গণ্য নকৰা বুলিয়েই ধাৰণা কৰিব পাৰি বিগত দিনৰ কাম কাজত বিশ্লেষণ কৰিলে। আমি দেখিছোঁ মনিপুৰ,মিজোৰামৰ, নগালেণ্ড আদি সকলো ঠাইৰ পৰাই এই বিশেষ গোষ্ঠীৰ লোকক বিভিন্ন প্ৰকাৰে বিতাৰণ কৰি দিয়া হৈছে তালবাহানা কৰি । উপায়ন্তৰ হৈ পলোৰ চেপাদি মানুহখিনি আজি এটা চুকত পৰিল যদিও ইয়াতেও নিস্তাৰ নাই । সদায় লাঞ্চনা বঞ্চনা । আনকি তৰুণ গগৈয়ে শেষ গজালি মাৰিলে অসমত ১৯ টাকৈ উন্নয়ন পৰিষদ ৬ টাকৈ স্বায়ত্ব পৰিষদ গঠন আৰু ছয় জনগোষ্ঠী জনজাতি ও অসমখন ট্ৰাইবেল ষ্টেট কৰাৰ প্ৰস্তাৱ দিল্লীত পঠিয়াই ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, সামাজিক আদি প্ৰতিটো দিশতেই ক্ষমতাহীন কৰিলে । ই এক গভীৰ আৰু পৰিকল্পিত কৌশল আছিল । সেইবাবেইতো গগৈয়ে কৈ থাকে মইহে আচল আৰ এছ এছ আৰু ইহঁতে দুই নম্বৰী আৰ এছ এছ । ইতিমধ্যে বড়ো,ৰাভা আদি অঞ্চলত এই বিশেষ (মিঞা) জনগোষ্ঠীৰ সম্পূৰ্ণ অধিকাৰ কাঢ়ি নিয়া হৈছেই ঠিক ম্যানমাৰৰ দৰেই । ম্যানমাৰতো বহু চক্ৰান্ত কৰি ৰোহিঙা সকলৰ ৩৫০ বছৰীয়া ইতিহাস বিকৃত কৰি আশিৰ দহকত নাগৰিক ৰোহিঙা সকল ম্যানমাৰৰ নাগৰিক নহয় বুলি ঘোষণা কৰিলে । ঠিক একেই চক্ৰান্ত এটা চলি আছে অসমতো যাক অতী কৌশলেৰে কৰা হৈ আছে কিন্তু ধৰিব বা বুজিব পৰা কোনো ছ’ৰ্চ নাই । কিন্তু সেই কৌশলী সকলেও জনা উচিত যে মানৱতাৰ চিন্তা নকৰিলে এগৰাকী ব্যক্তি কেতিয়াও ভাল মানুহৰ দাবী কৰিব নোৱাৰে । অথবা, মানুহ কেতিয়াও মাৰি কাটি শেষ কৰা সম্ভৱ নহয় ; হয়তো দুই চেৰেকৰ বাদে । সেয়ে গুলজাৰ হুছেইনৰ স্মৃতিত আজিৰ দিনতো মই সকললৈ অনুৰোধ কৰিম যে- আপোনালোকে যাক ঘৃণাৰ শাৰীত ৰাখিছে তাৰ ওপৰত আপোনাসবৰো দায়িত্ব আছে আপাত মানৱীয় দৃষ্টিত ।জহিৰুল ইছলাম -৭০০২০৬৪৯৮২ ।

Check Also

সাগৰিকা বৰদলৈ নহয়। সন্দিকৈ কলেজৰ অধ্যাপকৰ দুখ। আত্মহত্যাৰ প্ৰচেষ্টা ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ।

এগৰাকী আশী উৰ্ধৰ অধ্যাপকে ৰেলৰ আগত পৰি আত্মহত্যা কৰিব বিছৰা এক হৃদয়স্পৰ্শী কাহিনী । নিজৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *