Breaking News
Home / Uncategorized / নিউজ ১৮ ৰ ভূৱা বাতৰিয়ে জোকাৰিছে অসম : প্ৰকৃত তথ্য চাওক :

নিউজ ১৮ ৰ ভূৱা বাতৰিয়ে জোকাৰিছে অসম : প্ৰকৃত তথ্য চাওক :

ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী দৃশ্য। https://m.facebook.com/story.php?story_fbid=307402083222327&id=1990158961228725 এই লিংকত প্ৰথম ১৯ জানুৱাৰীত প্ৰকাশ কৰা হৈছিল । তাৰ পাছত বিভিন্ন মহলে ডাউলোড কৰিছে । দৃশ্যটোত এগৰাকী যুৱতীক ধৰি আছে এজন যুৱকে। আৰু এখন চুৰি,তেলৰ বটল,বাল্টি আদি লৈ সন্মুখত এজন মৌলবী। ছ’চিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হৈছে। কোনো কোনোৱে কৈছে- এই যুৱতীগৰাকীক বিয়াৰ পাছত এইদৰে ভাবুকি দি ধৰ্মৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছে মৌলবীগৰাকীয়ে। আনকি নিউজ ১৮ আগশাৰীৰ এটা বৈদ্যুতিন মাধ্যমে প্ৰচাৰ কৰিছে – ভিডিঅ বাংলাদেশৰ হোৱাৰ পাছতো ভাৰতৰ অথবা অসমৰ বুলি মিছা প্ৰচাৰ, বাংলা ভাষাক অসমীয়া ভাষা আদি ১০০% মিছা বাতৰি পৰিবেশন কৰি অসমত সাম্প্ৰদায়িক উচটনি দিয়া চেষ্টা কৰা ।কিন্ত্তু্ এই দৃশ্য ভালদৰে প্ৰত্যক্ষ কৰিলে এইদৰে চলা অপপ্ৰচাৰৰ বিপৰীত দৃশ্যহে দেখা পোৱা যায়। যুৱতীগৰাকীৰ হাত হেনো ভূতহে লম্ভিছে। সেয়েহে ভূত খেদাইছে যুৱতীগৰাকীৰ দেহৰ পৰা। তথ্য-প্ৰযুক্তি আৰু বিজ্ঞানৰ জয় জয়কাৰ হৈ থকা সময়ত ভূত খেদেওৱা এই দৃশ্যই আপোনাৰ চকু কঁপালত তুলিব।ইতিমধ্যে কেবা লক্ষাধিক লোকে এই ভিডিঅ’টো প্ৰত্যক্ষ কৰিছে। কিন্তু অসমত এচামে এই ভিডিঅ’টোক লাভ জেহাদ আখ্যা দি সম্পূৰ্ণ অপপ্ৰচাৰেৰে যুৱতীগৰাকীক জোৰজবৰদস্তি ধৰ্মান্তৰ কৰা বুলি সেই ভিডিঅ’কো প্ৰচাৰ কৰিছে। চাওঁক সেই সম্পূৰ্ণ ভিডিঅ’টো-উক্ত বাংলাদেশী লিংকটোত ।

Check Also

খবৰদাৰ চক্ৰান্তৰ জালত ভৰি নথ’ৱ মিঞা সকল:

জহিৰুল ইছলাম;৭০০২০৬৪৯৮২ । আমি এটা বিষয় লক্ষ্য কৰিছোঁ, শেহতীয়াকৈ পৰিকল্পিত NRC ৰ আপত্তি বিষয়ক জটিলতাক …

Leave a Reply

Your email address will not be published. Required fields are marked *