Breaking News
Home / Local News / বিহুবৰত দিখৌ নদীত অবৈধ পলস খননক লৈ পথ অৱৰোধ : মহিলাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত:

বিহুবৰত দিখৌ নদীত অবৈধ পলস খননক লৈ পথ অৱৰোধ : মহিলাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত:

ফা’ষ্ট নিউজ অসম, নাজিৰা, ২২জানুৱাৰীঃ নাজিৰা মহকুমা অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰত দিখৌ নদীত শিলৰ পাছতেই এইবাৰ পুনৰ অবৈধ পলস খনন অব্যাহত । স্থানীয় শতাধিক মহিলাই অলপতে ৰাজপথত উঠি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিহুবৰ-শিমলুগুৰি পথ অৱৰোধ কায্যসূচী ৰূপায়ন কৰে । য’ত দিখৌ নদীৰ বুকুৰ পৰা শিল কঢ়িয়াই থকা ভালে সংখ্যক ডাম্পাৰ ৰাজপথতেই আৱদ্ধ হৈ পৰে । লগে লগে বিহুবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম তামাং নেতৃত্বৰ আৰক্ষীৰ এটা দল প্ৰতিবাস্থলীত উপস্থিত হয়হি । যদিও প্ৰতিবাদী মহিলা সকলক প্ৰতিহত কৰাত আৰক্ষী বিফল হোৱাৰ বিপৰীতে দিখৌ নদীত অবৈধ ভাৱে চলাই থকা পলস খননৰ বিৰুদ্ধে সৰৱ হৈ প্ৰতিবাদকাৰী সকলে, ৰাজ্য চৰকাৰ হায় হায়, বিহুবৰ বন বিভাগ মুৰ্দাবাদ, বিহুবৰ আৰক্ষী প্ৰশাসন মুৰ্দাবাদ, দিখৌৰ বুকুত পলস খনন বন্ধ কৰক, অসম চৰকাৰ হুঁচিয়াৰ ইত্যাদি শ্ল’গানেৰে মহিলা সকলে ৰাজপথ উত্তাল কৰি তুলে । প্ৰতিবাদী স্থানীয় মহিলা সকলৰ অভিযোগ, বিহুবৰ বন বিষয়া অজীত গগৈৰ লগত মাফিয়া চক্ৰৰে গুপন বুজাবুজি মাধ্যমেৰে পূৰ্বৰ তুলনাতকৈ বৰ্তমান দিখৌ নদীত অবৈধ শিল তথা অবৈধ পলস খননৰ মাত্ৰা বৃদ্ধি পাইছে । যাৰ বাবে নদী খনে প্ৰতি বছৰে বাৰিষা নিজৰ গতিবেগ সলনি কৰি তাণ্ডৱ ও স্থানীয় অঞ্চলটিত বসবাস কৰি থকা লোক সকলক যথেষ্ট ক্ষতি সাধন কৰে । সমূহ বিষয়ৰ ওপৰত শাসকীয় চৰকাৰ খনৰ নেতা, পালিনেতা, জাতীয় সংগঠনৰ নামত কলংকিত ছাত্ৰ নেতাই বিজেপি বিধায়ক, সাংসদৰ আৰ্শীবাদত এইদৰে অবৈধ পলস খনন চলোৱা বুলি মহিলা সকলে বিস্ফুৰক মন্তব্য ৰাখে । যথোপযুক্ত ভাৱে নাজিৰা মহকুমা আৰক্ষী বিষয়া আনন্দ টকবীৰ সহ নাজিৰা মহকুমা মহকুমাধীপতি ৰাজীৱ থাপাই দীৰ্ঘদিন ধৰি সমূহ বিষয়ৰ ওপৰত নীৰৱ দৰ্শকৰ ভূমিকা লৈ গৈছে ।

Check Also

বিশিষ্ট লেখক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীক জন্মদিনৰ ওলগ দেশ-বিদেশৰ গুণমুগ্ধৰ:

বিশিষ্ট লেখক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীক জন্মদিনৰ ওলগ দেশ-বিদেশৰ গুণমুগ্ধৰ: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক, প্ৰবন্ধকাৰ, কবি …

Leave a Reply

Your email address will not be published. Required fields are marked *